পেৰিছ অলিম্পিকত বক্সিং তাৰকা লাভলিনা বৰগোঁহাইৰ সফলতা কামনাৰে স্বাক্ষৰ অভিযান আয়োজন অসম অলিম্পিক সংস্থাৰ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Months ago
মন্ত্ৰী পিযুষ হাজৰিকা আৰু অর্জুন বঁটা প্রাপ্ত মনালিছা বৰুৱা মেহতাই স্বাক্ষৰ অভিযানত যোগদান কৰিছে
মন্ত্ৰী পিযুষ হাজৰিকা আৰু অর্জুন বঁটা প্রাপ্ত মনালিছা বৰুৱা মেহতাই স্বাক্ষৰ অভিযানত যোগদান কৰিছে
গুৱাহাটী

পেৰিছত অনুষ্ঠিত হ'বলগীয়া গ্রীষ্মকালীন অলিম্পিকত স্বৰ্ণজয়ৰ বাবে প্ৰতিদ্বন্দিতা কৰিবলগীয়া গোলাঘাটৰ এখন দূৰৱৰ্তী গাঁৱৰ পৰা অহা বক্সিং চাঞ্চল্য তথা ভাৰতৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান খেল ৰত্ন বঁটা বিজয়ী লাভলিনা বৰগোহাঁইলৈ শুভেচ্ছা প্ৰেৰণ কৰিবলৈ অসম অলিম্পিক সংস্থাই আজি গুৱাহাটীত এক বিশেষ স্বাক্ষৰ অভিযানৰ আয়োজন কৰে। অনুষ্ঠানটোত বহুসংখ্যক লোকে ফ্লেক্স দেৱালত স্বাক্ষৰ কৰি প্ৰিয় বক্সাৰগৰাকীলৈ তেওঁলোকৰ শুভেচ্ছা বার্তা প্ৰেৰণ কৰে।

অনুষ্ঠানটোত অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা, জল সম্পদ, তথ্য আৰু জনসম্পর্ক, সামাজিক ন্যায় বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাৰ লগতে অর্জুন বঁটা প্রাপ্ত মনালিছা বৰুৱা মেহতা, অসম অলিম্পিক সংস্থাইৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব প্ৰধান হেমন্ত কলিতাৰ লগতে খেলুৱৈ, ক্ৰীড়া সংগঠক আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

অনুষ্ঠানত ভাষণ প্রদান কৰি অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই কয়, "গোলাঘাটৰ এখন দূৰৱৰ্তী গাঁৱৰ এজনী ছোৱালীয়ে বিশ্ব পর্যায়ত প্রতিদ্বন্দিতা কৰিবলৈ সক্ষম হোৱা আৰু দেশৰ বাবে অলিম্পিক পদক লাভ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা। লাভলিনাৰ আগলৈকে অসমত কোনো অলিম্পিক চেম্পিয়ন নাছিল। কিন্তু আজি তেওঁৰ উজ্জ্বল প্ৰচেষ্টাৰ বাবে আমাৰ ওচৰত এটা পদক আছে। এয়া অসমৰ মানুহৰ বাবে গৌৰৱৰ বিষয়। আজি, পেৰিছত অনুষ্ঠিত হ'বলগীয়া গ্রীষ্মকালীন অলিম্পিকত পুনৰ প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱা এই বক্সিং তাৰকাগৰাকীক আমাৰ আন্তৰিক শুভেচ্ছা প্ৰেৰণ কৰিবলৈ আমি ইয়াত একত্রিত হৈছো। মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা লাভলিনা বৰগোহাঁইলৈ আগবঢ়াইছো। দেশৰ বাবে স্বর্ণ জয় কৰিবলৈ তেওঁ উপযুক্ত যুঁজ দিব বুলি মই নিশ্চিত। মই মা কামাখ্যাৰ ওচৰত লাভলিনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছো। যদিও ক্রীড়াত এক ছেকেণ্ডৰ তাৰতম্যৰ ফলত ফলাফলৰ পৰিৱৰ্তন হ'ব পাৰে, তথাপি মই ১০০% আত্মবিশ্বাসী যে লাভলিনাই এটা পদক নিশ্চিত কৰিব। আমি আমাৰ খেলুৱৈসকলৰ সৈতে থিয় দিব লাগিব আৰু তেওঁলোকক সকলো ধৰণে সমৰ্থন কৰিব লাগিব। আহক আমি আমাৰ খেলুৱৈসকললৈ মৰম, শুভেচ্ছা আৰু সমৰ্থন প্ৰেৰণ কৰিবলৈ আজিৰ এই স্বাক্ষৰ অভিযানত আন্তৰিকতাৰে যোগদান কৰোঁ।"

অনুষ্ঠানটোত আগন্তুক পেৰালিম্পিকত শুটিং শাখাত প্ৰথম ভাৰতীয় জুৰী সদস্য হিচাপে মনোনীত হোৱা যোৰহাটৰ সঞ্জনা বৰুৱাক সম্বৰ্ধনা জনোৱা হয়। প্রখ্যাত সাঁতোৰবিদ এলভিছ আলী হাজৰিকাকো সম্বৰ্ধনা জনোৱা হয়। এলভিছ হাজাৰিকাই হিমশীতল পানীৰ বাবে জনাজাত পোলেণ্ডৰ গ্লিজ উপসাগৰ অতিক্ৰম কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ এই জলৰাশি সফলতাৰে অতিক্ৰম কৰা প্ৰথম ভাৰতীয় হোৱাৰ লক্ষ্য আগত ৰাখিছে।

মন্ত্ৰী পিযুষ হাজৰিকাই লগতে কয়, "আজিৰ পৰা ১৫-২০ বছৰ আগতে এটা সময় আছিল, যেতিয়া আমি দেশবাসীয়ে অলিম্পিকত এটা পদকৰ অভাৱ বা অনুপস্থিতিত দুখ প্ৰকাশ কৰিছিলো। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আজি এই অৱস্থাৰ পৰিৱৰ্তন ঘটিছে। আজি চৰকাৰে দেশৰ খেলুৱৈসকলক সমর্থন আৰু উৎসাহিত কৰিব পৰা এক পৰিৱেশ তন্ত্ৰ প্ৰদান কৰিছে। আমি আশা কৰিছোঁ ভাৰতৰ শক্তিশালী ১১৭ জনীয়া দলটোৱে পদক জিকিব আৰু অলিম্পিকৰ সকলো ইভেন্টত উপযুক্ত যুঁজ দিব। দেশৰ ক্ৰীড়া পৰিস্থিতিতন্ত্ৰৰ বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে এয়া সম্ভৱ হৈছে। দেশৰ বাবে জয়লাভৰ অন্বেষণত আমাৰ খেলুৱৈসকলক সকলো ধৰণৰ সমৰ্থন আগবঢ়োৱাৰ বাবে মাননীয় কেন্দ্রীয় মন্ত্রী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালক মই ধন্যবাদ জনাইছো। আমাৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত এক স্বাস্থ্যকৰ ক্ৰীড়া পৰিৱেশ সৃষ্টি কৰি ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সকলো ধৰণৰ সমৰ্থন আগবঢ়াইছে। আমাৰ ওচৰত সমর্থন, পৰিচালনা আৰু নীতি নিৰ্মাতাসকলৰ এক মহান দল আছে যি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঠনি আৰু ক্ৰীড়া প্ৰতিভাৰ উন্নীতকৰণৰ বাবে অক্লান্ত ভাৱে কাম কৰি আছে।"

অনুষ্ঠানটো চলি থকা সময়ত অসম অলিম্পিক সংস্থাৰ দ্বাৰা এটা দৃষ্টি-শ্রাব্য উপস্থাপনৰ জৰিয়তে দৰ্শকসকলক অলিম্পিকত ভাৰতৰ যাত্ৰা প্ৰদৰ্শন কৰাৰ লগতে পেৰিছত অনুষ্ঠিত হ'বলগীয়া গ্রীষ্মকালীন অলিম্পিকত ভাৰতৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি দেখুওৱা হয়। লাভলিনা বৰগোহাঁইৰ ওপৰত আন এটা দৃষ্টি-শ্রাব্য উপস্থাপন কৰি দেখুওৱা হয় য'ত অসমৰ বিশ্বমানৰ অলিম্পিয়ানগৰাকীৰ ক্ৰীড়া যাত্ৰাৰ আলোকপাত কৰা হয়। 

অনুষ্ঠানত ভাষণ প্রদান কৰি অর্জুন মনালিছা বৰুৱা মেহতাই কয়, "আমাৰ খেলুৱৈসকলৰ লগতে ভৱিষ্যতৰ উদীয়মান ক্রীড়া প্রতিভাক উৎসাহিত কৰিবলৈ অসম অলিম্পিক সংস্থাই এইটো এটা খুব সুন্দৰ পদক্ষেপ লৈছে। ই কেৱল আমাৰ পৰিশ্ৰমী খেলুৱৈসকলৰ বাবে মনোবল বঢ়োৱা কামেই নকৰে বৰং আমাৰ তৃণমূল পর্যায়ৰ প্ৰতিভাসমূহকো ইয়াৰ পৰা অনুপ্ৰেৰণা ল'বলৈ উৎসাহিত কৰিব। লাভলিনা বৰগোহাঁইয়ে অসমক প্ৰথম অলিম্পিক পদক প্ৰদান কৰিছে, যি ৰাজ্যখনৰ জনসাধাৰণৰ বাবে এক অসাধাৰণ সম্মান। তেওঁ আমাৰ গৌৰৱ আৰু আমি সম্পূৰ্ণৰূপে তেওঁৰ সমৰ্থনত থিয় দিব লাগিব। মই লাভলিনালৈ মোৰ শুভেচ্ছা আৰু অলিম্পিকত এক সুন্দৰ অভিজ্ঞতা লাভ কৰিবলৈ শুভকামনা জনাইছো। মই নিশ্চিত যে অলিম্পিকত তেওঁৰ দূৰ্দান্ত প্ৰদৰ্শনে আমাৰ যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সজ্জিত হ'বলৈ উৎসাহিত কৰিব। মই সুখী যে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে খেলুৱৈসকলৰ সুবিধাৰ বাবে সকলো ধৰণৰ সমৰ্থন আগবঢ়াইছে আৰু ই দেশৰ ক্ৰীড়া পৰিৱেশ উন্নত কৰাত সহায় কৰিছে।"

অনুষ্ঠানত ভাষণ প্রদান কৰি লক্ষ্য কোঁৱৰে কয়, "এক শতিকাৰ পিছত পেৰিছে অলিম্পিক আয়োজন কৰিছে। আমাৰ সৌভাগ্য যে অসমৰ ছোৱালী লাভলিনা বৰগোহাঁইয়ে এই খেলত প্ৰতিদ্বন্দিতা কৰিছে আৰু তেওঁ টকিঅ' অলিম্পিকতকৈ উন্নত প্ৰদৰ্শন কৰাৰ লক্ষ্য আগত ৰাখিছে। মই অসমৰ আন এগৰাকী ছোৱালী প্ৰাণমিকা বৰাকো অভিনন্দন জনাব লাগিব, যি প্রশিক্ষক পৰামৰ্শদাতা হিচাপে ভাৰতীয় দলৰ সহায়ক কৰ্মচাৰী হিচাপে আছে। ভাৰতৰ ১১৭ জন খেলুৱৈয়ে ১৬ টা শাখাত প্ৰতিদ্বন্দিতা কৰিব। এই খেলসমূহত অভিলেখ সংখ্যক পদক জিকাৰ বাবে আমাৰ ওচৰত এক বৃহৎ সুযোগ আছে। আমাৰ যুৱ আৰু উদীয়মান খেলুৱৈসকলে এই অনুষ্ঠানৰ পৰা শিকিব লাগিব। আনকি ভাৰতে যিবোৰ প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা নকৰে তাৰ বাবেও লাহে লাহে সাজু হ'ব লাগিব। আমাৰ খেলুৱৈসকলে বিশ্বৰ শীৰ্ষ খেলুৱৈসকলৰ সৰ্বশ্রেষ্ঠ অনুশীলনবোৰ শিকিবলৈ চেষ্টা কৰিব লাগিব। আজি এই শুভ সমাৱেশত আমি সকলোৱে লাভলিনা বৰগোহাঁইলৈ শুভেচ্ছা জ্ঞাপন কৰিবলৈ ইয়াত সমবেত হৈছো। মোৰ বিশ্বাস তেওঁ এক দূর্দান্ত প্রদর্শন আগবঢ়াব। মই আশা কৰোঁ তেওঁ স্বর্ণ জয় কৰাত সফল হৈ ভাৰত আৰু অসমৰ জনসাধাৰণৰ বাবে সুনাম কঢ়িয়াই আনিব।"