নৌছাদ আখতাৰ / কাটিহাৰ (বিহাৰ)
ৰাম নৱমী উপলক্ষে বিহাৰৰ কাটিহাৰত ধৰ্মীয় শোভাযাত্ৰা পাৰ হোৱাৰ সময়ত স্থানীয় মছজিদৰ সন্মুখত পুৰুষ-মহিলাই মানৱ ঢাল গঠন কৰা এখন ছবি আৰু ভিডিঅ’ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। স্থানীয় লোকৰ এই মহানুভৱতাক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। নেটিজেনসকলে ইয়াক ভাৰতীয়সকলৰ ‘সদিচ্ছা’ আৰু ‘ধৰ্মীয় সহনশীলতা’ৰ প্ৰতীক হিচাপে অভিহিত কৰিছে।
ৰাম নৱমীৰ দিনা বিশ্ব হিন্দু পৰিষদ (ভি এইচ পি), বজৰংগ দল, আৰু অন্যান্য সংগঠনৰ উদ্যোগত সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ শোভাযাত্ৰা মহানগৰীৰ মাজেৰে পাৰ হৈ যায়। দুপৰীয়া ১.৩০ বজাৰ পৰা আৰম্ভ হৈ নিশা ৭ বজালৈকে এই শোভাযাত্ৰা চলে। এই সময়ত বৃহৎ সংখ্যক পুৰুষ, মহিলা আৰু শিশুৱে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে লাঠি, তৰোৱাল আদি পৰম্পৰাগত অস্ত্ৰ-শস্ত্ৰ লৈ শোভাযাত্ৰাত অংশ লয়। আয়োজকসকলে এইবোৰ "ভগৱান ৰামৰ প্ৰতীক অস্ত্ৰ" বুলি দাবী কৰে।
শোভাযাত্ৰাটো বাটা চকত অৱস্থিত জামা মছজিদকে ধৰি দুটা ডাঙৰ মছজিদৰ সন্মুখেৰে পাৰ হৈ যায়। এই ভাইৰেল ভিডিঅ’ আৰু ছবিখনত মহিলাসকলে মছজিদৰ সন্মুখত থিয় হৈ মানৱ শিকলি গঠন কৰা দেখা গৈছে। বহু লেখক-শিল্পীয়ে নিজৰ ছ’চিয়েল মিডিয়া পেজত ইয়াক শ্বেয়াৰ কৰি প্ৰশংসা কৰে।
বিখ্যাত সাহিত্যিক আছঘৰ ৱাজাহাট, অভিনেত্ৰী স্বৰা ভাস্কৰ, উৰ্মিলা মাটোণ্ডকাৰ, আৰু শ্ৰুতি ছেথে ইয়াক ‘আশাৰ ৰেঙনি’ বুলি অভিহিত কৰিছে। ইকবাল শ্বেখ আৰু ছাদিক শ্বেখৰ দৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মহিলাসকলৰ সাহসক প্ৰণাম জনায় আৰু তেওঁলোকৰ সাম্প্ৰদায়িক ঐক্যৰ প্ৰশংসা কৰে।
আয়োজক সমিতিয়ে স্পষ্ট কৰি দিছে যে "এই মানৱ শৃংখল মছজিদৰ নিৰাপত্তাৰ বাবে গঠন কৰা হোৱা নাছিল। ভিএইচপিৰ জিলা মন্ত্ৰী ৰিতেশ ডুবেয়ে কয় যে আমি এই ব্যৱস্থা কৰিছিলোঁ শোভাযাত্ৰা সুচাৰুৰূপে পৰিচালিত হোৱাৰ লগতে কোনো অসামাজিক উপাদানৰ প্ৰৱেশ ৰোধৰ বাবে। মছজিদৰ নিৰাপত্তাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।"
বজৰংগ দলৰ আহ্বায়ক পৱন পোদ্দাৰে বিবিচি হিন্দীক কয় যে শোভাযাত্ৰাই মছজিদলৈ কোনো ভাবুকি কঢ়িয়াই আনে। বিগত সময়তো কিছুমান অনুষ্ঠানত প্ৰৰোচনাৰ ঘটনা সংঘটিত হৈছে। আমাৰ প্ৰচেষ্টা আছিল যাতে কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়।”
কাটিহাৰৰ এছডিএম শংকৰ শৰণ ওমিয়ে অনুষ্ঠানটোক প্ৰশংসা কৰি কয় যে নামাজৰ সময়ত মছজিদৰ পবিত্ৰতা বজাই ৰাখিবলৈ আয়োজকসকলে এই পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ কয়, "ৰাম নৱমীৰ সময়ত গুলাল আৰু আবিৰ নিক্ষেপ কৰাৰ পৰম্পৰা আছে, গতিকে মছজিদৰ চাৰিওফালে শান্তি বজাই ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।"
উল্লেখ্য যে, কাটিহাৰত এনে দৃশ্য প্ৰথম নহয়। ২০২২ চনত ৰাম নৱমী উপলক্ষে মছজিদসমূহৰ চাৰিওফালে একেধৰণৰ মানৱ শৃংখল গঠন কৰা হয়। যদিও কাটিহাৰৰ ৰাম নৱমীত মানৱ শৃংখল ভাইৰেল হোৱাৰ ছবিখনক লৈ বিভিন্ন দাবী উত্থাপন হৈছে, তথাপিও এটা কথা স্পষ্ট যে কোনো ধৰণৰ সাম্প্ৰদায়িক উত্তেজনাৰ পৰা হাত সাৰিবলৈ স্থানীয় নাগৰিক আৰু আয়োজকসকলে সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছিল। এই ছবিখন কেৱল ধৰ্মীয় সহনশীলতাৰ নিদৰ্শন নহয়, বৰঞ্চ সামাজিক দায়বদ্ধতাৰ ভাৱো ইয়াত প্ৰতিফলিত হয়।