স্বামীয়ে পিতৃত্ব অস্বীকাৰ কৰাৰ পিছত জম্মু-কাশ্মীৰৰ মহিলাই নৱজাত যমজ সন্তানৰ ডিঙি কাটি হত্যা কৰে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Months ago
আৰক্ষীয়ে নিহত নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰিছে
আৰক্ষীয়ে নিহত নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰিছে
 
শ্ৰীনগৰ
 
জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী জিলা পুঞ্চত এক ভয়ংকৰ হত্যাকাণ্ডত স্বামীয়ে পিতৃত্ব অস্বীকাৰ কৰাৰ বাবে এগৰাকী মহিলাই নৱজাত যমজ সন্তানৰ ডিঙি কাটি  হত্যা কৰে।
 
তিনিমাহ পূৰ্বে ছৌদি আৰৱত কৰ্মৰত লোকজন বহুদিনৰ মূৰত ঘৰলৈ উভতি আহিছিল। তাৰ কিছু সময়ৰ পিছতে পত্নীয়ে যমজ সন্তান জন্ম দিয়াৰ লগে লগে তেওঁ আৰক্ষীৰ ওচৰলৈ যায় আৰু দাবী কৰে যে সন্তানকেইটা "অবৈধ সম্পৰ্কৰ পৰা" জন্ম হৈছে।
 
অসুবিধাৰ আশংকাত মহিলাগৰাকীয়ে নিজৰ নৱজাতকক ওচৰৰ পথাৰলৈ লৈ গৈ হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
 
স্থানীয় ৰাইজে প্ৰথমে সন্দেহ কৰিছিল যে লোকজন এই ভয়ংকৰ হত্যাকাণ্ডৰ সৈতে জড়িত। কিন্তু আৰক্ষীয়ে তেওঁৰ পত্নীক সোধা-পোছা কৰাৰ সময়ত তেওঁ অপৰাধ স্বীকাৰ কৰে। হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
 
পুঞ্চৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক যোগুল মানহাছে সংবাদ মাধ্যমৰ আগত কয় যে, "যমজ  কন্যা কেঁচুৱাক হত্যা কৰা মাতৃগৰাকীয়েই অপৰাধ স্বীকাৰ কৰিছে।"
 
এই ঘটনাই অঞ্চলটোত চাঞ্চল্য বিয়পোৱাৰ পিছত স্থানীয় ৰাইজে মাতৃগৰাকীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায়।