এবছৰৰ অপেক্ষাৰ অন্তত অৱশেষত ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলত উমা চেত্ৰীৰ অভিষেক

Story by  atv | Posted by  [email protected] • 2 Months ago
ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলত উমা চেত্ৰীৰ অভিষেক
ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলত উমা চেত্ৰীৰ অভিষেক
 
গুৱাহাটী

ৰিয়ান পৰাগে ভাৰতীয় ছিনিয়ৰ পুৰুষ দলত অভিষেক ঘটোৱাৰ এদিন পিছতে আন এক সুসংবাদে অসমবাসীক গৌৰবান্বিত কৰিছে। অসমৰ প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীয়ে দেওবাৰে নিশা ভাৰতীয় ছিনিয়ৰ দলত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে।
 
প্ৰায় এবছৰ ধৰি ভাৰতীয় দলৰ সৈতে থকা বোকাখাতৰ উইকেটৰক্ষক বেটাৰগৰাকীয়ে অৱশেষত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টি-২০ত খেলপথাৰত নমাৰ গৌৰৱ অৰ্জন কৰে। অৱশ্যে বৰষুণৰ বিঘিনিৰ বাবে মেচখন অমীসাংসিত হৈ ৰয় আৰু অসমকন্যা উমা চেত্ৰীয়ে বেটিং কৰাৰ সুযোগ নাপালে। 
 
চেন্নাইত অনুষ্ঠিত মেচখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰি  নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। উইকেটৰক্ষক উমা চেত্ৰীয়ে আলহী দলটোৰ অপেনাৰ টানজিম ব্ৰিটছ (৫২ ৰান)ক দিপ্তী শৰ্মাৰ বলত ষ্টাম্পিং কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমটো চিকাৰ কৰে। 
 
 
উল্লেখ্য যে, ২০২৩ৰ জুনত প্ৰথমবাৰৰ বাবে ভাৰতীয় ছিনিয়ৰ দললৈ উমা চেত্ৰীয়ে আমন্ত্ৰণ লাভ কৰিছিল। তেতিয়াৰ পৰা তেওঁ সুযোগৰ সন্ধানত আছিল যদিও দেওবাৰে নিশা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জাৰ্ছী পৰিধান কৰি খেলপথাৰত নমাৰ সৌভাগ্য অৰ্জন কৰে। 
যোৱা বছৰ এছিয়ান গেমছত স্বৰ্ণ পদক জয়েৰে ইতিহাস ৰচা ভাৰতীয় মহিলা ক্ৰিকেট দলটোতো অসমকন্যা উমা চেত্ৰী অন্যতম সদস্য হিচাপে আছিল। অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ২১ বছৰীয়া উমা কাজিৰঙাৰ অতি পিছপৰা এটা বানবিধ্বস্ত অঞ্চলৰ আৰ্থিকভাৱে দূৰ্বল পৰিয়ালৰ কন্যা।
 
শৈশৱৰ পৰা তেওঁ দৰিদ্ৰতা আৰু আন বহুতো প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিবলগীয়া হৈছিল। তথাপি তেওঁ হাৰ মনা নাছিল। ক্ৰিকেটেৰে জীৱন গঢ়াৰ দুৰ্বাৰ সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ প্ৰতিটো বাধা, প্ৰতিটো প্ৰত্যাহ্বান ওফৰাই লক্ষ্যৰ দিশে আগবাঢ়িছিল।