ভক্তি চালক
মুম্বাইৰ ‘মাহিম দৰগাহ’ নামেৰে বিখ্যাত মাখদুম ফকিহ আলী মাহিমৰ দৰগাহৰ ৬১১সংখ্যক উৰুছ শেহতীয়াকৈ সফলতাৰে সম্পন্ন হৈ যায়। এই দহদিনীয়া দৰগাহৰ উৰুছ বহু বছৰ ধৰি চলি থকা এক পৰম্পৰাত পৰিণত হৈছে। উৰুছৰ সময়ত মাহিমৰ সমুদ্ৰ তীৰত এখন ডাঙৰ মেলা অনুষ্ঠিত হয় আৰু ইয়াত আনন্দ-উল্লাসৰ পৰিৱেশ সৃষ্টি হয়। লগতে ইয়াৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল মুম্বাই আৰক্ষীয়ে এই দৰগাহত উৰুছৰ প্ৰথম চাদৰ আগবঢ়ায়।
মাহিম দৰগাহৰ এই উৰুছ ব্ৰিটিছ যুগৰ পৰাই চৰকাৰী গেজেটত লিপিবদ্ধ হোৱা এক উল্লেখ্যযোগ্য উৎসৱ। বিগত কেইবাবছৰ ধৰি মুম্বাই আৰক্ষীয়ে প্ৰথমে মাহিম দৰগাহত চাদৰ আগবঢ়োৱাৰ গৌৰৱ অৰ্জন কৰিছে। এই পৰম্পৰাক লৈ বহুতো কাহিনী কোৱা হয়।
প্ৰবাদ আছে যে, সম্প্ৰতি মাহিম আৰক্ষী থানাখন যি স্থানত অৱস্থিত, সেই স্থানত পীৰ মাখদুম শ্বাহ বাবাৰ সভা অনুষ্ঠিত হৈছিল। ১৯২৩ চনত তাত মাহিম থানা স্থাপিত হয়। সেয়ে প্ৰতি বছৰে মুম্বাই আৰক্ষীয়ে মাহিম থানাৰ পৰা বাবাৰ চাদৰ লৈ সমগ্ৰ মাহিমত শোভাযাত্ৰা উলিয়ায়। ইয়াৰ পিছত চাদৰখন আৰক্ষীয়ে দৰগাহত অৰ্পণ কৰে। এই উপলক্ষে মুম্বাই আৰক্ষীৰ বেণ্ডেও যোগদান কৰি বিশেষ চেলুট দিয়ে।
উৰুছৰ সময়ত আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে মাহিম দৰগাহ
আন এক প্ৰবাদ মতে, বাবা মাখদুম শ্বাহ আৰক্ষীৰ অতি ঘনিষ্ঠ আছিল। প্ৰায়ে অপৰাধী ধৰাত আৰক্ষীক তেওঁ সহায় কৰিছিল। বাবাৰ জীৱনৰ শেষ মুহূৰ্তত এজন আৰক্ষীয়ে তেওঁক পানী খাবলৈ দিয়া বুলিও একাংশই কোৱা শুনা যায়।
বহুতে লগতে কয় যে মুম্বাইত ধৰ্মীয় সংঘৰ্ষ হোৱাৰ পিছত তেতিয়াৰ আৰক্ষী আয়ুক্তজন ইয়ালৈ আহি একতা-সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা কৰিছিল আৰু কেইঘণ্টামানৰ ভিতৰতে সংঘৰ্ষ শান্ত হৈছিল। বিভিন্ন ধৰণৰ এনে কাহিনী শুনা যায় যদিও হিন্দু-মুছলমান ভক্তসকলে সমন্বয়ৰ মনোভাৱেৰে এই ঠাই ভ্ৰমণ কৰিবলৈ আহে। এইবাৰ এই উৰুছ ১০ৰ পৰা ২৫ ডিচেম্বৰলৈ অতি আড়ম্বৰেৰে উদযাপন কৰা হয়।
উল্লেখ্য যে, এই ১০ দিনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৫০০ চাদৰ দৰগাহলৈ আহে। লগতে লাখ লাখ ভক্তই বাবাৰ দৰ্শন কৰিবলৈ দৰগাহত উপস্থিত হয়। কোৱা হয় যে পোন্ধৰ শতিকাত গুজৰাটৰ চুলতান মাহমুদ শ্বাহৰ ৰাজত্বকালত মাহিম দৰগাহ নিৰ্মাণ কৰা হৈছিল। চুফী সন্ত মাখদুম ফকিহ আলী মাহিমী চুলতান মাহমুদ শ্বাহৰ দিনত মুম্বাইলৈ আহিছিল। কোৱা হয় যে তাত তেওঁ বহু আচৰিত কাম কৰিছিল, তাৰ ভিতৰত এটা আছিল যে তেওঁ মাহিমৰ সাগৰৰ পাৰৰ বন্যাৰ্ত মাটিত এখন ৰসাল সেউজীয়া বাগিচা সৃষ্টি কৰিছিল। মাখদুম ফকিহ আলী মাহিমৰ এই অনন্য কামৰ বাবেই তাত তেওঁৰ সন্মানত এটা ভৱন নিৰ্মাণ কৰা হয়, যিটো পিছলৈ মাহিম দৰগাহ নামেৰে পৰিচিত হয়।
হজৰত ফকিহ মাখদুম আলী মাহিমীৰ কাৰ্যকাল ১৩৭২ চনৰ পৰা ১৪৩১ চনৰ ভিতৰত বুলি ধাৰণা কৰা হয়। তেওঁ মূলতঃ আৰবত আছিল। ইৰাক আৰু কুৱেইটৰ সীমান্ত পাৰ হৈ তেওঁ মাহিমলৈ আহি ইয়াতেই স্থায়ী হৈ পৰে। মাখদুম ফকিহ আলী মহিমী সৰুৰে পৰা আধ্যাত্মিকতাৰ প্ৰতি প্ৰৱলভাৱে আকৃষ্ট আছিল। তেওঁ চুফী মতাদৰ্শৰ শিক্ষা লাভ কৰিছিল আৰু তেওঁক ভাৰতৰ প্ৰথম মুফাছিৰ (কোৰানৰ ধাৰাভাষ্যকাৰ) সকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। তেওঁ আৰবী ভাষাত বহুতো ধৰ্মীয় গ্ৰন্থ লিখিছে। সেয়েহে তেওঁক ‘কুতুব-ই-কোকান’ (কোংকানৰ সৰ্বোচ্চ চুফী) বুলিও কোৱা হয়।
মাহিম দৰগাহৰ চৌহদত গৌৰৱেৰে উৰি আছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা
হজৰত মাখদুম ফকিহ আলী মাহিমীৰ দৰগাহ চৌহদত বলীউড ছবিৰ শ্বুটিঙো কৰা হৈছে। ৰোহিত শ্বেট্টীৰ প্ৰযোজনা আৰু অজয় দেৱগন, কৰীনা কাপুৰ খান অভিনীত ‘সিংহম ২’ ছবিখনত মাহিম দৰগাহক দেখুওৱা হৈছিল। ইয়াৰ লগতে বলীউডৰ বহু অভিনেতাই ভক্তি আৰু বিশ্বাসেৰে এই দৰগাহ ভ্ৰমণ কৰে।
২০২০ চনত মাহিম দৰগাহৰ প্ৰৱেশদ্বাৰত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা স্থাপন কৰা হয়। ভাৰতৰ যিকোনো ধৰ্মীয় স্থানত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা স্থাপন কৰা মাহিম দৰগাহ দেশৰ প্ৰথম ধৰ্মীয় স্থান হিচাপে পৰিগণিত হৈছে। যিকোনো ৰাষ্ট্ৰীয় উৎসৱৰ সময়ত ইয়াত পৰম্পৰাগত পতাকাৰ লগতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় আৰু ৰাষ্ট্ৰীয় সংগীত গাই পতাকাক সন্মান জনোৱা হয়।