মুকুট শৰ্মা / গুৱাহাটী
শতাব্দী প্ৰাচীন অসম সাহিত্য সভা অসমৰ জাতীয় জীৱনৰ অভিভাৱক স্বৰূপ। ভাষা-সংস্কৃতি, সাহিত্য আৰু জাতীয় মৰ্যাদা অক্ষুন্ন ৰক্ষাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ ভূমিকা আৰু অৰিহণা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। সাহিত্য সভাক লৈ প্ৰতিজন অসমীয়াৰে হৃদয়ত আছে এক সুকীয়া আৱেগ-অনুভূতি।
পদ্মনাথ গোহাঞিবৰুৱা আৰু শৰৎচন্দ্ৰ গোস্বামীৰ দৰে পুৰোধা ব্যক্তিয়ে ১৯১৭ চনত আৰম্ভ কৰি থৈ যোৱা অসমৰ জাতীয় জীৱন আৰু সমাজ জীৱনৰ এই সৰ্ববৃহৎ অনুষ্ঠানটোৱে ইতিমধ্যে ১০৮ বছৰত ভৰি দিছে। অসম সাহিত্য সভা কেৱল ভাষা-সংস্কৃতি আৰু সাহিত্যৰ আলোচনা হোৱা এক বৌদ্ধিক অনুষ্ঠান নহয়, ই সমাজক একতা আৰু সম্প্ৰীতিৰ দোলেৰে বান্ধে। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে হাতে-কামে লাগি প্ৰতি দুবছৰৰ মূৰে মূৰে অসম সাহিত্য সভাৰ অধিবেশন সাফল্যমণ্ডিত কৰিবলৈ হাত উজান দিয়ে।
বিজ্ঞান মেলাত মিছাইল মেন এ পি জে আব্দুল কালামৰ প্ৰতিমূৰ্তি
কোনোবাই যদি ধনেৰে সহায় কৰিছে, আন কোনোবাই অধিৱেশনৰ বাবে নিজৰ খেতিপথাৰখন এৰি দিছে, কোনোবাই আকৌ ঘৰৰ বাঁহ-খেৰ আদি দি হ'লেও জাতীয় অনুষ্ঠানটোলৈ পাৰ্যমানে অৰিহণা যোগাইছে। ব্যতিক্ৰম হোৱা নাই সাহিত্য সভাৰ পাঠশালা অধিৱেশনো। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে সমিলমিলেৰে মুকলি কৰি দিয়া প্ৰায় ১২০০ বিঘাৰ বিশাল ভূমিত ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ ৭৭সংখ্যক পাঠশালা অধিৱেশন।
সাহিত্য সভাৰ অধিৱেশন আয়োজন কৰিব পৰাটো যেন সকলোৰে বাবে আত্মসন্মান আৰু গৌৰৱৰ বিষয়। কাৰণ, সাহিত্য সভাই অসমীয়া জাতীয় জীৱনৰ দিশ নিৰ্ণয় কৰে। সাহিত্য সভাৰ সভাপতি আসনৰ পৰা পূৰ্বে অসমৰ বহু কেইজন প্ৰখ্যাত সাহিত্যিকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক তৰান্বিত কৰাৰ দিশত গভীৰ পৰ্যালোচনা আগবঢ়াইছিল।
জাতীয় সংগঠন হিচাপে অসম সাহিত্য সভাৰ সিদ্ধান্ত আৰু জাতীয় চেতনাবোধৰ ওপৰত আজিও বহু কথাই নিৰ্ভৰ কৰে। বিশেষকৈ অসমীয়া ভাষাই শেহতীয়াকৈ ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ কিছুদিন পিছতে আয়োজিত অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু উত্তৰণৰ ক্ষেত্ৰত নতুন দিশৰ উন্মোচন কৰিব বুলি আশা কৰিব পাৰি।
৮৭ ফুট উচ্চতাৰ জাপি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও অলপতে পাঠশালা সাহিত্য সভাৰ অধিৱেশনস্থলী পৰিদৰ্শন কৰি কৈছিল যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আয়োজিত সাহিত্য সভাৰ এই অধিৱেশনে যথেষ্ট গুৰুত্ব বহন কৰিছে। অধিৱেশনৰ সৰ্বতোপ্ৰকাৰৰ সাফল্য আন্তৰিকতাৰে কামনা কৰি তেওঁ কয় যে অসম সাহিত্য সভা বুলিলেই অসমবাসীৰ মনত এক স্বকীয় আৱেগ অন্তৰ্নিহিত হৈ আছে।
অসম সাহিত্য সভাৰ দৰে এক মহান অনুষ্ঠানে অসমীয়া ভাষা, সংস্কৃতি, কলা-কৃষ্টি আৰু পৰম্পৰাক লৈ পূৰ্বতে মানুহৰ মন-মগজু জোকাৰিব পৰাকৈ যিধৰণৰ জাতীয় চেতনা জাগ্ৰত কৰিছিল, সেয়া বৰ্তমান সময়ত হয়তো সম্ভৱ নহ'ব। তথাপি, অসম সাহিত্য সভাই পাঠশালা অধিৱেশনৰ পৰা নৱ-প্ৰজন্মৰ মাজত গ্ৰন্থৰ চৰ্চা আৰু অধ্যয়নৰ এক সুস্থ পৰিৱেশৰ সূচনা কৰিব পাৰে আৰু ভাষা, সংস্কৃতি, কলা-কৃষ্টিৰ সংযোগেৰে অসমৰ সমাজ জীৱনলৈ ঐক্য-সংহতি আৰু সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা কৰিব পাৰি।
আশা কৰো, শিক্ষা আৰু সাংস্কৃতিক নগৰী পাঠশালাত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত অসম সাহিত্য সভাৰ এই দ্বিবাৰ্ষিক অধিৱেশনত ইতিবাচক চিন্তা-চৰ্চা আৰু সংস্কাৰমূলক চিন্তা-চেতনাৰ প্ৰয়োভৰ ঘটিব আৰু অসমীয়া সমাজ জীৱনে নতুন আশা আৰু পোহৰৰ বাট দেখিব। লগতে পাঠশালা অধিৱেশনে অসম সাহিত্য সভাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক মৰ্যাদাপূৰ্ণ অনুষ্ঠান হিচাপে প্ৰতিষ্ঠিত কৰাৰ পথ মুকলি কৰিব বুলি অসমৰ সাহিত্যপ্ৰেমী ৰাইজ গভীৰভাৱে আশাবাদী।
পাঠশালা অধিবেশনৰ গ্ৰন্থমেলাৰ প্ৰৱেশ পথ
অসম সাহিত্য সভাৰ ৭৭সংখ্যক পাঠশালা অধিবেশনৰ আদৰণি সমিতিয়ে প্ৰথমবাৰৰ বাবে বিজ্ঞান প্ৰদৰ্শনী, জনজাতীয় গাওঁ স্থাপন, পৰম্পৰাগত লোকসংস্কৃতি, লোকনৃত্যৰ প্ৰসাৰ, বাটৰ কবিতা, প্ৰাকৃতিক পৰিৱেশত কবিতা পাঠ, নাম-প্ৰসংগ, নাট প্ৰদৰ্শন আদিৰ দৰে আকৰ্ষণীয় অনুষ্ঠান আয়োজনেৰে ইতিমধ্যে ইতিবাচক আৰু সংস্কাৰমূলক প্ৰচেষ্টা হাতত লৈছে।
সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশনক এখন অন্যতম আৰু ব্যতিক্ৰমী অধিৱেশন কৰি তুলিবলৈ চেষ্টাৰ কোনো যেন ক্ৰুটি কৰা নাই আদৰণি সমিতিয়ে গঠন কৰি দিয়া মুঠ ৫৬ খন উপ-সমিতিয়ে৷ এই অধিৱেশনক স্মৰণীয় আৰু ঐতিহাসিক কৰি তুলিবলৈ সমগ্ৰ বজালীবাসীয়ে অতি আন্তৰিকতাৰে অধিৱেশনস্থলীক ব্যতিক্ৰমী ৰূপত সজাই-পৰাই তুলিছে।
উল্লেখ্য যে, নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ তথা নাট্য নগৰী পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত ইয়াৰ পূৰ্বেও ১৯৮৭ চনত অসম সাহিত্য সভাৰ ৫২ সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছিল৷ সুদীৰ্ঘ ৩৮ বছৰৰ পিছত তাকো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ সময়ত অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনক লৈ উথপ-থপ হৈ পৰিছে সমগ্ৰ বজালী৷
সাহিত্য সভাৰ বাকৰিত নিভাজ অসমীয়া গাওঁৰ আভাষ
কিয়নো বিভিন্ন সময়ত বিতৰ্কৰ আৱৰ্তত সোমাই পৰা অসম সাহিত্য সভাক এইবাৰ বজালীবাসীয়ে ইতিবাচক চিন্তা আৰু সংস্কাৰমূলক পদক্ষেপেৰে নতুন পৰিচয় দিব বিচাৰিছে৷ সুদীৰ্ঘ বিতৰ্কৰ অৱসান পেলাই এইবাৰ সাহিত্য সভাৰ অধিৱেশনত দেখিবলৈ পোৱা যাব কিছু ব্যতিক্ৰমী দৃশ্য৷ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত নাথাকিব সাধাৰণতে দেখিবলৈ পোৱা বাণিজ্য মেলা৷
বাণিজ্য মেলাৰ পৰিৱৰ্তে প্ৰথমবাৰলৈ সাহিত্য সভাৰ অধিৱেশনত থাকিব বিজ্ঞান মেলা৷ তদুপৰি "ভোকেল ফ'ৰ লোকেল"ৰ আদৰ্শ অনুকৰণ কৰি অধিৱেশনত থাকিব বজালী হাট, য'ত বিক্ৰীৰ বাবে ৰখা হ’ব থলুৱাভাৱে প্ৰস্তুত কৰা বিভিন্ন সা-সামগ্ৰী তথা খাদ্য সম্ভাৰ৷ ইয়াৰোপৰি একেলগে দহ হেজাৰ লোকে খাব পৰাকৈ সাজু কৰি থকা হৈছে সুবিশাল ভোজন কক্ষ। গ্ৰন্থ মেলা, বিজ্ঞান মেলা, বজালী হাটৰ উপৰি অধিৱেশনস্থলীত উজলি উঠিব বজালীৰ চহকী কৃষ্টি-কৃষ্টি৷
উল্লেখ্য যে, আদৰণি সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাহিত্য সভাৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলা আয়োজনৰ অভিনৱ পৰিকল্পনা কৰিছে। এই সন্দৰ্ভত তেওঁ কয়, “সাহিত্য সভাৰ বাকৰিক মই মেলামুখী কৰাটো পচন্দ নকৰো। ইয়াৰ পূৰ্বে বৰপেটা গ্ৰন্থমেলাতো মই বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা আয়োজন কৰিছিলো। সেই ধাৰণাটো ইয়াতো প্ৰয়োগ কৰিছো। অসমৰ ইতিহাসত হয়তো কেতিয়াও ইমান বৃহৎ পৰিসৰত বিজ্ঞান মেলা অনুষ্ঠিত হোৱা নাই। পাঠশালা সাহিত্য সভাৰ অধিৱেশনে সাহিত্যৰ সৈতে বিজ্ঞানক সংযোগ কৰি অসমবাসীক এক নতুন চিন্তা-চেতনাৰ বাৰ্তা দিব বিচাৰিছে। ইয়াৰ পূৰ্বে ১৯৮৭ চনত পাঠশালাত অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল। গতিকে, এইবাৰো বজালীবাসীয়ে অসম সাহিত্য সভাক এটা নতুন ধাৰণা দিবলৈ সক্ষম হ’ব।”
গাঁৱলীয়া জীৱনৰ অবিচ্ছেদ্য অংগ জাকৈ আৰু চালনি
ইফালে, শ্বহীদ তৰ্পণস্থলীত অসম আন্দোলনৰ ৮ গৰাকী শ্বহীদ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বজালীৰ বীৰ শ্বহীদ মদন বৰ্মন আৰু ৰাউতা কোচৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰি উদযাপন সমিতিয়ে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। ইয়াৰ উপৰিও বজালীৰ গৌৰৱ কামেশ্বৰ দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ প্ৰতিমূৰ্তিও সংস্থাপন কৰা হৈছে৷
জনগোষ্ঠীয় উপ সমিতিয়ে বিভিন্ন আকৃতিৰ বাসগৃহৰে প্ৰস্তুত কৰা জনজাতীয় গাওঁখন সাহিত্য সভা অধিৱেশনৰ আন এক আকৰ্ষণ হ’ব। ৰাজ্যৰ সাহিত্যপ্ৰেমী ৰাইজক আদৰিবলৈ অধিৱেশনৰ প্ৰদৰ্শনী উপ-সমিতিয়ে প্ৰস্তুত কৰা ৮৭ ফুট উচ্চতাৰ সুবৃহৎ জাপিটোৱে অসমীয়া সংস্কৃতিৰ চানেকী দাঙি ধৰিব।