সৌৰভ কুমাৰ বৰা
মুখামুখি হোৱা প্ৰথমটো বলত কাভাৰৰ ওপৰেৰে বিৰাট ছিক্সাৰ৷ ২০ নম্বৰ বলটোত ‘ফ্ৰেকচন অৱ এ ছেকেণ্ড’ৰ বাবে পপিং ক্ৰিজৰ সামান্য ওপৰলৈ উঠি যোৱা বাঁওভৰিৰ বেটিং বুট৷ ক্ষণিকৰ ভুলত ষ্টাম্পিঙৰ চিকাৰ আৰু এটা প্ৰচুৰ সম্ভাৱনাময় ইনিংছৰ অনাকাংক্ষিত পৰিসমাপ্তি৷ ডাগ আউটত আধা হেলমেট খোলা অৱস্থাত চকুত দুটোপাল মুক্তা৷
ইনিংছটো সংক্ষিপ্ত হ’ল, যিটো ইনিংছ ‘লাইভ’ চাবলৈ আমেৰিকাত গুগলৰ চি ই অ’ সুন্দৰ পিচায়ো দোকমোকালিতে বিছনাৰ পৰা উঠিছিল৷ অষ্টম শ্ৰেণীৰ বালকৰ আই পি এল অভিষেক চাবলৈ সোনকালে শুই উঠিলোঁ !!! কি অবিস্মৰণীয় অভিষেক!!!–-- এক্স হেণ্ডলত এক সংক্ষিপ্ত কিন্তু ‘বৈভৱশালী’ ইনিংছৰ অকপট স্বীকাৰোক্তি সুন্দৰ পিচাইৰ৷ কেৱল সুন্দৰ পিচাই নহয়, ঐশ্বৰ্যশালী শনিবাৰৰ নিশাটোত জগতে পালে ক্ৰিকেটৰ নৱ ‘বৈভৱ’৷
এ ষ্টাৰ ইজ বৰ্ণ৷ তোমাৰ যেতিয়া ১৩ বছৰ হৈছিল, তেতিয়া তুমি কি কৰিছিলা? যোৱা ২৭ নৱেম্বৰত ৰাজস্থান ৰয়েলছে অফিচিয়েল এক্স হেণ্ডলত এই প্ৰশ্নটো এৰি দিছিল৷ লগত দুদিন পূৰ্বে ১.১০ কোটি টকাত নিলামত ক্ৰয় কৰা ১৩ বছৰীয়া ‘পিণ্ট ছাইজড প্ৰডিজি’ বৈভৱ সূৰ্যবংশীৰ এখন ফটো৷ এক্স হেণ্ডল উত্তৰেৰে উপচি পৰিছিল৷
আউট হৈ বৈভৱ পেভিলিয়নলৈ উভতাৰ সময়ৰ কেইটামান স্নেপশ্বট
এজনে কৈছিল– ১৩ বছৰৰ বয়সত মই এচামুচ মেগীৰ বাবে ভণ্টিৰ লগত কাজিয়া কৰিছিলোঁ৷ টিভিৰ ৰিম’টৰ অধিকাৰক লৈয়ো কাজিয়া লাগিছিলো৷ এজনে লিখিলে– ১৩ বছৰত মই গলিৰ ক্ৰিকেট খেলত দলত স্থান পাবলৈ কাজিয়া কৰিবলগীয়া হৈছিল৷ আটাইতকৈ আকৰ্ষণীয় আৰু কৌতূকেৰে ভৰা উত্তৰ দিছিল এজন অখ্যাত নেটিজেনে৷ তেওঁ লিখিছিল– য়ে নিউজ মেৰে পেৰেণ্টছ তক নেহী পহুছনি চাহিয়ে৷
এই বাতৰিটো যাতে মোৰ মা-দেউতাকৰ ওচৰ নাপায়গৈ, সেইটো খেয়াল ৰাখিবা৷ (যাতে ১৩ বছৰীয়া এজনৰ সেই সাফল্যৰ সৈতে তুলনা কৰি তেওঁক অভিভাৱকে গালি পাৰিব নোৱাৰে)। শেষ নৱেম্বৰৰ ভাৰতীয় শীতৰ বিয়লি আই পি এলৰ নিলামক লৈ উত্তপ্ত হৈ উঠিছিল কেৱল ১৩ বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীৰ খবৰত৷
দিল্লী কেপিটেলছে প্ৰথমে নিলামত ‘ডাক’ দিছিল বৈভৱ সূৰ্যবংশীৰ নাম৷ তেওঁৰ ‘বেছ প্ৰাইচ’ আছিল ৩০ লাখ টকা৷ দিল্লী কেপিটেলছৰ হাতত তেতিয়া জমা আছিল ২ কোটি ৩০ লাখ টকা আৰু ক্ৰয় কৰিবলৈ বাকী আছিল কেইবাজনো ক্ৰিকেটাৰ৷ সংযুক্ত আৰৱ আমিৰশ্বাহীৰ জেড্ডাত তেতিয়া ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ দল পূৰ্ব পৰিকল্পনামতেই আগবাঢ়িল এই ‘টীন ছেনছেচন’ক নিজৰ কৰাৰ দিশে৷ বৈভৱ সূৰ্যবংশীৰ নিলামৰ দৰ ৰকেটৰ গতিত উঠিল৷ অৱশেষত হাতত ৩ কোটি ১৫ লাখ জমাধন থকা ৰাজস্থান ৰয়েলছৰ হাতত হাৰ মানিলে দিল্লী কেপিটেলছে৷
ৰাজস্থান ৰয়েলছৰ শিবিৰত অনুশীলনৰ সময়ত প্ৰতিভাৱান বৈভৱ
অক্সনীয়াৰ মল্লিকা সাগৰে হেমাৰ মাৰিলে এক কোটি দহ লাখ টকাত৷ লগে লগে অভিলেখ হ’ল আই পি এলত আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰৰ অন্তৰ্ভুক্তিৰ, বৈভৱ সূৰ্যবংশী --- যাৰ বয়স আই পি এল প্ৰতিযোগিতাখনতকৈ তেতিয়া পাঁচ বছৰ কম আছিল৷ যোৱা ২৬ নৱেম্বৰত বৈভৱ সূৰ্যবংশীয়েই হৈ পৰিল আই পি এল জন্ম হোৱাৰ পাছত জন্ম হৈ আই পি এল দলত অন্তৰ্ভুক্ত হোৱা প্ৰথমজন ক্ৰিকেটাৰ৷
হয়তো সেই উলাহতে ৰাজস্থান ৰয়েলছে পিছদিনা অফিচিয়েল এক্স হেণ্ডলত নেটিজেনলৈ এৰি দিলে সেই প্ৰশ্ন–-- ১৩ বছৰ বয়সত তুমি কি কৰি আছিলা? বৈভৱৰ ক্ৰিকেট প্ৰতিভা ‘ইনবৰ্ণ’– জন্মজাত, তাত সামান্যতমো সন্দেহ নাই৷ কিন্তু নিশাটোৰ ভিতৰতে বৈভৱ ক্ৰিকেটৰ প্ৰতিভাৰে পৰিপূৰ্ণ হৈ পৰা নাছিল৷ ক্ৰিকেটক কেনেকৈ বশ কৰিছিল বৈভৱে?
মনোজ ওজাৰ জেন নেক্সট ক্ৰিকেট একাডেমীলৈ তেওঁ এদিন এৰি এদিন আহিছিল৷ কিন্তু যিদিনা আহিছিল, সেইদিনা নেটত একেৰাহে ৬০০ বল খেলিছিল৷ একাডেমীৰ প্ৰশিক্ষণ এদিন খতি কৰাৰো কাৰণ আছিল৷ কিয়নো সমষ্টিপুৰৰৰ ঘৰৰ পৰা মনোজ ওজাৰ পাটনাৰ একাডেমীলৈ দুৰত্ব আছিল প্ৰায় ১০০ কিলোমিটাৰ৷ বৈভৱ সূৰ্যবংশী দেউতাক সঞ্জীৱ সূৰ্যবংশীৰ বাইকত উঠি আহিছিল৷ সেয়ে ৩-৪ ঘণ্টামান সময় লাগিছিল৷ তেতিয়া বৈভৱ সূৰ্যবংশীৰ বয়স ৬৷ পুৱা ৪টা বজাত যাত্ৰা আৰম্ভ হৈছিল আৰু জেন নেক্সট একাডেমীত সোমাওঁতে ৭-৭.৩০ বাজিছিল৷ একাডেমীত সোমোৱাৰ পাছত বৈভৱ সূৰ্যবংশীৰ ৰ’বলৈ সময় নাছিল৷ মুহূৰ্ততে ‘পেড আপ’ কৰি নামি পৰিছিল নেটত৷
একেৰাহে ৬০০ মান বল নেটত খেলাৰ পাছতহে পেড খুলিছিল বৈভৱে৷ তাৰ পাছত ফিল্ডিং, কেচ প্ৰেকটিচ আৰু শেষত মেচ অনুশীলন৷ পাছলৈ দেউতাক সঞ্জীৱ সূৰ্যবংশীয়ে ওচৰৰ কেইজনমান বলাৰকো লগত লৈ আনিছিল৷ যাতে বৈভৱৰ নেটত বেলেগ বেলেগ ভেৰিয়েচনৰ বলিং খেলাৰ প্ৰেকটিচ হয়৷
দৈনিক ইমানদূৰ অহাটো সম্ভৱ নাছিল৷ সেয়ে একেদিনাই বৈভৱ সূৰ্যবংশীয়ে নেটত খেলি দিছিল ৬০০টা বল৷ অৱশেষত সেই অধ্যৱসায়ে সুফল দিলে৷ ১১ বছৰ বয়সত বৈভৱে খেলিলে বিচিচিআইৰ ১৬ অনূৰ্ধ মেচ৷ আৰু দেশৰ দ্বিতীয় কনিষ্ঠ ক্ৰিকেটাৰৰ অভিলেখ গঢ়ি ৰঞ্জী খেলিলে ১২ বছৰ ২৮৪ দিন বয়সত৷ সেয়া আছিল বিগত ৰঞ্জী ছিজন৷ বৈভৱৰ আগলৈকে সৰ্বকনিষ্ঠ ৰঞ্জী ক্ৰিকেটাৰ আছিল যুৱৰাজ সিং, যি ভংগ কৰিছিল শচীন তেণ্ডুলকাৰৰ অভিলেখ৷
১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলৰ হৈ খেলাৰ সময়ত বিহাৰৰ বৈভৱ
বৈভৱে নেটত যিমান ঘাম পেলাইছিল, সিমান বা ততোধিক ঘাম তেওঁ বোৱাইছিল অষ্ট্ৰেলিয়াৰ বলাৰৰ৷ বৈভৱ সূৰ্যবংশীয়ে সমগ্ৰ দেশৰ দৃষ্টি কাঢ়িছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে য়ুথ টেষ্ট ছিৰিজত৷ য’ত তেওঁ ৬২ বলত ১০৪ ৰান স্ক’ৰ কৰিছিল৷ তেতিয়া বৈভৱ সূৰ্যবংশীৰ বয়স আছিল ১৩ বছৰ ১৮৮ দিন৷ লগে লগে বৈভৱ হৈছিল ১৭০ বছৰীয়া প্ৰতিযোগিতামূলক ক্ৰিকেটৰ সৰ্বকনিষ্ঠ চেঞ্চুৰীয়ান৷ বাওঁহতীয়া বেটাৰ বৈভৱ সূৰ্যবংশীৰ হাতত আছে যুৱ ভাৰতীয় ক্ৰিকেটাৰৰ দ্ৰুততম শতক৷
৫৮টা বলত কৰা বৈভৱ সূৰ্যবংশীৰ এই শতৰান বিশ্বৰ দ্বিতীয় দ্ৰুততম আৰু সেই ইনিংছেৰেই বৈভৱে ক্ৰিকেটৰ অদৃষ্ট নিজবেটেৰে লিখি পেলাইছিল৷ ২৭ কোটি টকীয়া ক্ৰিকেটাৰ হৈয়ো যিখন মঞ্চত এইবাৰ ঋষভ পণ্টৰ দৰে মূল্যবান ক্ৰিকেটাৰ ব্যৰ্থ, সেই বিশ্বৰ সৰ্বাধিক চহকী আইপিএল লীগত শনিবাৰে অভিষেক ঘটিল বৈভৱ সূৰ্যবংশীৰ ১৪ বছৰ ১৩ দিনত, অন্যাৰ্থত এক দুগ্ধপোষ্য শিশুৰ৷ ৰাজস্থান ৰয়েলছৰ হৈ ইনিংছ মুকলি কৰা বৈভৱ কিন্তু বেটহাতে মুঠেই শিশু নাছিল, সেয়া তেওঁ মুখামুখি হোৱা প্ৰথমটো বলতে সমগ্ৰ বিশ্বক বুজাই দিছিল৷
হ’ব পাৰে তেওঁ আইপিএলৰ বয়সতকৈ চাৰি বছৰ সৰু, কিন্তু ক্ৰিজত তেওঁ অলপো বালকসুলভ নাছিল৷ পেচ বলাৰ শাৰ্দুল ঠাকুৰৰ প্ৰথমটো বল বৈভৱে উৰুৱাই দিছিল কাভাৰৰ ওপৰেৰে বাউণ্ডেৰীৰ সিপাৰলৈ৷ লগে লগে ডাগ আউটত স্বস্তিৰ হাঁহি মাৰিছিল ৰাহুল দ্ৰাবিড় আৰু সতীৰ্থই৷ সেই শ্বটটোৰেই বৈভৱে জড়তা জোকাৰি পেলাইছিল ৰাজস্থান ৰয়েলছৰ টীমমেটৰ৷
পাছৰ অভাৰতো আৱেশ খানৰ বলত আন এটা অভাৰ বাউণ্ডেৰী৷ এইটো আছিল বলাৰৰ মুৰৰ ওপৰেৰে আত্মবিশ্বাসী ষ্টেইট ড্ৰাইভ৷ মুখামুখি হোৱা প্ৰথম চাৰিটা বলত দুটা অভাৰ বাউণ্ডেৰীৰে বৈভৱে বুজাই দিলে, ভাৰতীয় ক্ৰিকেটৰ ‘বৈভৱ’ হৈ উঠাৰ শক্তি তেওঁৰ বেটত আছে, এখন বৃহৎ প্ৰতিযোগিতাত অভিষেক ঘটাৰ যি উত্তেজনা, উদ্বিগ্নতা, সেয়া অলপো প্ৰকট নকৰাকৈ বৈভৱে পেচবলাৰ, স্পিনাৰ সকলোৰে বিৰুদ্ধে বিগ শ্বট খেলিলে৷
২২ গজৰ যুঁজত সকলো প্ৰত্যাহ্বানলৈ সাজু বৈভৱ
১৮১ ৰানৰ লক্ষ্য সন্মুখত লৈ অভিষেক ঘটোৱা যিকোনো ক্ৰিকেটাৰেই প্ৰথমে কেইটামান বল ‘হিট’ কৰি পাছত বিগ শ্বটৰ চেষ্টা কৰিলেহেঁতেন৷ কিন্তু ছাউথ-প’ বৈভৱ সদায় যিদৰে বিস্ফোৰক, শনিবাৰে অভিষেকতো তাৰ ব্যতিক্ৰম নাছিল৷ যিকোনো বলাৰক অবলীলাক্ৰমে বাউণ্ডেৰীৰ বাহিৰলৈ পঠিয়াইছিল৷
এডেন মাৰ্কৰামৰ যিটো বলত বৈভৱ আউট হ’ল, সেই বলটোও তেওঁ কাভাৰৰ ওপৰেৰে খেলিবলৈ গৈছিল৷ বল সামান্য ঘূৰি যোৱাত বেটত স্পৰ্শ নহ’ল, অন্যথা সিয়ো আছিল নিৰ্ঘাত ছিক্সাৰ৷ ২০টা বলৰ ৩৪ ৰানৰ ইনিংছত বৈভৱৰ বেটৰ পৰা ওলাইছিল তিনিটা ছিক্সাৰ আৰু দুটা বাউণ্ডেৰী৷
ক্ষনিকৰ ভুলত বৈভৱ ষ্টাম্পড হ’ল, সেয়া তেওঁৰ বাবে অৱশ্যেই এক শিক্ষা৷ কিয়নো যেতিয়া ১৪ বছৰীয়া কিশোৰ পেভিলিয়নলৈ উভতিছিল, তেতিয়া তেওঁৰ চকুত আছিল লোতক৷ হাজাৰ হ’লেও তেওঁ শৈশৱতো পাৰেই কৰাই নাই, চকুৰ কোণত যদি নিজৰ ভুলৰ বাবে দুটোপাল মুক্তা জিলিকি উঠে, তাতনো তেওঁৰ দোষ কি?
(লেখক অসমৰ এগৰাকী জেষ্ঠ সাংবাদিক। লেখাটো 'আমাৰ অসম' কাকতত ইতিমধ্যে প্ৰকাশ পাইছে। লেখকৰ অনুমতি সাপেক্ষে এই লেখা 'আৱাজ দ্য ভইচ অসম'ত প্ৰকাশ কৰা হৈছে)