১৭ বছৰৰ মূৰত টি-২০ বিশ্বকাপত চুম্বন দিলে ভাৰতে; ফাইনেলত বিস্ময়কৰ জয়

Story by  atv | Posted by  Munni Begum • 3 d ago
বাৰ্বাডোছ ষ্টেডিয়ামত জয়লাভ উদযাপন কৰি থকা টিম ইণ্ডিয়া
বাৰ্বাডোছ ষ্টেডিয়ামত জয়লাভ উদযাপন কৰি থকা টিম ইণ্ডিয়া
 
ব্রীজটাউন
 
সুদীর্ঘ সোতৰ বছৰীয়া অপেক্ষাৰ অৱসান ঘটাই ভাৰতে দ্বিতীয়বাৰলৈ টি-২০ বিশ্বকাপ জয় কৰিছে। টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণৰ ফাইনেলত ভাৰতে শনিবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭ ৰানত জয়লাভ কৰে। ৰোমাঞ্চকৰ যুঁজখনত ১৭৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ২০ অভাৰত ৮ উইকেটত ১৬৯ ৰানহে কৰিবলৈ সক্ষম হয় দক্ষিণ আফ্রিকা। 
 
জয়ৰ বাবে দক্ষিণ আফ্রিকাক অন্তিম অভাৰত ১৬ ৰান প্রয়োজন হৈছিল। কিন্তু হার্দিক পাণ্ডিয়াই দক্ষিণ আফ্রিকাক লক্ষ্যত উপনীত হ'বলৈ নিদিলে। হার্দিকৰ প্ৰথম বলটোতে সূর্যকুমাৰ যাদৱে এক অবিশ্বাস্য কেচ ধৰি ডেভিদ মিলাৰক বিদায় দিয়ে। মিলাৰ আউট হোৱাৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ জয়ৰ আশা কার্যতঃ নির্বাপিত হয়। অথচ ইয়াৰ আগলৈকে জয়ৰ দিশতে ধাৱমান হৈছিল দক্ষিণ আফ্রিকা। 
হার্দিকে ২০ ৰানত তিনিটা উইকেট দখল কৰে। অৰ্শদীপ সিং আৰু জছপ্ৰীত বুমৰাহে দখল কৰে দুটাকৈ উইকেট। দক্ষিণ আফ্রিকাৰ হেইনৰিখ ক্লাছেনে ২৭টা বলত দুটা বাউণ্ডেৰী আৰু পাঁচটা অভাৰ বাউণ্ডেৰীৰে খেলা ৫২ ৰানৰ চমৎকাৰ ইনিংছটো শেষ মুহূর্তত অথলে যায়। 
 
২০১৩ৰ পাছত ভাৰতৰ এইটো প্রথম আই চি চি ট্রফী। আই চি চি টুর্নামেণ্টৰ ফাইনেলত একেৰাহে পাঁচবাৰ পৰাস্ত হোৱাৰ পাছত সফলতাৰ মুখ দেখে ভাৰতে। পাৱাৰপ্লেত তিনিটা উইকেট হেৰুৱালেও ভাৰতে আজি ২০ অভাৰত ৭ উইকেটত ১৭৬ ৰান কৰে। দলৰ সংকটকালত বিৰাট কোহলীয়ে ৫৯টা বলত ছটা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰীৰে ৭৬ বানৰ এটা সময়োপযোগী ইনিংছ খেলে। কোহলীয়ে অক্ষৰ পেটেলৰ সৈতে ৭২ ৰান যোগ দি ভাৰতক এক সন্মানজনক স্থিতিলৈ আগবঢ়াই নিয়ে। 
 
ভাৰতৰ টী-২০ বিশ্বকাপ জয়ৰ পিছত অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলী
 
অক্ষৰে ৩১টা বলত এটা বাউণ্ডেৰী আৰু চাৰিটা অভাৰ বাউণ্ডেৰীৰে ৪৭ ৰান কৰে। শিৱম ডুবেৰ বেটৰপৰা আহে ২৭ ৰান। ভাৰতে ২০০৭ চনত প্ৰথমবাৰলৈ টী-২০ বিশ্বকাপ জয় কৰিছিল। মহেন্দ্র সিং ধোনীৰ নেতৃত্বত টী-২০ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত শ্রেষ্ঠত্ব অর্জন কৰিছিল টীম ইণ্ডিয়াই। 
 
ইয়াৰ পাছত ২০১৪ চনত ফাইনেলত উপনীত হ'লেও শ্রীলংকাৰ হাতত পৰাস্ত হৈছিল ভাৰত। সেইবাৰ টী-২০ বিশ্বকাপ অনুষ্ঠিত হৈছিল বাংলাদেশত। কপিল দেৱ আৰু ধোনীৰ পাছত ৰোহিত শর্মা আজি ভাৰতৰ তৃতীয়জন বিশ্বকাপ বিজয়ী অধিনায়ক হিচাপে পৰিগণিত হৈছে।