এগৰাকী অগতানুগতিক মৌলবী; স্কেটিং খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আশ্বাদুল্লাহ ফাৰুকীয়ে

Story by  Munni Begum | Posted by  Munni Begum • 7 Months ago
হাফিজ তথা স্কেটাৰ আশ্বাদুল্লাহ ফাৰুকী
হাফিজ তথা স্কেটাৰ আশ্বাদুল্লাহ ফাৰুকী
 
মুন্নী বেগম / গুৱাহাটী
 
আমাৰ সমাজত এক ধাৰণা আছে যে, এগৰাকী হাফিজ বা মৌলৱীয়ে কেৱল ধৰ্মীয় কাম কাজহে কৰে। কিন্তু এই ধাৰণাক সম্পূৰ্ণৰূপে ভূল বুলি প্ৰমাণিত কৰিছে এগৰাকী হাফিজে। তেওঁ ইছলাম ধৰ্মৰ হাফিজি ডিগ্ৰী লাভ কৰিও বিভিন্ন প্ৰকাৰৰ স্কেটিং খেলত অংশ লৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁ হৈছে খাৰুপেটীয়াৰ নিবাসী হাফিজ তথা স্কেটাৰ আশ্বাদুল্লাহ ফাৰুকী।  
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক কথোপকথনত হাফিজ তথা স্কেটাৰ আশ্বাদুল্লাহ ফাৰুকীয়ে কয়, "মই এগৰাকী হাফিজ হোৱাৰ লগতে শৰীৰ চৰ্চাৰ বাবে স্কেটিঙো কৰো। মই সৰুৰে পৰা কোনো ধৰনৰ আনুষ্ঠানিক প্ৰশিক্ষন গ্ৰহণ নকৰাকৈয়ে নিজে স্কেটিং কৰিব শিকিছিলো। কিন্তু প্ৰায় আঠ বছৰ পূৰ্বে মই হায়দৰাবাদৰ শ্বাহীন গ্ৰুপ অব ইনষ্টিটিউটৰ পৰা কলেজীয়া শিক্ষাৰ সমান্তৰালভাৱে স্কেটিঙৰো প্ৰশিক্ষণ লাভ কৰিছিলো।" 
 
 
বেংগালৰুৰ জামিয়া ইমাম আবু হানিফাৰ পৰা ২০১৪ত হাফিজি পাছ কৰা হাফিজ আশ্বাদুল্লাহ ফাৰুকীৰ মতে ইছলামত কেতিয়াও শিক্ষা, সংস্কৃতি, ক্ৰীড়া, স্বাস্থ্য আদি ক্ষেত্ৰত কাম কৰাৰ বাবে বাধা আৰোপ কৰা হোৱা নাই। ধৰ্মীয় শিক্ষা গ্ৰহন কৰাৰ পিছতো সকলোৱে সকলো ধৰণৰ কাম কৰিব পাৰে। কিয়নো ধৰ্মীয় শিক্ষাটো হৈছে ব্যক্তিগত শিক্ষা, ধৰ্মীয় শিক্ষাই আপোনাৰ মন আৰু মগজুৰ মলিনতাহে পৰিস্কাৰ কৰে।   
 
হাফিজ ফাৰুকীয়ে কয়, "ইছলামত কেতিয়াও আমাক বাধা আৰোপ কৰা নাই যে, আমি ধৰ্মীয় শিক্ষা গ্ৰহন কৰাৰ পিছত অন্য কোনো কাম কৰিব নোৱাৰো। মাত্ৰ হাফিজি তথা মৌলৱীৰহে কাম কৰিব লাগিব বুলি কোনো কথা নাই। কিয়নো, আমি সকলোৱে সকলো কাম কৰিব পাৰো। ধৰ্মীয় শিক্ষাটো হৈছে ব্যক্তিগত শিক্ষা, ধৰ্মীয় শিক্ষাই  আমাৰ আধ্যাত্মিক উত্তৰণহে ঘটায়। কিন্তু, এখন সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ ধৰ্মীয় শিক্ষাই পৰ্যাপ্ত নহয়। ধৰ্মীয় শিক্ষা গ্ৰহন কৰাৰ উপৰিও আমি সকলোৱে সাধাৰন ডিগ্ৰী, সংস্কৃতি, ক্ৰীড়া, স্বাস্থ্য তথা অন্য দিশতো নিজৰ নাম উজলাব পাৰে আৰু সমাজৰ হিতাৰ্থে কাম পৰিব পাৰে। কোৰাণত এইবোৰ কাম কৰাৰ বাবে কেতিয়াও বাধা আৰোপ কৰা হোৱা নাই। আমাৰ সমাজত এক ভূল ধাৰনা আছে যে, এগৰাকী হাফিজ, মৌলৱীয়ে কেৱল মাত্ৰ ধৰ্মীয় কাম কাজতে সীমাবদ্ধ হৈ থাকিব লাগে। অন্য কাম কৰিলে নানান ধৰণে তেওঁক সমালোচনা কৰা হয়। সেয়েহে মই সমাজৰ পৰা এই ভূল ধাৰনাটো আঁতৰাব বিচাৰো। ধৰ্মীয় শিক্ষাৰ লগতে অন্য কামবোৰো মই সুচাৰুৰূপে কৰি যাব বিচাৰো।"  
 
ধৰ্মীয় শিক্ষাই আমাৰ আধ্যাত্মিক উত্তৰণ ঘটোৱাৰ লগতে সমাজিকভাৱে আচাৰ-ব্যৱহাৰো শিকাই। কিন্তু আৰ্থিকভাৱে স্বাৱলম্বী হবলৈ ধৰ্মীয় শিক্ষাৰ লগতে অন্য কামো কৰিব লাগে বুলি মন্তব্য কৰি হাফিজ ফাৰুকীয়ে কয়, "মই ভাৱো যে, ধৰ্মীয় শিক্ষা আমাৰ প্ৰতিগৰাকী মানুহৰ বাবে দৰকাৰ, কিন্তু ধৰ্মীয় শিক্ষাৰ লগতে আমি স্কুলীয়া শিক্ষাও গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। কিয়নো মই অতি দুখীয়া ঘৰৰ ল'ৰা। মোৰ দেউতা হৈছে এগৰাকী শ্ৰমিক আৰু মোৰ মা হৈছে এগৰাকী গৃহীনি। দেউতাই দৈনিক উপাৰ্জনেৰে কোনোমতে পৰিয়ালৰ পোহপাল দি আহিছে। মোৰ এজন ভাইটী আৰু এগৰাকী ভণ্টি আছে। ভাইটীয়ে দেউতাক আৰ্থিকভাৱে সহায় কৰাৰ বাবে আধাতে নিজৰ পঢ়া সামৰিবলগীয়া হৈছে। তেনে ক্ষেত্ৰত মই হাফিজি কৰি ঘৰত খুব এটা সহায় কৰিব পৰা নাই।"   
 
গাঁৱৰ ৰাস্তাত স্কেটিং কৰিছে হাফিজ আশ্বাদুল্লাহ ফাৰুকীয়ে
 
হাফিজ ফাৰুকীয়ে কয়, "ইছলামত দৈনিক পাচঁবাৰ নামাজ পঢ়াৰ নিৰ্দেশ দিয়া হৈছে। যিয়ে আমাৰ শৰীৰ চৰ্চাৰো কাম কৰে। কিন্তু বৰ্তমান আমাৰ জীৱনশৈলীৰ বাবে কেৱল নামাজ পঢ়িয়ে আমি নিজকে সুস্থ কৰি ৰাখিব নোৱাৰো। সেয়েহে আমি নিয়মীতভাৱে যোগ বা ব্যায়াম কৰিব লাগে। কিয়নো যোগ বা ব্যায়াম কৰিলে আমি আমাৰ শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰিব পাৰো। এতিয়া কথাটো হল যে বৰ্তমান আমি সকলোৱে খুবেই ব্যস্ত, সেয়েহে আমি সকলোৱে নিজৰ নিজৰ সুবিধা অনুসৰি যিমানখিনি সম্ভৱ সিমানখিনি যোগ বা ব্যয়াম তথা অন্যন্য অনুশীলন কৰিব লাগে। মই স্কেটিং কৰাৰ মূল কাৰণটোৱে হৈছে নিজকে সুস্থ্য কৰি ৰখা।"   
 
ধৰ্মীয় শিক্ষা গ্ৰহণ কৰি হাফিজ ডিগ্ৰী লাভ কৰা হাফিজ আশ্বাদুল্লাহ ফাৰুকীয়ে জিলা ভিত্তিক কেইবাখনো স্কেটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু বিজয়ীও হৈছে। বৰ্তমান তেওঁ নিজৰ ঘৰখনক আৰ্থিকভাৱে সহায় কৰাৰ উদ্দেশ্যে হায়দাৰাবাদত মাৰ্কেটিংৰ শিক্ষা গ্ৰহণ কৰি আছে। তেওঁ ভৱিষ্যতে নিজৰ ধৰ্মীয় দিশৰ লগতে সুযোগ-সুবিধা লাভ কৰিলে ক্ৰীড়াৰ দিশতো আগবাঢ়ি যোৱাৰ কথা ভাবিছে।  
 
হাফিজ আশ্বাদুল্লাহ ফাৰুকীয়ে কয়, "অসমত আনুষ্ঠানিকভাৱে স্কেটিং প্ৰশিক্ষণ কেন্দ্ৰৰ অভাৱ। মাত্ৰ দুই-তিনিখন জিলাৰ বাদে নামনি অসমতো নাই বুলিয়ে কব পাৰি স্কেটিং কৰিব বিচাৰিলে ল'ৰা-ছোৱালীয়ে গুৱাহাটীলৈ যাব লাগে। আৰ্থিকভাৱে দূৰ্বল ঘৰৰ ল'ৰা-ছোৱালীয়ে নিজৰ মনৰ আশা মনৰ মাজতে ৰাখিবলগীয়া হয়। কিন্তু বহিঃৰাজ্যত স্কুলীয়া শিক্ষাৰ লগতে স্কেটিঙৰ দৰে অন্য খেলৰ প্ৰশিক্ষণ দিয়া হয়। সেয়েহে মই হায়দাৰাবাদত কলেজীয়া শিক্ষাৰ লগতে স্কেটিঙৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছো। ভৱিষ্যতে নিজৰ ধৰ্মীয় দিশৰ লগতে সুযোগ-সুবিধা লাভ কৰিলে ক্ৰীড়াৰ দিশটো আগবাঢ়ি যোৱাৰ কথা ভাবিছো।" 
 
হাফিজ তথা স্কেটাৰ আশ্বাদুল্লাহ ফাৰুকী
 
ৰোলাৰ স্কেটিঙক জনপ্ৰিয় কৰাৰ অগ্ৰণী ব্যক্তি ভূমিধৰ বৰ্মনে কয়, "২০০৮ত অসমলৈ ৰোলাৰ স্কেটিং খেলবিধ আনিছিলো। এতিয়া এই খেলবিধ অসমৰ বিভিন্ন জিলাত জনপ্ৰিয় হৈ পৰিছে। বৰ্তমান তিনিচুকীয়া, ডিব্ৰুগড় আদি জিলাত যথেষ্ট জনপ্ৰিয় হৈ উঠিছে ৰোলাৰ স্কেটিং। নামনি অসমৰ ধুবুৰী, বঙাইগাওঁ আদি জিলাত ৰোলাৰ স্কেটিঙৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে। কিন্তু অসমত ৰোলাৰ স্কেটিঙৰ বাবে উপযুক্ত আন্তঃগাথনিৰ অভাৱ। ৰঙিয়া, মিৰ্জা, ছয়গাঁও আদিত বহু খেলুৱৈ আছে, যিসকলে তাত ব্যৱস্থা নথকাৰ বাবে গুৱাহাটীলৈ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহে। আমাৰ ইয়াত ব্যক্তিগত বিদ্যালয়সমূহত প্ৰশিক্ষণৰ ব্যৱস্থা আছে, যদিও চৰকাৰী বিদ্যালয়সমূহত নাই।" 
 
বৰ্মনে লগতে কয়, "স্কেটিং হৈছে এবিধ মৰ্ডান খেল আৰু দু:সাহসিক ক্ৰীড়া। সেয়েহে স্কেটিং কৰি বহু লৰা ছোৱালীয়ে খুব আনন্দ লাভ কৰে।    আগতে স্কেটং কৰিবলৈ একো ব্যৱস্থা নাছিল, আনন্দ উপভোগ কৰাৰ বাবে লৰা ছোৱালীয়ে হোষ্টেলৰ বাৰাণ্ডাতে স্কেটিং কৰিছিল। কিন্তু এতিয়া স্কেটিং কৰাটো এক খেলত পৰিণত হৈছে। স্কেটিং কৰিবলৈ হ'লে মসৃণ পথৰ লগতে কোচ থকাটো অনিবাৰ্জ। 
 
বৰ্মনে লগতে কয়, "হাফিজ আশ্বাদুল্লাহ ফাৰুকীয়ে যদি আমাৰ সৈতে যোগাযোগ কৰে, তেন্তে আমি তেওঁক সকলো ধৰনৰ সহায় আগবঢ়াম। তেওঁ স্কেটিঙৰ ক্ষেত্ৰত নিজৰ সম্পূৰ্ণ চাৰ্ফেজ বনাই ল'লে, তেওঁৰ অধীনতে বহু লৰা ছোৱালীয়ে স্কেটিং কৰিব পাৰিব আৰু ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিব পাৰিব। তেতিয়াটো স্বয়ংক্ৰিয়ভাৱে খেলবিধৰ চৌদিশে প্ৰসাৰ ঘটিব।"