তাৰকা ক্ৰিকেটাৰ মহম্মদ ছামীক তৃতীয় টেষ্টৰ পূৰ্বে সুস্থ কৰি তোলাৰ দায়িত্বত এজন অসম সন্তান

Story by  atv | Posted by  [email protected] • 4 d ago
অসম সন্তান নিশান্ত বৰদলৈৰ তত্ত্বাৱধানত ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে মহম্মদ ছামী
অসম সন্তান নিশান্ত বৰদলৈৰ তত্ত্বাৱধানত ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে মহম্মদ ছামী
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

নিজকে সম্পূৰ্ণ সুস্থ বুলি প্ৰমাণ কৰিবলৈ কঠিন পৰীক্ষাৰ সন্মুখীন হৈছে মহম্মদ ছামী। টীম ইণ্ডিয়ালৈ প্ৰত্যাৱৰ্তনৰ বাবে সম্প্ৰতি ঘৰুৱা ক্ৰিকেটত খেলি থকা অভিজ্ঞ বেগী বলাৰগৰাকীৰ ফিটনেছৰ প্ৰতিটো দিশ নিৰীক্ষণ কৰি আছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচৰ পূৰ্বে ছামীক সুস্থ হৈ উঠিবলৈ কিছু নীতি-নিৰ্দেশনা বান্ধি দিছে ব'ৰ্ডে। 
 
ব'ৰ্ডৰ এক সূত্ৰৰ মতে, সম্প্ৰতি ছৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাত বংগৰ হৈ খেলি থকা তাৰকাগৰাকীয়ে টীম ইণ্ডিয়ালৈ প্ৰত্যাৱৰ্তনৰ বাবে শৰীৰৰ ওজন কিছু হ্ৰাস কৰিব লাগিব আৰু পূৰ্বৰ দৰে একেৰাহে দীঘলীয়া স্পেলত বলিং কৰিব পাৰিব লাগিব। এই দুটা পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিলে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ছামীক তৃতীয় টেষ্টৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰিব।   
 
উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰঞ্জি ট্ৰফীত খেলি মহম্মদ ছামীয়ে সুদীৰ্ঘ এবছৰৰ মূৰত প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উভতি আহিছে। ইয়াৰ পিছত তেওঁ সম্প্ৰতি ঘৰুৱা টি-২০ লীগত ব্যস্ত আছে। এই মেচসমূহত বংগৰ বেগী বলাৰগৰাকীয়ে সুনাম অনুসৰি উইকেট দখল কৰিবলৈ সক্ষম হৈছে যদিও অতি সতৰ্কতাৰে তেওঁ সৰু সৰু স্পেলত বলিং কৰিছে।
বিচিচিআইৰ এক সূত্ৰই কয়, ‘মহম্মদ ছামী সম্প্ৰতি বিচিচিআইৰ চিকিৎসা দলৰ চোকা নজৰত বলিং কৰি আছে। প্ৰতি স্পেলৰ পিছত তেওঁক চিকিৎসা দলে চিকিৎসা কৰি আছে। তেওঁ কেতিয়া বিচিচিআইৰ চিকিৎসা দলৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ খেলিব পৰা হ'ব, সেয়া আমি মন কৰিব লাগিব। মেচ খেলি থকাৰ লগে লগে তেওঁৰ শৰীৰৰ ওজন কমিবলৈ আৰম্ভ কৰিছে বুলি মেডিকেল টিমে অনুভৱ কৰিছে, যিয়ে তেওঁৰ প্ৰত্যাৱৰ্তনত সহায় কৰিব।"
 
উল্লেখ্য যে, বিচিচিআইৰ ক্ৰীড়া বিজ্ঞানৰ মুৰব্বী নীতিন পেটেল আৰু নেশ্যনেল ক্ৰিকেট একাডেমী (NCA)ৰ প্ৰশিক্ষক নিশান্ত বৰদলৈয়ে বংগ দলৰ সৈতে থকা সময়ছোৱাত ছামীৰ প্ৰশিক্ষণ আৰু আৰোগ্যৰ ৰুটিনৰ দায়িত্ব চম্ভালিছে। এন চি এৰ প্ৰশিক্ষক নিশান্ত বৰদলৈ হৈছে অসমৰ প্ৰাক্তন ৰঞ্জি খেলুৱৈ। সম্প্ৰতি তেওঁ দেশৰ এগৰাকী আগশাৰীৰ ফিটনেছ ট্ৰেইনাৰ আৰু Strength and Conditioning Coach।
২০১৮ চনৰ পৰা তেওঁ এনচিএৰ ফেকাল্টী মেম্বাৰ হিচাপে কাম কৰি আছে। কেইবাটাও আইপিএল দলৰ লগতে নিশান্ত বৰদলৈ ভাৰতীয় 'এ' দল, ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দল, অসম ৰঞ্জি দল, দিল্লী ৰঞ্জি দলৰ ফিটনেছ ট্ৰেইনাৰৰ দায়িত্ব পালন কৰিছে। পূৰ্বে বীৰেন্দ্ৰ সেহৱাগ, যুৱৰাজ সিং, ঋষভ পণ্ট, গৌতম গম্ভীৰ, শিখৰ ধাৱন আদিৰ দৰে তাৰকা বেটছমেনক আঘাতমুক্ত কৰি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰা অসম সন্তান নিশান্ত বৰদলৈৰ নিৰীক্ষণত এতিয়া আৰোগ্য হোৱাৰ দিশত আগবাঢ়িছে ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল বেগী বলাৰ মহম্মদ ছামী। 
 
বিচিচিআইৰ সূত্ৰটোৱে পুনৰ কয় যে ২০২৫ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নছ ট্ৰফীৰ প্ৰতি লক্ষ্য ৰাখি মহম্মদ ছামীৰ ফিটনেছক লৈ ব'ৰ্ডে অধিক খৰখেদা কৰিব বিচৰা নাই।
 
 
"ছৈয়দ মুস্তাক আলী টি-২০ মেচত দুই অভাৰৰ স্পেল কৰাটো এজন সুস্থ বেগী বলাৰৰ লক্ষণ হ'ব নোৱাৰে। হাই-প্ৰফাইল টেষ্ট ছিৰিজত তীব্ৰতা বজাই ৰাখিবলৈ হ'লে এটা বেলেগ পৰ্যায়ৰ ফিটনেছৰ প্ৰয়োজন হয়। মুস্তাক আলীৰ ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হলে তেওঁক টিম ইণ্ডিয়াৰ সৈতে প্ৰশিক্ষণ ল’বলৈ অষ্ট্ৰেলিয়ালৈ পঠোৱাৰ সম্ভাৱনা আছে যদিও মূল একাদশত খেলাৰ সিদ্ধান্তটো দলীয় মেনেজমেণ্টে বিবেচনা কৰিব। ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীক লৈও নিৰ্বাচকসকল অতি সতৰ্ক হৈ আছে।"-সূত্ৰটোৱে কয়।
 
যদিহে ছামীৰ আৰোগ্য প্ৰক্ৰিয়া সম্পূৰ্ণ পৰিকল্পনা অনুসৰি আগবাঢ়ে, তেন্তে ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয়খন টেষ্টৰ পৰা তেওঁ টীম ইণ্ডিয়াৰ হৈ খেলিব পাৰে। ছামীৰ অনুপস্থিতিত পাৰ্থত অনুষ্ঠিত প্ৰথমখন টেষ্টত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক ভালদৰে মোকাবিলা কৰিছিল। মেচখনত ভাৰপ্ৰাপ্ত অধিনায়ক তথা তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহে ৮টা, মহম্মদ ছিৰাজে ৫টা উইকেট দখল কৰাৰ বিপৰীতে অভিষেককাৰী হৰ্ষিত ৰাণাই ৪টা উইকেট দখল কৰে আৰু ভাৰতে ২৯৫ ৰানত জয়েৰে ইতিহাস ৰচনা কৰে।