বৈচিত্ৰ্যতাৰ মাজত ঐক্য ! হিন্দু-শিখ ধৰ্মৰ লোকে ৪টা মুছলমান পৰিয়ালৰ বাবে নিৰ্মাণ কৰিলে মছজিদ

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
বৈচিত্ৰ্যতাৰ মাজত ঐক্য ভাৰতৰ প্ৰাচীন পৰম্পৰা। ভাৰতত সকলো জাতি-ধৰ্মৰ লোকে একতা, সংহতি আৰু সম্প্ৰীতিৰে বসবাস কৰি আহিছে। এনে এক উদাহৰণ দাঙি ধৰিছে পঞ্জাৱৰ বৰনালাবাসীয়ে। অঞ্চলটোৰ হিন্দু, শিখ আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকল একত্ৰিত হৈ মছজিদ আৰু মন্দিৰ পুনৰ নিৰ্মাণ কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক শক্তিশালী উদাহৰণ দাঙি ধৰিছে। 
 
শেহতীয়াকৈ গাঁওবাসীয়ে ধন একত্ৰিত কৰি স্বাধীনতাৰ পিছৰে পৰা অব্যৱহৃত হৈ থকা এটা মছজিদ পুনৰ নিৰ্মাণ কৰে আৰু এটা গুৰদ্বাৰাৰ কাষত থিয় হৈ থকা মছজিদটো কিছুদিন পূৰ্বে তেওঁলোকে আনন্দ-উল্লাসেৰে উদ্বোধন কৰে। 
 
হিন্দু-শিখ উভয়ে ধৰ্মৰ লোকে সামূহিকভাৱে মছজিদ নিৰ্মাণ কৰিছিল
 
কৃষক অমনদীপ সিঙে ২৫০ বৰ্গ গজ মাটি দান কৰি মুছলমান সমাজক মছজিদটোৰ বাবে অনুপ্ৰাণিত কৰে। গাঁওখনৰ প্ৰতিটো পৰিয়ালে পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াই ৪টা মুছলমান পৰিয়ালৰ বাবে মছজিদটো পুনৰ নিৰ্মাণ কৰি অনন্য মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। কোনোবা হিন্দু পৰিয়ালে যদি ভূমি দান কৰিছে, কোনোবা শিখ পৰিয়ালে ধন আগবঢ়াইছে। 
 
একেটা অঞ্চলতে অৱস্থিত মন্দিৰ, গুৰদ্বাৰা আৰু মছজিদটোৱে সকলো ধৰ্মৰ লোকৰ উমৈহতীয়া বিশ্বাস আৰু সম্প্ৰীতিৰ প্ৰতিফলন ঘটায়। স্থানীয় বাসিন্দা মনপ্ৰীত ভানোটে কয়, "আমি ইয়াত সকলোৱে লগত হৈ শিৱৰাত্ৰি, ঈদ আৰু গুৰুপুৰৱ উৎসৱ উদযাপন কৰো। মুছলমান আৰু শিখসকলেও হাত মিলাই হিন্দু মন্দিৰ নিৰ্মাণ কৰিছে, গাঁৱৰ ৰাজমিস্ত্ৰী নাজাম খানে ইয়াৰ নিৰ্মাণৰ বাবে ৫০ হাজাৰ টকা আগবঢ়াইছে। আমাৰ গাঁওখন শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতিমূৰ্তি।"
 
কুটবা বামানিয়া গাঁৱৰ নাছিৰ মছজিদ
 
এইদৰে পঞ্জাৱৰ বৰনালাৱাসীয়ে ভাৰতৰ একতা, সম্প্ৰীতি আৰু সংহতিৰ মূল্যবোধক মূৰ্ত কৰি তুলিছে, যিয়ে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতবৰ্ষক এক ধৰ্মনিৰপেক্ষ দেশ হিচাপে বিশ্বৰ বুকুত পৰিচয় দি আহিছে।