আৱাজ দ্য ভইচ / শ্ৰীনগৰ
কাশ্মীৰ উপত্যকাত এতিয়া প্ৰকৃতিয়ে বৰফৰ দলিচা পাৰিছে। প্ৰচণ্ড বৰফে উপত্যকাটোৰ স্বাভাৱিক জীৱন-যাত্ৰা বিঘ্নিত কৰিছে, যদিও ইয়াৰ মাজতে কাশ্মীৰীসকলৰ পৰম্পৰাগত আতিথ্য, উদাৰতা আৰু মানৱতাৰ নিদৰ্শনে অজস্ৰজনৰ হৃদয় জয় কৰিছে। শ্ৰীনগৰ-সোনামাৰ্গ ঘাইপথৰ গুণ্ড অঞ্চলৰ স্থানীয় বাসিন্দাসকলে তুষাৰপাতত আবদ্ধ হৈ থকা পৰ্যটকসকলৰ বাবে নিজৰ ঘৰ আৰু মছজিদৰ দুৱাৰ মুকলি কৰি দিছে। তেওঁলোকৰ এই উদাৰতাই বহুতো পৰ্যটকৰ জীৱন ৰক্ষা কৰাই নহয়, কাশ্মীৰৰ সংস্কৃতি আৰু মানৱীয় মূল্যবোধৰো আভাস দিছে।
কোৱা হৈছে যে শুকুৰবাৰে সোণামাৰ্গৰ পৰা উভতি অহাৰ সময়ত পঞ্জাৱৰ পৰা প্ৰায় এক ডজন পৰ্যটক তুষাৰপাতৰ বাবে আবদ্ধ হৈ পৰে। পিছল ৰাস্তাত তেওঁলোকৰ বাহন চলাচল কৰিব নোৱাৰা হৈ পৰে, আৰু ওচৰতে হোটেল উপলব্ধ নোহোৱাত পৰ্যটকৰ দলটো বিপদত পৰা। তেনে পৰিস্থিতিত স্থানীয় লোকে পৰ্যটকসকলৰ আশ্ৰয়ৰ বাবে গুণ্ডৰ জামিয়া মছজিদৰ দুৱাৰ খুলি দিলে।
উল্লেখ্য যে, ২০২৪ চনৰ অক্টোবৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই ৫জন বিদেশী আৰু এজন স্থানীয় নাগৰিককে ধৰি ছয়জন লোকক হত্যা কৰা গগনগীৰৰ পৰা দহ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মছজিদটো। মছজিদৰ পৰিচালনা সমিতিৰ সদস্য বছিৰ আহমেদে কয়, "মছজিদটোত হামাম (হিটিং চিষ্টেম)ৰ সুবিধা আছে, যাৰ বাবে ই গোটেই নিশা গৰম হৈ থাকে। আৱদ্ধ পৰ্যটকসকলক ৰখাৰ বাবে এইটোৱেই আছিল সৰ্বোত্তম সমাধান।"
বৰফ আৰু তুষাৰপাতৰ পৰা পৰিত্ৰাণ বিচাৰি নিশা মছজিদৰ ভিতৰত একাংশ পৰ্যটক
জামিয়া মছজিদৰ উপৰিও স্থানীয় লোকে মহিলা আৰু শিশুসকলক ঘৰত ৰখাৰো ব্যৱস্থা কৰিছে। নাগৰিক সমাজৰ তহচিল গুণ্ডৰ সভাপতি ইৰফান ৰাইনাই কয় যে গুণ্ড আৰু ইয়াৰ আশে-পাশে থকা গাঁৱত প্ৰায় ১০০০ পৰ্যটকক আশ্ৰয় দিয়া হৈছে। তেওঁ কয়, "মহিলা আৰু শিশুসকলক ঘৰত ৰখা হৈছে, আনহাতে পুৰুষৰ বাবে মছজিদত থকাৰ ব্যৱস্থা কৰা হৈছে। সকলোকে খাদ্য আৰু গৰম পানীৰ সুবিধা আগবঢ়োৱা হৈছে।"
মছজিদ আৰু ঘৰত নিশা কটোৱা পৰ্যটকসকলে স্থানীয় বাসিন্দাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। এজন পৰ্যটকে কয়, "আমি বৰফ আৰু তুষাৰপাতৰ মাজত আবদ্ধ হৈ আছিলো। তেনে সময়ত স্থানীয় ৰাইজে আমাক সহায় কৰে। তেওঁলোকৰ সহযোগিতা আৰু সদয়তাৰ বাবে আমি অতিশয় কৃতজ্ঞ। আন এজন পৰ্যটকে কয়, "কাশ্মীৰৰ সকলো লোক দয়ালু। ইয়ালৈ অহাটো নিৰাপদ। আমি সকলোৱে কাশ্মীৰীসকলৰ এই উষ্ম আতিথ্যৰ অভিজ্ঞতা লাভ কৰা উচিত।"
হুৰিয়ত সন্মিলনৰ অধ্যক্ষ মিৰৱাইজ উমৰ ফাৰুকে এই মানৱীয় পদক্ষেপক প্ৰশংসা কৰি কয় যে, “প্ৰচণ্ড বৰফৰ মাজত আবদ্ধ হৈ থকা পৰ্যটকৰ বাবে কাশ্মীৰীসকলে নিজৰ মছজিদ আৰু ঘৰ মুকলি কৰাটোৱে আমাৰ সমাজৰ যুগ যুগ ধৰি চলি অহা পৰম্পৰা আৰু আন্তৰিকতাক প্ৰতিফলিত কৰিছে।”
উল্লেখ্য যে, শুকুৰবাৰৰ পৰা শ্ৰীনগৰৰ লগতে অন্যান্য অঞ্চলত আৰম্ভ হোৱা বৰফৰ ফলত উপত্যকাটোৰ বহু অঞ্চলৰ জীৱন-যাত্ৰা ব্যাহত কৰিছে। শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে। শ্ৰীনগৰ বিমানবন্দৰৰ পৰা সকলো বিমান বাতিল কৰা হৈছে। বৰফ পৰাৰ বাবে যান-বাহনৰ চলাচল কঠিন হৈ পৰিছে, যাৰ বাবে বহু লোক আবদ্ধ হৈ পৰিছে। কাশ্মীৰৰ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক মুখতাৰ আহমেদে এই তুষাৰপাতক অভাৱনীয় বুলি অভিহিত কৰে।
এনে জটিল সময়ত কাশ্মীৰীসকলে দেখুওৱা এই মানৱীয় আৰু সহানুভূতিশীল আচৰণে উপত্যকাৰ প্ৰতি থকা আস্থা আৰু অধিক শক্তিশালী কৰি তুলিছে। এই ঘটনাই প্ৰমাণ কৰিছে যে কঠিন পৰিস্থিতিতো কাশ্মীৰ লোকৰ আতিথ্য আৰু মানৱীয়তা জীয়াই আছে। এই ঘটনাই তুষাৰপাতত আৱদ্ধ হৈ থকা পৰ্যটকসকলৰ বাবে এক স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰে আৰু কাশ্মীৰৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীও ইতিবাচক কৰি তুলিছে।
পিডিপিৰ নেতা ইলটিজা মুফতি আৰু খুৰ্ছিদ আলমে কয় যে এইটো প্ৰথম ঘটনা নহয়। শীতকালত পৰ্যটকসকল প্ৰায়ে বৰফৰ মাজত আবদ্ধ হৈ পৰে আৰু স্থানীয় লোকে তেওঁলোকক সেৱা আগবঢ়ায়।