চণ্ডীগড়
এছিয়াৰ একমাত্ৰ আৰু বিশ্বৰ সৰ্বোচ্চ স্নো মাৰাথন লাহাউল (Snow Marathon Lahaul)ৰ চতুৰ্থ সংস্কৰণ ২৩ মাৰ্চত ১১ হাজাৰ ফুট উচ্চতাত অনুষ্ঠিত হ’ব। ই হিমাচল প্ৰদেশৰ লাহাউল-স্পিটি জিলাৰ ছিছুত অনুষ্ঠিত হ’ব বুলি সোমবাৰে বিষয়াসকলে ঘোষণা কৰিছে। এই অনন্য ইভেণ্টে চৰম পৰিস্থিতিত দীৰ্ঘ দূৰত্বৰ দৌৰত অংশ লোৱা আল্টা দৌৰবিদসকলক প্ৰত্যাহ্বান জনাব।
এইবাৰৰ মাৰাথনত সমগ্ৰ দেশৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখন চাৰিটা শাখাত অনুষ্ঠিত হ'ব, সেয়া হৈছেঃ ৪২ কিলোমিটাৰ (ফুল মাৰাথন), ২১ কিলোমিটাৰ (হাফ মাৰাথন), ১০ কিলোমিটাৰ, আৰু ৫ কিলোমিটাৰ।
শীৰ্ষ এণ্ডুৰেন্স খেলুৱৈ আৰু দুঃসাহসিক কৰ্মৰ প্ৰতি আগ্ৰহীসকলক আকৰ্ষণ কৰাৰ বাবে অধিক উচ্চতাৰ স্নো মাৰাথন আয়োজন কৰাটো ভাৰতৰ বিশ্বব্যাপী প্ৰতিনিধিত্বৰ এক মূল অংশ। এই প্ৰতিযোগিতাৰ পূৰ্বৰ সংস্কৰণসমূহত ভাৰতীয় সেনা আৰু ভাৰতীয় নৌসেনাই সৱল ৰূপত অংশগ্ৰহণ কৰি আহিছে। এইবাৰ ২০ জন দৌৰবিদৰ সৈতে ভাৰতীয় বায়ুসেনাৰ দুঃসাহসিক দলে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। ভাৰতীয় সেনাই লাডাখ স্কাউট, ডোগ্ৰা আৰু কুমাওন ৰেজিমেণ্টৰ খেলুৱৈকে ধৰি ২৫ গৰাকী আগশাৰীৰ দৌৰবিদক এই প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰিছে।
ইয়াৰ উপৰিও আইটিবিপি আৰু এছএছবিৰ দৰে অৰ্ধসামৰিক বাহিনীয়ে আগশাৰীৰ দৌৰবিদ আৰু আউটড’ৰ খেলুৱৈৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। দৌৰ সন্দৰ্ভত প্ৰতিযোগিতাৰ আয়োজক কৰ্ণেল (অৱসৰপ্ৰাপ্ত) অৰুণ নাটৰাজনে অনুষ্ঠানটোৰ পৰিৱেশগত তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে।
“লাহাউলৰ শীতকালীন প্ৰাকৃতিক দৃশ্যই দৌৰবিদ আৰু দুঃসাহসিক কৰ্মীসকলৰ বাবে এক ৰোমাঞ্চকৰ অভিজ্ঞতা প্ৰদান কৰে। অৱশ্যে গলি যোৱা হিমবাহ আৰু হ্ৰাস পোৱা বৰফৰ পৰিমাণ চিন্তাৰ বিষয় হৈ পৰিছে। আমি আশা কৰোঁ এই অনুষ্ঠানে আমাৰ পৰিৱেশ ৰক্ষাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰিব।"-কৰ্ণেল নটৰাজনে কয়।
ইফালে, হাই-এলটিটিউড প্ৰশিক্ষক শচীন শৰ্মাই এই দৌৰক আউটড’ৰ আৰু এণ্ডুৰেন্স দৌৰবিদৰ বাবে একক অভিজ্ঞতা বুলি অভিহিত কৰে।