বিহাৰৰ শ্বেৰশ্বাহবাদী মুছলমান পৰিয়ালৰ অধিকাংশ ছোৱালী কিয় অবিবাহিত হৈ থাকে?

Story by  atv | Posted by  Munni Begum • 6 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
অভিষেক কুমাৰ সিং / পাটনা / বাৰাণসী
 
বিহাৰৰ শ্বেৰশ্বাহবাদী মুছলমান পৰিয়ালৰ এনেকুৱা এক উদ্ভুত পৰম্পৰা আছে যে তেওঁলোকৰ সম্প্ৰদায়ৰ বেছিভাগ ছোৱালীয়ে গোটেই জীৱন কুমাৰী হৈ থাকে আৰু পৰিয়ালবোৰে নিজৰ কন্যাৰ বাবে উপযুক্ত দৰা বিচাৰিব নোৱাৰে। বিহাৰৰ সুপৌল জিলাৰ কোচগামা ব্লকৰ এই মুছলমান জনগোষ্ঠীটোৱে সমাজত ছোৱালীজনীৰ বাবে কোনো দৰা বিচাৰিব নোৱাৰে আৰু কাকো এই বিষয়ে ক’বও নোৱাৰে। 
 
যদি তেওঁলোকে দৰা বিচাৰে, তেন্তে বুজা যায় যে ছোৱালীজনীৰ কিবা এটা নিশ্চয় দোষ আছে, যাৰ বাবে তেওঁৰ পৰিয়ালে নিজেই ল’ৰা বিচাৰিব লগা হৈছে। তেতিয়া ছোৱালীজনীৰ বিয়া আৰু কঠিন হৈ পৰে। এই সম্প্ৰদায়ত সাধাৰণতে ছোৱালীৰ বিয়া ১৫ৰ পৰা ২০ বছৰ বয়সৰ ভিতৰত হয়। যদি তেওঁলোকে ২৫ বছৰ বয়স অতিক্ৰম কৰে তেন্তে তেওঁলোকক ‘বুঢ়া’ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত তেওঁলোকৰ বিয়া হোৱাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰে।
 
কেইগৰাকীমান বিহাৰৰ শ্বেৰশ্বাহবাদী মুছলমান যুৱতীি
 
ছোৱালীজনীৰ পৰিয়ালে তেওঁলোকৰ ঘৰলৈ কোনোবা ল'ৰা ফালৰ পৰা সম্পৰ্ক লৈ অহালৈহে অপেক্ষা কৰিব লাগে। সেয়ে যি ছোৱালীৰ কাৰণে সম্পৰ্ক আহে, তেওঁলোক বিয়াত বহে আৰু যি ছোৱালীৰ বাবে নিজে সম্পৰ্ক নাহে, তেওঁলোকে গোটেই জীৱন সম্পৰ্কৰ বাবে অপেক্ষা কৰি থাকে। শ্বেৰশ্বাহবাদী মুছলমান সম্প্ৰদায়ৰ পৰম্পৰা এনেকুৱা যে প্ৰতি দহজনী ছোৱালীৰ ভিতৰত প্ৰায় দুগৰাকী ছোৱালী গোটেই জীৱন অবিবাহিত হৈ থাকে।
 
বিহাৰৰ সুপৌল জিলাৰ নেপাল সীমান্তৰ পৰা মাত্ৰ দহ কিলোমিটাৰ দূৰত্বত থকা কোচগামা পঞ্চায়তত আজিও এই অদ্ভুত পৰম্পৰা আছে। মুছলমান প্ৰধান এই অঞ্চলত অধিকাংশ মুছলমান শ্বেৰশ্বাহবাদী সম্প্ৰদায়ৰ। এই পঞ্চায়তৰ সমান্তৰালকৈ সীমাঞ্চল আৰু নেপালৰ আন বহু জিলাতো এনে সম্প্ৰদায়ৰ লোক বাস কৰে।
 
স্থানীয় সমাজকৰ্মী আবু হিলালে কয়, “যৌতুকৰ প্ৰলোভনত মানুহ পৰিবলৈ আৰম্ভ কৰাৰ পৰাই মহিলাসকল অবিবাহিত হৈ থকাৰ এই সমস্যাটো আৰু অধিক শক্তিশালী হৈ আহিছে। এতিয়া কেৱল সেইসকল ছোৱালীয়েহে সহজে বিয়া হয়, যিসকল হয় ধুনীয়া হয়, নহয়টো যৌতুক দিবলৈ টকা আছে।”
 
বিহাৰৰ শ্বেৰশ্বাহবাদী মুছলমান যুৱতী
 
আবু হিলালে পুনৰ কয়, “যি ছোৱালীৰ উচ্চতা কম আৰু গাৰ ৰং বগা নহয় বা দেখিবলৈ ভাল নহয়, তেওঁলোকৰ বাবে বিয়া হোৱাটো কঠিন হৈ পৰে। অবিবাহিত হৈ থকা ছোৱালীবোৰে আনকি পৰিয়ালৰ সম্পত্তিও দাবী কৰিব নোৱাৰে। এনে পৰিস্থিতিত সেই ছোৱালীকেইজনীক সদায় ভায়েকৰ ওপৰত বোজা বুলি গণ্য কৰা হয় আৰু ভায়েকৰ দয়াত ডাঙৰ-দীঘল হোৱা বুলি বিশ্বাস কৰা হয়। ভায়েকে তেওঁলোকক একেলগে ৰাখি উপকাৰ কৰি আছে বুলি ভবা হয়। এই মহিলাসকলৰ অধিকাংশই অপুষ্টি আৰু ৰক্তহীনতাত ভুগিছে, ​​কাৰণ তেওঁলোকৰ বাবে দিনটোত দুবাৰকৈ আহাৰ গ্ৰহণ কৰাটো অতি কঠিন হৈ পৰে। মানুহে কেৱল ৰমজানত কৰা দান-বৰঙণিৰে তেওঁলোকে পেট ভৰাই থাকে।"

শ্বেৰশ্বহাবাদী মুছলমানৰ পৰিচয়ঃ
 
বিবিচি হিন্দীত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিহাৰত বসবাস কৰা শ্বেৰশ্বাহবাদী জনসংখ্যা অতি পিছপৰা শ্ৰেণীৰ অন্তৰ্গত। বিহাৰৰ সুপৌল, পূৰ্ণিয়া, কাটিহাৰ, কিষানগঞ্জ আৰু আৰৰিয়া জিলাত বৃহৎ সংখ্যক লোক উপস্থিত থাকে। তেওঁলোকৰ মাজত এটা পৰম্পৰা আছে যে ছোৱালীৰ বিয়াৰ বাবে মধ্যস্থতাকাৰী কেৱল ল’ৰাৰ ফালৰ পৰা যায়। এই পৰম্পৰা ইমানেই প্ৰবলভাৱে পালন কৰা হয় যে যদি ছোৱালী এজনীৰ বাবে বিবাহৰ খবৰ নাহে, তেন্তে তেওঁ অবিবাহিত হৈয়েই থাকে।
 
এই কাৰণেই যে বিহাৰত য'তেই শ্বেৰশ্বাহবাদী আছে, তাতেই একেধৰণৰ অবিবাহিত মহিলা বা ছোৱালী পোৱা যাব। এই প্ৰতিবেদনত শ্বেৰশ্বাহবাদী মুছলমান প্ৰধান কোচগামা পঞ্চায়তৰ মূৰব্বী নুৰুল হুদাই কয়, “আমি কেইবছৰমান আগতে এনে অবিবাহিত মহিলাৰ তালিকা এখন বনাইছিলোঁ। তেতিয়া তেওঁলোকৰ সংখ্যা আছিল ২৫০, এতিয়া নিশ্চয় আৰু বৃদ্ধি পাইছে। এতিয়া কথাটো হ’ল যেতিয়া এই সংখ্যা এটা মাত্ৰ পঞ্চায়তত ইমান ডাঙৰ হ’ব, তেতিয়া এই সংখ্যা নিশ্চিতভাৱে ভাৰত আৰু নেপালৰ বহু জিলাত হাজাৰ হাজাৰ হ’ব।"
 
বিহাৰৰ শ্বেৰশ্বাহবাদী মুছলমান পৰিয়ালৰ দুগৰাকী যুৱতী
 
হিন্দী কাকত দৈনিক ভাস্কৰত প্ৰকাশিত এক প্ৰতিবেদনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আৰু দুবাৰকৈ কোচগামা পঞ্চায়তৰ মুৰব্বী হোৱা শ্বাহ জামাল ওৰফে লাল মুখীয়াৰ উদ্ধৃতিৰে কোৱা হৈছে যে  এই সমস্যা সমাধান কৰিবলৈ কেইবছৰমান পূৰ্বে সমগ্ৰ সমাজে এখন সভা আয়োজন কৰিছিল।
 
ভাৰত আৰু নেপালৰ বিভিন্ন অঞ্চলত বসবাস কৰা শ্বেৰশ্বাহবাদী সম্প্ৰদায়ৰ লোকসকলে এই সভাত অংশগ্ৰহণ কৰি সিদ্ধান্ত লৈছিল যে এতিয়া ছোৱালীজনীৰ পৰিয়ালেও সম্পৰ্ক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰক বা এই ক্ষেত্ৰত উদ্যোগ ল’ব লাগে। এই পদক্ষেপে পৰৱৰ্তী সময়ত বহুত প্ৰভাৱ পেলাইছিল।
 
এতিয়া বিয়া নোহোৱা ছোৱালীৰ সংখ্যা কমি আহিছে। এতিয়া ছোৱালীবোৰেও ল’ৰাক ভাল পায় আৰু আনন্দ-উল্লাসেৰে সিহঁতৰ বিয়া হয়। দ্য হাংগাৰ প্ৰজেক্টত কাম কৰা শ্বাহিনা পাৰবীনে বহুবাৰ এই মহিলাসকলৰ হৈ মাত মাতি আহিছে। পাৰবীনৰ মতে এই সমস্যাৰ পৰা ওলাই আহিবলৈ ল’বলগীয়া এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল ছোৱালীক শিক্ষিত আৰু স্বাৱলম্বী কৰা। তেওঁ কয়, 'এই ছোৱালীবোৰে যদি ওলাই আহি ভালকৈ পঢ়ে আৰু কাম কৰিবলৈ আৰম্ভ কৰে, তেন্তে এই সমস্যাৰ পৰা নিশ্চয় মুক্তি পাব।'

শ্বেৰশ্বাহ ছুৰিৰ সৈতে সম্পৰ্ক থকাৰ দাবীঃ
 
বিবিচি হিন্দীৰ তথ্য অনুসৰি সাধাৰণ বাংলা (উৰ্দু আৰু বাংলা মিশ্ৰণ) কোৱা শ্বেৰশ্বাহবাদীসকলে সম্ৰাট শ্বেৰশ্বাহ ছুৰীৰ সৈতে জড়িত হৈ থাকে। এই লোকসকলে দাবী কৰে যে তেওঁলোকে শ্বেৰ শ্বাহৰ সেনাবাহিনীত সৈনিক হিচাপে যোগদান কৰিছিল। শ্বেৰ শ্বাহ চুৰি বংশৰ প্ৰতিষ্ঠাপক আছিল আৰু মোগল সম্ৰাট হুমায়ুনক পৰাস্ত কৰি নিজৰ চুলতান ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। 
 
বিহাৰৰ শ্বেৰশ্বাহবাদী মুছলমান পৰিয়ালৰ এক ছবি
 
সদৌ বিহাৰ শ্বেৰশ্বাহাবাদী এছ’চিয়েশ্যনৰ সভাপতি ছায়েদুৰ ৰহমান ৰহমানে কয়, “এই লোকসকলক শ্বেৰ শ্বাহে সংস্থাপন কৰিছিল। অতি শক্তিশালী, কঠোৰ পৰিশ্ৰমী আৰু নদীৰ পাৰত বাস কৰা এই লোকসকলে বিহাৰৰ বাহিৰেও বংগ, ঝাৰখণ্ড আৰু নেপালৰ সীমান্তত বাস কৰে। বিহাৰত তেওঁলোকৰ জনসংখ্যা প্ৰায় ৪০ লাখ আৰু সীমাঞ্চলৰ ২০খন বিধানসভাৰ আসনত তেওঁলোক গেম চেঞ্জাৰ। বিহাৰৰ এই লোকসকল শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে অতি পিছপৰা।"

টকা আৰু শিক্ষাতকৈ ছোৱালীৰ ৰং বেছি গুৰুত্বপূৰ্ণঃ

অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে পিছপৰা এই সম্প্ৰদায়ৰ মহিলাসকলে বেছিভাগেই পঞ্চম শ্ৰেণীলৈকেহে অধ্যয়ন কৰে। মহিলাৰ ঘৰৰ পৰা ওলাই যোৱাৰ স্বাধীনতা নাই আৰু পুৰুষসকল চুৰাট, জয়পুৰ, কলকাতাৰ দৰে ডাঙৰ চহৰলৈ শ্ৰমিক বা দৰ্জীৰ কাম কৰিবলৈ যায়। বিবাহৰ বাবে বাৰ্তাৰ বাহিৰেও এই সমাজত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ছোৱালীজনীৰ শাৰীৰিক ৰং। 
 
আপোনালোকক কওঁ যে শ্বেৰশ্বাহবাদী হৈছে ভাৰতৰ পশ্চিম বংগ, বিহাৰ আৰু ঝাৰখণ্ড ৰাজ্যত পোৱা এটা বঙালী মুছলমান সম্প্ৰদায়। তেওঁলোক শ্বেইখ সম্প্ৰদায়ৰ অন্তৰ্গত। পশ্চিমবংগ আৰু বিহাৰৰ শ্বেইখসকলৰো ই এক উল্লেখযোগ্য অংশ। সম্প্ৰদায়টোৱে ব্যৱহাৰ কৰা সাধাৰণ উপাধিসমূহ হ’ল শ্বেইখ, হক, ইছলাম, মণ্ডল আদি। ইয়াৰে অধিকাংশই আহলে হাদীছ আন্দোলনৰ অন্তৰ্গত চুন্নী মুছলমান। এই লোকসকল মূলতঃ গংগা নদীৰ উত্তৰ পাৰৰ বিহাৰৰ কাটিহাৰ জিলাৰ পৰা দক্ষিণ পাৰৰ ঝাৰখণ্ডৰ সাহিবগঞ্জ জিলালৈকে বাস কৰে। আৰু দক্ষিণ উপকূলত পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলা আৰু উত্তৰ উপকূলত পশ্চিম বংগৰ মালদা জিলাৰ পৰা বিস্তৃত নিম্নভূমিত বাস কৰে।