দৰগাহ আজমেৰ শ্বৰীফৰ মূৰব্বী আৰু চিষ্টি ফাউণ্ডেশ্যনৰ অধ্যক্ষ হাজী চৈয়দ ছলমান চিষ্টি আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত
হাজী চৈয়দ ছলমান চিষ্টি
অনন্য বৈচিত্ৰ্যৰ বাবে পৰিচিত ভাৰতবৰ্ষ যুগ যুগ ধৰি বিভিন্ন ধৰ্ম, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে সহাৱস্থানৰ প্ৰতীক হৈ আহিছে। এই বৈচিত্ৰ্যতাৰ মাজত ঐক্য আৰু সমন্বয়ে আমাক সূতাৰ দৰে সদায় বান্ধি ৰাখিছে। মন্দিৰ-মছজিদ বিবাদৰ সূচনা কৰা লোকসকলক কঠোৰ ভাষাৰে সকীয়াই দি সৰ্বাংগীনতাৰ পোষকতা কৰা আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ শেহতীয়া বক্তব্যই আমাৰ সামূহিক দায়িত্বৰ সোঁৱৰণী। বিভাজনকাৰী মতাদৰ্শৰ উৰ্ধত গৈ আগবঢ়োৱা তেওঁৰ এই বক্তব্য কেৱল সময়োপযোগীয়ে নহয়, দূৰদৰ্শীও হয়।
মোহন ভাগৱতৰ বাৰ্তা আমাৰ সমাজৰ বাবে অতি গভীৰ আৰু গুৰুত্বপূৰ্ণ। তেওঁ হিন্দুসকলৰ বাবে ঐক্যৰ প্ৰতীক হিচাপে ৰাম মন্দিৰৰ গুৰুত্ব স্বীকাৰ কৰি স্পষ্টকৈ কয় যে অন্যান্য মন্দিৰ-মছজিদ বিবাদ ৰাজনৈতিক বা ব্যক্তিগত লাভালাভৰ বাবে ব্যৱহাৰ কৰিব নালাগে। “ভাৰতে বিশ্বক কেনেকৈ একেলগে জীয়াই থাকিব লাগে, সেয়া শিকোৱা উচিত” বুলি উল্লেখ কৰি ভাগৱতে বসুধৈৱ কুটুম্বকমৰ নীতিৰ মহত্ত্ব স্মৰণ কৰিছে, যিয়ে ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিচয়ৰ ভেটি হিচাপে চিহ্নিত হৈছে।
জ্ঞানবাপী মছজিদ
মন্দিৰ-মছজিদ বিবাদৰ সূচনা কৰি হিন্দুৰ নেতা হোৱাৰ চেষ্টা চলোৱা অনুচিত বুলি আগবঢ়োৱা তেওঁৰ বক্তব্যই পৰিপক্ক আৰু দায়িত্বশীল নেতৃত্বৰ প্ৰয়োজনীয়তাক আলোকপাত কৰে। যি সময়ত ধৰ্মীয় সংঘাতে সমগ্ৰ বিশ্বক অস্থিৰ কৰিছে, তেনে সময়ত ভাগৱতে সমন্বয়ৰ ওপৰত গুৰুত্ব দিয়াটোৱে এক শক্তিশালী সংকেত প্ৰেৰণ কৰিছে যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতে এই দিশত আদৰ্শৰে নেতৃত্ব দিব লাগে।
এনে পৰিপ্ৰেক্ষিতত আজমেৰ শ্বৰীফ দৰগাহৰ সৈতে জড়িত শেহতীয়া ভুৱা বিতৰ্ক দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ এক চিন্তনীয় উদাহৰণ। হিন্দু সেনাৰ দৰে মৌলবাদী গোট আৰু বিষ্ণু গুপ্তাৰ দৰে অপৰাধী ব্যক্তিয়ে যুগ যুগ ধৰি চলি অহা এই আধ্যাত্মিক স্থানৰ পবিত্ৰতাক বিঘ্নিত কৰাৰ প্ৰচেষ্টা চিন্তনীয়। গৰিব নৱাজ হজৰত খোৱাজা মইনুদ্দিন চিষ্টিৰ পবিত্ৰ স্থান আজমেৰ শ্বৰীফ সৰ্বাংগীনতা আৰু মমতাৰ প্ৰতীক হৈ আহিছে। ই প্ৰতিটো ধৰ্ম আৰু জাতিৰ ভক্তক আকৰ্ষণ কৰে।
এনে স্থানৰ পবিত্ৰতাক বিঘ্নিত কৰাৰ যিকোনো প্ৰচেষ্টাই ইয়াৰ আধ্যাত্মিক তাৎপৰ্যৰ ক্ষতি কৰাই নহয় ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যৰ প্ৰতিচ্ছবিত আঘাত হানে। আজমেৰ শ্বৰীফ দৰগাহৰ মূৰব্বী হিচাপে মই ক’ব বিচাৰো যে এনে ভুৱা বিতৰ্কই শিক্ষা, দৰিদ্ৰতা নিৰাময় আৰু আন্তঃগাঁথনি উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ পৰা দৃষ্টি আকৰ্ষণ কৰি বিশ্বৰ আগত ভাৰতৰ সোণালী ভাবমূৰ্তি কলংকিত কৰে।
প্ৰতিনিধিত্বমূলক ছবি
মোহন ভাগৱতৰ “বিশ্বগুৰু ভাৰত”ৰ সপোন কেৱল আকাংক্ষা নহয়; এয়া বাস্তৱত পৰিণত হ’ব পাৰে। কিন্তু ইয়াৰ বাবে আমি যিবোৰ মূল্যবোধ প্ৰচাৰ কৰো, সেইবোৰ গ্ৰহণ কৰিব লাগিব। বৈচিত্ৰ্যৰ মাজত ঐক্য কেৱল এটা শ্লোগান নহয়—ই ভাৰতৰ আত্মাত গভীৰভাৱে শিপাই থকা এক আধ্যাত্মিক নীতি।
হজৰত খোৱাজা ঘৰিব নৱাজৰ শিক্ষা, বিশেষকৈ ৱাহদাত-উল-উজুদৰ ধাৰণাই আমাক বুজাই দিয়ে যে সকলো সৃষ্টিৰ উৎপত্তি একক ঐশ্বৰিক উৎসৰ পৰাই হৈছে। এই ঐক্যক আমি যেতিয়া চিনি পাওঁ তেতিয়া বিভাজনকাৰী শক্তিবোৰ দুৰ্বল হৈ পৰে। ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা ঐক্যই সামাজিক সুস্থিৰতা আৰু অৰ্থনৈতিক প্ৰগতিৰ প্ৰসাৰ ঘটায়। বিভক্ত সমাজ এখনে কেতিয়াও নিজৰ সম্পূৰ্ণ সম্ভাৱনা লাভ কৰিব নোৱাৰে।
ভাৰতে আজি নিজৰ পবিত্ৰ স্থান আৰু আধ্যাত্মিক পৰম্পৰাৰ পবিত্ৰতা বজাই ৰখাৰ প্ৰয়োজন। সমাজত বুজাবুজি আৰু বিশ্বাস বৃদ্ধি কৰা আলোচনাক উৎসাহিত কৰা উচিত। শিক্ষা ব্যৱস্থাত ঐক্য আৰু সহাৱস্থানৰ বাৰ্তা অন্তৰ্ভুক্ত কৰক আৰু সংবিধানত সন্নিৱিষ্ট সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ নীতিসমূহ কঠোৰভাৱে কাৰ্যকৰী কৰা উচিত। ভাৰতৰ বিশ্ব নেতা হোৱাৰ সপোন বাস্তৱায়িত হ’ব যদিহে আমি প্ৰজ্ঞা আৰু মমতাৰে এই প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হওঁ।
আহক আমি আমাৰ আধ্যাত্মিক সন্ত, গুৰু, ঋষি, মুনি আৰু চুফী সন্তসকলৰ শিক্ষাৰ পৰা প্ৰেৰণা লৈ শান্তি, প্ৰেম আৰু ন্যায়ৰ আহ্বান জনোৱা এখন ভাৰত—আৰু এখন পৃথিৱী—সৃষ্টি কৰোঁ।
(হাজী চৈয়দ ছলমান চিষ্টি দৰগাহ আজমেৰ শ্বৰীফৰ মূৰব্বী আৰু চিষ্টি ফাউণ্ডেশ্যনৰ অধ্যক্ষ)