মুম্বাই
পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ধাৰাবাহিক আক্ৰমণে মুম্বাই ৰক্তাক্ত কৰাৰ আজি ১৬ বছৰ সম্পূৰ্ণ হ'ল। ২৬/১১ নামেৰে পৰিচিত এই সন্ত্ৰাসবাদী আক্ৰমণৰ দিনা মুম্বাইৰ তাজ হোটেল, অবেৰয় ট্ৰাইডেণ্ট হোটেল, ছত্ৰপতি শিৱাজী টাৰ্মিনাছ, লিওপোল্ড কেফে, মুম্বাই চাবাদ হাউচ, নৰিমান হাউচ, কামা হস্পিতাল, আৰু মেট্ৰ’ চিনেমা ভয়াবহ বিস্ফোৰণত কঁপি উঠিছিল।
২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত এই সন্ত্ৰাসবাদী আক্ৰমণত ২০ জন নিৰাপত্তা বাহিনীৰ জোৱান আৰু ২৬ জন বিদেশীকে ধৰি কমেও ১৬৬ জন লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হৈছিল। পাকিস্তানৰ পৰা সাগৰীয় পথেৰে মুম্বাইলৈ আহি ১০টা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীয়ে ভাৰতৰ বাণিজ্য মহানগৰী মুম্বাইত তেজৰ নৈ বোৱাইছিল।
ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে দেশৰ সকলো স্তৰৰ লোকে আজি ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা ১৬৬ জন লোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই প্ৰতিবেদনত আমি মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰি অজস্ৰ লোকৰ জীৱন ৰক্ষা কৰা বীৰসকলক সন্মান সহকাৰে স্মৰণ কৰিব বিচাৰিছো।
টুকাৰাম অম্বলেঃ
টুকাৰাম অম্বলে হৈছে ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত নিহত হোৱা মুম্বাই আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক। ২০০৮ চনৰ ২৬ নৱেম্বৰৰ নিশা সন্ত্ৰাসবাদী আজমল কাছাবক ধৰিবলৈ চেষ্টা কৰাৰ সময়তে অম্বলেই সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ ত্যাগ কৰে। দক্ষিণ মুম্বাইৰ গিৰগাম চৌপাটীত গুলী খাই মৃত্যু হোৱাৰ পূৰ্বে সহকাৰী উপ-পৰিদৰ্শক অম্বলে সন্ত্ৰাসবাদী কাছাবক জীৱিত অৱস্থাত ধৰা পৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ সেই সময়ত নিৰস্ত্ৰ আছিল যদিও কাছাবৰ সৈতে যুঁজি তেওঁৰ হাতত থকা ৰাইফলটো ধৰি ৰাখিছিল, যাৰ ফলত আন আৰক্ষীসকলে কাছাবক জীৱন্তে গ্ৰেপ্তাৰ কৰিব পাৰিছিল। গ্ৰেপ্তাৰৰ পূৰ্বে কাছাবে কেইবাবাৰো গুলীচালনা কৰে আৰু গুলীৰ আঘাতত টুকাৰাম অম্বলেৰ মৃত্যু হৈছিল।
মেজৰ সন্দীপ উন্নিকৃষ্ণনঃ
২০০৮ চনত মুম্বাই আক্ৰমণৰ সময়ত পাকিস্তানী লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ সৈতে যুঁজি থকাৰ সময়তে মেজৰ সন্দীপে প্ৰাণ হেৰুৱাইছিল। মুম্বাইৰ তাজ পেলেচ হোটেলৰ পৰা সন্ত্ৰাসবাদীক উলিয়াই আনিবলৈ এন এছ জিৰ কমাণ্ডোৰ এটা দলৰ নেতৃত্ব দি মেজৰ সন্দীপ উন্নিকৃষ্ণন শ্বহীদ হৈছিল। ২০০৯ চনৰ ২৬ জানুৱাৰীত তেওঁক দেশৰ সৰ্বোচ্চ সাহসিকতাৰ বঁটা অশোক চক্ৰ প্ৰদান কৰা হয়।
হেমন্ত কাৰকাৰেঃ
২৬ নৱেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত এণ্টি টেৰ’ৰিষ্ট স্কোয়াডৰ মুৰব্বী আছিল ১৯৮২ বেটচৰ ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া হেমন্ত কাৰকাৰে। তেওঁ আন এজন আই পি এছ বিষয়া অশোক কামটে আৰু এনকাউণ্টাৰ বিশেষজ্ঞ বিজয় চালাস্কাৰৰ সৈতে কামা হাস্পতালৰ সমীপত এম্বুছত নিহত হৈছিল। বহু লোকক পণবন্দী কৰি লোৱা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তাজ হোটেলত অভিযানৰ নেতৃত্ব দি থকাৰ সময়তে ৫৪ বছৰীয়া কাৰকাৰেক গুলীয়াই হত্যা কৰা হয়। তেওঁৰ বুকুত তিনিটা গুলীয়ে আঘাত হানিছিল।
মল্লিকা জগদঃ
২৬/১১ৰ আক্ৰমণৰ সময়ত তাজ পেলেচ হোটেলৰ খাদ্য পৰিচালক (banquet manager) মল্লিকা জগাদে অতিথিসকলক সুৰক্ষা প্ৰদানৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিছিল। হোটেলখনত সন্ত্ৰাসবাদী প্ৰৱেশৰ সময়ত মল্লিকা আৰু তেওঁৰ দলটোৱে দুৱাৰত তলা মাৰি লাইট বন্ধ কৰি সকলোকে মনে মনে বহি থাকিবলৈ আহ্বান জনাইছিল। বিস্ফোৰণ আৰু ধোঁৱাই আতংকৰ সৃষ্টি কৰাৰ পিছতো মল্লিকা শান্ত হৈ থাকি অতিথিসকলক আশ্বস্ত কৰি পৰিস্থিতিৰ বিষয়ে বুজাই দিছিল। সহায়ৰ বাবে চিঞৰ-বাখৰ কৰি থকা মানুহখিনিক তেওঁ ভাৰতীয় সেনাবাহিনী উপস্থিত নোহোৱা পৰ্যন্ত সুস্থিৰ কৰি ৰাখিছিল। তেওঁৰ এই সাহসিকতাই বহুতো লোকৰ প্ৰাণ ৰক্ষা কৰিছিল।
কৰমবীৰ সিং কাং
২৬/১১ৰ আক্ৰমণৰ সময়ত মুম্বাইৰ তাজ হোটেলৰ জেনেৰেল মেনেজাৰ কৰমবীৰ কাঙে নিজৰ পত্নী আৰু পুত্ৰক হেৰুৱাইছিল যদিও তেওঁ ধৈৰ্য্য আৰু শক্তিৰ পৰিচয় দাঙি ধৰি বিপৰ্যয়ৰ সময়ত দিনে-নিশাই কাম কৰি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ নিৰাপত্তা বাহিনীক সহায় কৰিছিল। যদিও আক্ৰমণ আৰম্ভ হোৱাৰ সময়ত তেওঁ উপস্থিত নাছিল, তথাপিও তেওঁ লৰালৰিকৈ হোটেলখনলৈ উভতি গৈ আৱদ্ধ লোকসকলক সহায়ৰ হাত আগবঢ়াইছিল। এইদৰে তেওঁ শ শ লোকক ৰক্ষা কৰে।
থমাছ ভাৰ্গেজঃ
তাজৰ ৱাছাবি ৰেষ্টুৰেণ্টৰ জ্যেষ্ঠ ওৱেটাৰ থমাছ ভাৰ্গিজে ২৬/১১ আক্ৰমণৰ অন্যতম নায়ক হিচাপে পৰিচিত হৈছিল। সন্ত্ৰাসবাদীৰ ধাৰাসাৰ গুলীবৰ্ষণৰ সময়ত তেওঁ হোটেলৰ অতিথিসকলক টেবুলৰ তলত সোমোৱাই ৰাখিছিল আৰু পিছত তেওঁলোকক নিৰাপদ স্থানলৈ পঠিয়াই দিছিল। ৰেষ্টুৰেণ্টখনৰ পৰা সকলোকে নিৰাপদ স্থানলৈ নিয়াৰ পিছতহে তেওঁ তাৰ পৰা ওলাই আহিছিল। কিন্তু সন্ত্ৰাসবাদীয়ে তেওঁক আলিবাটত গুলীয়াই হত্যা কৰে। এইদৰে তেওঁ তেওঁ আনৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল।