ইউচিচি বিজেপিৰ ইস্তাহাৰত আছে, ই এতিয়া আইন আয়োগৰ ওচৰত বিচাৰাধীন হৈ আছেঃ আইন মন্ত্ৰী

Story by  atv | Posted by  [email protected] • 3 d ago
আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল
আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল
 
নতুন দিল্লী

ইউনিফৰ্ম চিভিল কোড (ইউচিচি) কাৰ্যকৰী কৰাৰ চৰকাৰৰ উদ্দেশ্যৰ কথা প্ৰকাশ কৰি আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে মঙলবাৰে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ঘোষিত বিজেপিৰ ইস্তাহাৰত ইউচিচিয়ে স্থান লাভ কৰিছিল আৰু দলটোৱে এই কথা অনুভৱ কৰিয়ে ইয়াক ইস্তাহাৰত সন্নিবিষ্ট কৰিছিল যে এই প্ৰস্তাৱ কাৰ্যকৰী কৰিব পৰা যাব।
 
এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মেঘৱালে কয় যে গোৱাত ইউচিচি কাৰ্যকৰী হৈ আছিল আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে উত্তৰাখণ্ডে আইন প্ৰণয়ন কৰিছে। "ইউ চি চি বিজেপিৰ ইস্তাহাৰৰ এটা অংশ আছিল, তাত কোনো সন্দেহ নাই। আমি যেতিয়া সম্ভৱ বুলি ভাবো তেতিয়াহে ইস্তাহাৰত কথাবোৰ উল্লেখ কৰো। ৰাজ্যসমূহেও ইয়াৰ ওপৰত কাম কৰি আছে। ইতিমধ্যে গোৱাত ইয়াক কাৰ্যকৰী কৰা হৈছে আৰু উত্তৰাখণ্ডে আইনখন গৃহীত কৰিছে। বিষয়টো ভাৰতৰ আইন আয়োগৰ ওচৰত বিচাৰাধীন হৈ আছে, এই আইনক লৈ আন ৰাজ্যসমূহো আগ্ৰহী।"-কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।
 
চলিত বৰ্ষৰ আৰম্ভণিতে গঠন হোৱা ২৩ সংখ্যক আইন আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্সৰ ভিতৰত আছিল ইউনিফৰ্ম চিভিল কোড। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ আৰম্ভণিতে সংসদত কৈছিল যে চৰকাৰে “ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতা” প্ৰণয়নৰ বাবে নিজৰ শক্তি প্ৰয়োগ কৰিছে। ভাৰতৰ সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে অনুষ্ঠিত হোৱা এক বিতৰ্কত ভাষণ দি লোকসভাত তেওঁ এই মন্তব্য কৰে।
"এটা জ্বলন্ত বিষয় আছে, যিটো মই আলোচনা কৰিব বিচাৰিছো, আৰু সেয়া হ'ল ইউনিফৰ্ম চিভিল কোড! এই বিষয়টো সংবিধানসভাই উপেক্ষা কৰা নাছিল। সংবিধান সভাই ইউনিফৰ্ম চিভিল কোড সম্পৰ্কে দীঘলীয়া আৰু গভীৰ আলোচনাত মিলিত হৈছিল। তীব্ৰ বিতৰ্কৰ অন্তত তেওঁলোকে সিদ্ধান্ত লয় যে ভৱিষ্যতে যিখন চৰকাৰ নিৰ্বাচিত হয়, তেওঁলোকে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰি দেশত ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাটো ভাল হ’ব। এইটো সংবিধান সভাৰ নিৰ্দেশ আছিল, আৰু ড° বাবাছাহেব আম্বেদকাৰে নিজেও তেনেকৈয়ে কৈছিল। কিন্তু যিসকলে সংবিধান বা দেশ বুজি নাপায়, আৰু ক্ষমতাৰ ক্ষুধাৰ বাহিৰে একো পঢ়া নাই, তেওঁলোকে বাবাছাহেবে প্ৰকৃততে কি কৈছিল সেই বিষয়ে অজ্ঞাত। ড০ বাবাছাহেব আম্বেদকাৰে ধৰ্মীয় ভিত্তিত নিৰ্মিত ব্যক্তিগত আইন বিলুপ্ত কৰাৰ তীব্ৰ পোষকতা কৰিছিল।"- এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ।
 
"সেই যুগৰ বিতৰ্কৰ সময়ত সংবিধান সভাৰ বিশিষ্ট সদস্য কেএম মুনছিয়ে কৈছিল যে দেশৰ ঐক্য আৰু সংহতিৰ বাবে ইউনিফৰ্ম চিভিল কোড অপৰিহাৰ্য। উচ্চতম ন্যায়ালয়েও একাধিকবাৰ দেশত অতি সোনকালে এক ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাৰ প্ৰয়োজনীয়তা উল্লেখ কৰিছে আৰু আনকি চৰকাৰসমূহক ইয়াৰ দিশত কাম কৰিবলৈও নিৰ্দেশ দিছে। সংবিধানৰ মনোভাৱ আৰু সংবিধান প্ৰস্তুতকাৰীসকলৰ আৱেগক মনত ৰাখি আমি সম্পূৰ্ণ দায়বদ্ধ আৰু ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতা প্ৰতিষ্ঠা কৰাৰ দিশত সৰ্ব শক্তিৰে কাম কৰি আছো।"-প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।
 
উল্লেখ্য যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ইস্তাহাৰত ইউনিফৰ্ম চিভিল কোড প্ৰণয়নৰ কথা কৈছিল। সংবিধানৰ ৪৪ নং অনুচ্ছেদত একক নাগৰিক সংহিতা(UCC)ক ৰাষ্ট্ৰ নীতিৰ অন্যতম নিৰ্দেশনামূলক নীতি হিচাপে তালিকাভুক্ত কৰা হৈছে।