ৱাকফ ব’ৰ্ডে কৰ্ণাটকৰ ঐতিহাসিক বিদাৰ দুৰ্গৰ ভিতৰত থকা ১৭টা কীৰ্তিচিহ্নক নিজৰ সম্পত্তি হিচাপে চিনাক্ত কৰিছে

Story by  atv | Posted by  [email protected] • 1 Months ago
কৰ্ণাটকৰ ঐতিহাসিক বিদাৰ দুৰ্গ
কৰ্ণাটকৰ ঐতিহাসিক বিদাৰ দুৰ্গ
 
বাংগালুৰু

কৰ্ণাটক ব’ৰ্ড অৱ ৱাকফছে কৰ্ণাটকৰ ঐতিহাসিক বিদাৰ দুৰ্গৰ ভিতৰত থকা ১৭টা কীৰ্তিচিহ্নক নিজৰ সম্পত্তি হিচাপে চিনাক্ত কৰিছে বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। এই সম্পত্তিসমূহ জিলা সদৰ চহৰ বিদাৰত অৱস্থিত দুৰ্গৰ প্ৰধান ল্যাণ্ডমাৰ্কসমূহৰ ভিতৰত অন্যতম।
 
দুৰ্গৰ সংৰক্ষক ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ সংস্থা এই ঘটনাৰ বিষয়ে অজ্ঞাত বুলি প্ৰকাশ পাইছে। সূত্ৰসমূহে জানিবলৈ দিয়া মতে, বিদাৰ দুৰ্গ চৌহদত থকা ৬০টা সম্পত্তিৰ ভিতৰত ৱাকফ ব’ৰ্ডে ১৭টা সম্পত্তি নিজৰ বুলি ধৰা পেলাইছে।
 
ইয়াৰ ভিতৰত প্ৰখ্যাত ১৬-‘খাম্বা’ (ষোল্লটা স্তম্ভ) মছজিদ, আহমেদ শ্বাহ-চতুৰ্থ, আহমেদ শ্বাহৰ পত্নী, আল্লাউদ্দিন, হাছান খান, মহম্মদ শ্বাহ-তৃতীয়, নিজাম, চুলতান আহমেদ শ্বাহ ৱালি আৰু চুলতান মাহমুদ শ্বাহকে ধৰি বিভিন্ন বাহমনী শাসক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ ১৪টা সমাধিস্থল। ৱাকফ ব’ৰ্ডৰ এজন শীৰ্ষ বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত পিটিআইক জনোৱা মতে, এই সন্দৰ্ভত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ সংস্থা (এএছআই)ক জাননী প্ৰদান কৰা হোৱা নাই।
 
 
"কেইবা দশক ধৰি ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষক আৰু অভিভাৱক হিচাপে থকা এ এছ আইক ব'ৰ্ডে কেনেকৈ জাননী জাৰি কৰিব পাৰে?" তেওঁ অভিযোগ কৰে যে ৱাকফ ব’ৰ্ডৰ নামত বহু দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈ আছে, যিয়ে মুছলমান সমাজৰ ভাৱমূৰ্তি হ্ৰাস কৰিছে। 
 
বিতৰ্ক আৰম্ভ হোৱাৰ পৰাই তেওঁলোকে সকলো জাননী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল, কাৰণ মাটিত বহু সময় ধৰি বহি থকা লোকক উচ্ছেদ কৰাটো অন্যায় আৰু অবৈধ বুলিও বিষয়াগৰাকীয়ে লগতে কয়।
 
ইফালে, ৱাকফ (সংশোধনী) বিধেয়ক ২০২৪ৰ যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ জগদাম্বিকা পালে ৭ নৱেম্বৰ বৃহস্পতিবাৰে কৰ্ণাটকৰ হুব্বল্লী আৰু বিজয়পুৰা ভ্ৰমণ কৰি ৱাকফ ব’ৰ্ডৰ এই কাৰ্যত ক্ষতিগ্ৰস্ত হোৱা বুলি অভিযোগ উত্থাপন কৰা কৃষকৰ সৈতে মত বিনিময় কৰিব। বিজেপি সাংসদ তেজস্বী সূৰ্য্যই পালক বিজয়াপুৰা জিলাৰ কৃষকসকলক সাক্ষী হিচাপে নিমন্ত্ৰণ কৰি ৱাকফ ব’ৰ্ডৰ সৈতে তেওঁলোকৰ মাটিৰ বিবাদৰ বিষয়ে আলোচনা কৰিবলৈ অনুৰোধ জনোৱাৰ কিছুদিন পিছতে এই সঁহাৰি পোৱা গৈছে।
 
২৯ অক্টোবৰৰ এখন পত্ৰত তেজস্বী সূৰ্য্যই বিজয়াপুৰা জিলা আৰু ইয়াৰ কাষৰীয়া অন্যান্য অঞ্চলৰ কৃষকৰ এটা প্ৰতিনিধি দলৰ সৈতে শেহতীয়াকৈ হোৱা বৈঠকৰ ওপৰত আলোকপাত কৰি পালক কৰ্ণাটকৰ এই অঞ্চলসমূহ ভ্ৰমণ কৰি অভিযোগ গ্ৰহণ কৰিবলৈ আৰু ৱাকফ বৰ্ডৰ এই কাৰ্যত ক্ষুণ্ণ হোৱা কৃষকসকলৰ ৰাজহুৱা শুনানি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। 


শেহতীয়া খবৰ