২৫ সংখ্যক ৰাষ্ট্ৰীয় ৰোইং চেম্পিয়নশ্বিপৰ বাবে অসমৰ ৫ জনীয়া দল ঘোষণা

Story by  atv | Posted by  [email protected] • 2 d ago
২৫ সংখ্যক ৰাষ্ট্ৰীয় ৰোইং চেম্পিয়নশ্বিপৰ বাবে অসমৰ ৫ জনীয়া দল ঘোষণা
২৫ সংখ্যক ৰাষ্ট্ৰীয় ৰোইং চেম্পিয়নশ্বিপৰ বাবে অসমৰ ৫ জনীয়া দল ঘোষণা
 
গুৱাহাটী
 
২৫ অক্টোবৰৰ পৰা ২৬ অক্টোবৰ ২০২৪ লৈ উত্তৰ প্ৰদেশৰ গোৰখপুৰত অনুষ্ঠিত হ’বলগীয়া ২৫ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ৰোইং চেম্পিয়নশ্বিপৰ বাবে অসমৰ ল’ৰা আৰু ছোৱালীৰ ৰোইং দলৰ ৫ জনীয়া সদস্যৰ দল ঘোষণা কৰা হয়।
 
আছাম বো'ট ৰেচিং এণ্ড ৰোইং ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক নবাবুদ্দিন আহমেদে ৫ জনীয়া দলটো ঘোষণা কৰে। উত্তৰ প্ৰদেশ ৰোইং এছ’চিয়েশ্যনৰ দ্বাৰা আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাখন।
 
৫ সদস্যৰ দলটোৱে ২১ অক্টোবৰ, ২০২৪ তাৰিখে লালচান্দ ৰাজভৰৰ নেতৃত্বত গুৱাহাটীৰ পৰা ৰাওনা হ'ব। লালচান্দ ৰাজভৰ আৰু প্ৰাচী হান্নানে দলটোৰ সৈতে ক্ৰমে প্ৰশিক্ষক আৰু মেনেজাৰ হিচাপে যাব।


শেহতীয়া খবৰ