বোৰ্খা পিন্ধি ঘৰৰ পৰা ওলাই আহি গোপনে মাৰ্চিয়েল আৰ্টছ শিকা আফছান ফাতিমা এতিয়া এগৰাকী তাৰকা ফাইটাৰ

Story by  atv | Posted by  Munni Begum • 3 h ago
আফছান ফাতিমা
আফছান ফাতিমা
 
নৌছাদ আখতাৰ
 
যুৱতীগৰাকীয়ে মাৰ্চিয়েল আৰ্টছৰ প্ৰশিক্ষণৰ বাবে বোৰ্খা পিন্ধি ঘৰৰ পৰা ওলাই যায়। জিম পোৱাৰ পিছত তেওঁ কাপোৰ সলনি কৰি অনুশীলন কৰে আৰু জিমৰ পৰা উভতি আহোঁতে পুনৰ বোৰ্খা পিন্ধি লয়। এইদৰে, সমৰ কলাৰ কেৰিয়াৰ আৰম্ভ কৰা যুৱতীগৰাকী এতিয়া দেশৰ মাৰ্চিয়েল আৰ্টছ ক্ষেত্ৰখনৰ এক চিনাকী নাম। এখন ৰক্ষণশীল সমাজৰ পৰা ওলাই আহি ক্ৰীড়াৰ জগতখনত এক নতুন পৰিচয় গঢ়ি তোলা খেলুৱৈগৰাকী হৈছে আফছান ফাতিমা। 
 
শেহতীয়াকৈ উজবেকিস্তানৰ তাছকেন্দত অনুষ্ঠিত ২০২৪ চনৰ বিশ্ব এম এম এ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছে ৮ বাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন আফছান ফাতিমাই। ২৪ বছৰীয়া যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেৰণাদায়ক এম এম এ যাত্ৰা, যাত্ৰাপথত সন্মুখীন হোৱা প্ৰত্যাহ্বান, এগৰাকী মহিলা হিচাপে এই ক্ৰীড়াত অংশ লৈ প্ৰচলিত ধাৰা ভংগ কৰা, আৰু তামিল কুঠু গীতে তেওঁক কেনেকৈ ৰিঙত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ শক্তি প্ৰদান কৰিছিল, সেই বিষয়ে আৱাজ দ্য ভইচৰ আগত মুকলিকৈ প্ৰকাশ কৰে। 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

A post shared by Afshan! (@afshan_rn)

 
মাৰ্চিয়েল আৰ্টছ আমাৰ তেজত আছে, আৰু তামিলনাডুৰ বাবে ই গৌৰৱৰ বিষয়ঃ

এম এম এ অলিম্পিক খেল নহয় যদিও বিশ্বজুৰি ই অত্যন্ত জনপ্ৰিয়। ইয়াক বিশেষ কৰি তোলা কথাটো হ’ল ইয়াৰ প্ৰাচীন শিপা। থাৰকপ্পু কলাই, বাৰ্মা কলাই, মল্লযুদ্ধ (tharkappu kalai, varma kalai, and malla-yuddha) আদি বহুতো যুদ্ধ কলাৰ কৌশল তামিলনাডুৰ পৰাই উৎপত্তি হৈছিল। এই দক্ষতাসমূহ বোধিধৰ্মনৰ (Bodhidharman) সময়ৰ পৰাই আৰম্ভ হৈছে আৰু আমাৰ ঐতিহ্যৰ অংশ। যুদ্ধ কলা আমাৰ তেজত আছে, আৰু ই তামিলনাডুৰ বাবে গৌৰৱৰ বিষয়। ইয়াক স্বীকৃতি দিলে আৰু সমৰ্থন কৰিলে আমাৰ ইতিহাস আৰু সংস্কৃতিক সন্মান জনোৱা হ’ব। মই তামিলনাডু চৰকাৰক আহ্বান জনাইছো যে এম এম এক এটা খেল হিচাপে সমৰ্থন আৰু স্বীকৃতি দিয়ক।

MMA-ৰ বিষয়ে জানিব পৰাটো মোৰ বাবে এটা জীৱন সলনি কৰা মুহূৰ্ত আছিলঃ
 
মোৰ এম এম এ যাত্ৰা আৰম্ভ হৈছিল ২০২০ চনৰ জানুৱাৰী মাহত যেতিয়া মই মোৰ প্ৰথম প্ৰশিক্ষণ আৰম্ভ কৰিছিলো। তেতিয়াই মই এই খেলবিধৰ পেছাদাৰী পৰিসৰ উপলব্ধি কৰিলোঁ। এম এম এৰ বিষয়ে জানিব পৰাটো মোৰ বাবে জীৱন সলনি কৰা এটা মুহূৰ্ত আছিল। হিন্দুস্তান বিশ্ববিদ্যালয়ত অভিযান্ত্ৰিক শাখাৰ তৃতীয় বৰ্ষত পঢ়ি থাকোঁতে ক্ৰীড়া ক্ষেত্ৰখনত কিবা এটা কৰিব বিচাৰিছিলো। সৰুৰে পৰাই যুঁজি ভাল পাইছিলো, প্ৰায়ে ককাৰ লগত মল্লযুঁজ কৰিছিলো, অৱশ্যে মল্লযুঁজ কি সেইটোও জনা নাছিলো৷ এই সকলোবোৰ মুহূৰ্ত সংযোগ হৈ মোক এই স্তৰলৈ লৈ গ’ল।
 
স্কুলত বাকী ল’ৰা-ছোৱালীবোৰৰ বেছিভাগেই নিজৰ মাজতে কথা পাতি আছিল বা পঢ়া-শুনা কৰি আছিল৷ কিন্তু মই বাস্কেটবল মেচ বা কিবা এটা আৰম্ভ কৰিবলৈ ক্ৰীড়া শিক্ষকজনক আমনি কৰি আছিলো। মইও তেনেকুৱাই আছিলোঁ যিয়ে আগতে বন্ধুৰ লগত কাজিয়া কৰিছিলোঁ। সকলোৱে মোক কৈছিল যে মই বৰ শক্তিশালী বা মই বৰ জোৰেৰে আঘাত কৰিব পাৰো। কিন্তু তেতিয়া মই নাজানিলোঁ এই শক্তিৰে মই কি কৰিম। মই সঁচাকৈয়ে কিবা এটা খেলিব বিচাৰিছিলো যদিও মোৰ পৰিয়ালে কেৱল পঢ়া-শুনা কৰাটোহে বিচাৰিছিল।
 
তাৰকা ফাইটাৰ আফছান ফাতিমা
 
মই সদায় কিবা নহয় কিবা এটা ফিটনেছ এক্টিভিটি কৰিব বিচাৰিছিলো গতিকে, কলেজৰ তৃতীয় বৰ্ষত মই ক্ৰছফিট জিমত যোগদান কৰিলোঁ। মই প্ৰশিক্ষণ লোৱা জিমটোত মিক্সড মাৰ্চিয়েল আৰ্টছৰ ক্লাছ দিয়া এখন ফলক আছিল যদিও তাত কোনো প্ৰশিক্ষক নাছিল। তেতিয়া মই গুগলত চাৰ্চ কৰি কম্বেট কাইনেটিকচ চেন্নাই আৰু প্ৰশিক্ষক অজিত ছিগামণিৰ বিষয়ে জানিবলৈ পালোঁ।
 
মই অতি ৰক্ষণশীল মুছলমান পৰিয়ালৰ পৰা আহিছো। স্কুল কলেজত পঢ়ি থাকোঁতে মই বোৰ্খা পিন্ধিছিলোঁ। বোৰ্খা পিন্ধি নাথাকিলে ঘৰৰ পৰা ওলাই অহাৰ কথাও ভাবিব পৰা নাছিলোঁ। যদিও মোৰ মা-দেউতাই মোৰ শিক্ষাৰ প্ৰতি সহায় কৰিছিল, তথাপিও যুদ্ধ কলাৰ দৰে খেলৰ লগত জড়িত হোৱাটো কেতিয়াও বিচৰা নাছিল। গতিকে ঘৰৰ পৰা ওলাই গ’লেই বোৰ্খা পিন্ধিছিলো, তাৰ পিছত জিমত কাপোৰ সলাই ঘৰলৈ আহোতে আকৌ বুৰ্খা পিন্ধিছিলো। মোৰ প্ৰায়ে এনে লাগিছিল যেন মই দুটা জীৱন কটাই আছো। সেই দুটা জীৱনত মই যিমান পাৰি ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিলোঁ। সমৰ কলাৰ জগতত প্ৰৱেশৰ পিছত এনে নাছিল যে মই ধৰ্মীয় ৰীতি-নীতি বাদ দিলো বা নামাজ বন্ধ কৰিলোঁ। মই ভাবো যে আপোনাৰ বাহ্যিক ৰূপতকৈ আপোনাৰ হৃদয়ৰ ভিতৰত কি আছে, সেয়ায়ে অধিক গুৰুত্বপূৰ্ণ। 
 
মোৰ মায়ে মোক এই খেলৰ বাহিৰে সকলোতে সহায় কৰিছেঃ
 
মই মোৰ চৌপাশৰ মানুহৰ পৰা প্ৰেৰণা লওঁ, বিশেষকৈ মোৰ মাৰ পৰা। এই খেলক মোৰ কেৰিয়াৰ হিচাপে বাছি লোৱাত মাৰ আগ্ৰহ নাছিল আৰু তেওঁ বিচাৰিছিল যে মই আন কিবা কাম কৰো। অৱশ্যে তেওঁ মোৰ মেৰুদণ্ড হৈয়েই আছে। মোৰ প্ৰশিক্ষক অজিত ছিগামণি আৰু তেওঁৰ সতীৰ্থসকলে মোৰ ক্ৰীড়া যাত্ৰাক গঢ় দিয়াত যথেষ্ট সহায় কৰিছে।
 
প্ৰতিখন টুৰ্ণামেণ্টৰ পিছত মোৰ পৰিয়ালে মোক বিয়াত বহিবলৈ হেঁচা দিছিলঃ
 
 
মুছলমান সমাজৰ পৰা অহাৰ বাবে মই বহু প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছিল আৰু কু-সংস্কাৰ ভংগ কৰিবলগীয়া হৈছিল। মই মাৰ্চিয়েল আৰ্টছৰ প্ৰশিক্ষণৰ বাবে বোৰ্খা পিন্ধি ঘৰৰ পৰা ওলাই গৈছিলো আৰু অনুশীলনৰ পিছত জিমৰ পৰা উভতি আহোঁতে পুনৰ বোৰ্খা পিন্ধি লও।
 
মোৰ পৰিয়াল, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে বিচাৰিছিল যে মই অভিযান্ত্ৰিক ডিগ্ৰী শেষ কৰি আন কিবা এটা কৰো। মোক প্ৰায়ে ঠাট্টা কৰিছিল, কোনে মোক বিয়া কৰাব বিচাৰিব বুলি প্ৰশ্ন কৰিছিল। প্ৰতিখন টুৰ্ণামেণ্টৰ পিছত তেওঁলোকে মোক বিয়া পাতিবলৈ হেঁচা দিছিল। কিন্তু মই সকলোবোৰ আওকাণ কৰি মোৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিলোঁ।
 
মাৰ্চিয়েল আৰ্টছ মহিলাৰ বাবে শিকিবলগীয়া এক অপৰিহাৰ্য দক্ষতাঃ

পেছাদাৰীভাৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক বা নকৰক সকলোৱে যুদ্ধ কলা শিকিব লাগে। ই এক দক্ষতা যিয়ে আপোনাক আজীৱন সজ্জিত কৰে৷ বিশেষকৈ মহিলাসকলে ইয়াক শিকাটো অতি প্ৰয়োজনীয়। ই মোক বাস্তৱ জীৱনৰ কেইবাটাও পৰিস্থিতিত সহায় কৰিছে, যেনে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ বা হাৰাশাস্তি বা ডকাইতিৰ পৰা নিজকে ৰক্ষা কৰাৰ ক্ষেত্ৰত সমৰ কলাই মোক যথেষ্ট সহায় কৰিছে। এম এম এৰ সৌন্দৰ্য্য হ’ল ইয়াত কৌশলেৰে শক্তিক জয় কৰিব পাৰি।
 

আফছান ফাতিমা তেওঁৰ মেডেলৰ সৈতে
 
ফাইনেলৰ দিনা মোৰ মাহেকীয়া ঋতুস্ৰাৱ হৈছিলঃ
 
বিশ্ব এম এম এ চেম্পিয়নশ্বিপৰ মই একমাত্ৰ মহিলা যুঁজাৰু আছিলো, যিয়ে চাৰিখন মেচত অংশগ্ৰহণ কৰিছিল। মোৰ প্ৰথম যুঁজখনত মই আইৰিছ প্ৰতিদ্বন্দ্বী এজনৰ সন্মুখীন হৈছিলো আৰু submissionৰ জৰিয়তে জয়ী হৈছিলো। কোৱাৰ্টাৰ ফাইনেলত কাজাখাস্তানৰ এজন কঠিন প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিলোঁ। কাজাখাস্তানৰ দুবাৰৰ বিশ্ব চেম্পিয়ন মোৰ প্ৰতিদ্বন্দ্বী মাটিল্ডা বাচুৰিনাই সেই ৰাউণ্ডলৈ পোনপটীয়াকৈ আগবাঢ়ি যোৱাৰ বাবে ছেমিফাইনেলখন অতি গুৰুত্বপূৰ্ণ আছিল। ভাৰতৰ এম এম এৰ ইতিহাসত কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত একেৰাহে তিনিখন যুঁজত কোনেও জয়ী হোৱা নাই যদিও মই সেইখিনি অৰ্জন কৰিলোঁ। 
 
সোণৰ পদক লাভ কৰিব পাৰিলে, সেয়া নিশ্চয়কৈ মোৰ বাবে আৰু দেশৰ বাবে গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক হ’লহেঁতেন, কিন্তু স্পেইনৰ ইছাবেল কেলভোৰ সৈতে ফাইনেলৰ দিনটোত মোৰ মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ ফলত মোৰ বাবে মেচখন কঠিন হৈ পৰে। মই ১০০ শতাংশ উজাৰি দিব নোৱাৰিলো।