এছিয়াৰ ক্ৰীড়াযুদ্ধত অসমৰ সপ্তৰথী; মাৰ্চপাষ্টত ত্ৰিৰংগা লৈ দেশক নেতৃত্ব দিব অসম জীয়ৰীয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
লাভলীনা
লাভলীনা
 
গুৱাহাটী
 
এছিয়া মহাদেশৰ সৰ্ববৃহৎ ক্রীড়াযুদ্ধৰূপে পৰিচিত এছিয়ান গেমছৰ ৰণধ্বনি বাজিছে। চীনৰ হাংঝৌ চহৰত শনিবাৰৰ পৰা ১৫ দিনলৈ আৰম্ভ হ'ব এছিয়া মহাদেশৰ ক্ৰীড়া ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰমাণৰ যুঁজ। ৪৫ খন দেশৰ ১২ সহস্রাধিক ক্রীড়াবিদে ৪০টা খেলৰ ৬১টা ইভেণ্টত ৪৮৩টা স্বর্ণসহ ১২ সহস্রাধিক পদকৰ বাবে ৰণক্ষেত্ৰত পৰিণত হ'ব ৪৪ খন ষ্টেডিয়াম।
 
 
জাতি-ধর্ম-বৰ্ণ পৰিহাৰ কৰি ইজন-সিজনৰ হৃদয়ৰ কাষ চাপিবলৈ ক্ৰীড়াই হৈছে ভৱিষ্যতৰ একমাত্র মাধ্যম। এই বাণীকেই লক্ষ্য হিচাপে ৰাখি হাংজু চহৰৰ বাসিন্দাই আদৰিছে মহাদেশৰ ক্রীড়াবিদক। অন্তিমবাৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ইণ্ডোনেছিয়াৰ জাকার্তা আৰু পালে বাম চহৰত ২০১৮ চনত। সেই দিশৰ পৰা ৪ বছৰৰ অন্তৰত হ'বলগা এইবাৰৰ গেমছ হোৱাৰ কথা আছিল ২০২২ চনৰ ১০ ছেপ্টেম্বৰৰ পৰা। 
 
দুর্ভাগ্যক্ৰমে যোৱা বৰ্ষৰ আৰম্ভণিৰ পৰা চীনত ক’ভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱ হোৱাত এছিয়ান অলিম্পিক কাউন্সিলে খেলুৱৈসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গেমছ এবছৰলৈ পিছুৱাই দিবলৈ বাধ্য হয়। ইফালে ২০২৪ পেৰিছ অলিম্পিকলৈ মাজত মাত্ৰ ১০ মাহ সময়। এছিয়াৰ দেশসমূহৰ তাৰকা ক্রীড়াবিদসকলৰ বাবে এই গেমছেই হ'ব নিজক পৰীক্ষা কৰাৰ উপযুক্ত মঞ্চ।
 
এছিয়ান গেমছৰ ৭২ বছৰীয়া ইতিহাসত অসমৰ সাফল্য বৰ বেদনাদায়ক। মুঠ ১৮ খন গেমছৰ ভিতৰত মাত্র দুবাৰেই সাফল্যৰ মুখ দেখিছে। ১৯৬৬ চনত থাইলেণ্ডৰ বেংককত ভোগেশ্বৰ বৰুৱাই অভিষেকতে ৮০০ মিটাৰ দৌৰত ৰেকৰ্ড গঢ়ি স্বর্ণপদক জয় কৰিছিল। সেই সাফল্যৰ পিচত দীর্ঘ প্রতীক্ষা। ৫২ বছৰৰ ব্যৰ্থতাৰ পৰম্পৰা ভংগ কৰিছিল হিমা দাসে। সেয়া আছিল ২০১৮ বৰ্ষৰ ইণ্ডোনেছিয়াৰ জাকার্তাত। ২০০ মিটাৰ দৌৰত হিমাই জিকিছিল ৰূপৰ পদক। অৱশ্যে দলগতভাৱে ১৯৭০ চনত বিলেত ভোগেশ্বৰ বৰুৱা, ১৯৮৬ চনত শুটিঙত জয়দীপ দাস, ২০০৬ আৰু ২০১০ চনত আৰ্চাৰীত জয়ন্ত তালুকদাৰ আৰু ২০১৮ চনত হিমা দাসে ৰিলেত পদক পাইছিল। 
 
দলগত সাফল্যক যিহেতু ব্যক্তিগত পদক হিচাপে গণ্য কৰা নহয়, সেয়ে এছিয়ান গেমছত অসমৰ সাফল্য দুটা পদকত সীমাবদ্ধ। ভোগেশ্বৰ বৰুৱাৰ স্বৰ্ণপদকৰ কৃতিত্ব আজিও অক্ষত। এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই শ্ৰেষ্ঠ অসমীয়া। যোৱাবাৰ জাকার্তাৰ ট্ৰেকত হিমাই যি ধুমুহাৰ সৃষ্টি কৰিছিল সেয়া অসমবাসীৰ বাবে স্মৰণীয় হৈ ৰ'ব। এইবাৰ হাংজুত হিমা নাই। স্বাভাৱিকতে দেশৰ লগতে অসমৰো অভাৱনীয় ক্ষতি। সেই অবিস্মৰণীয় সাফল্যৰ পিচত আঘাতত জৰ্জৰিত হিমা। অন্তিমবাৰ দেখা গৈছিল কমৱেলথ গেমছত। কিন্তু দুর্ভাগ্যজনকভাৱে পুনৰ আঘাতে কাবু কৰি পেলালে তাৰকাগৰাকীক। হিমাৰ দৰে প্ৰতিভা আৱিষ্কাৰ কৰিবলৈ একো অসম্ভৱ নহয়, কিন্তু অসমে বহু বছৰ অপেক্ষা কৰিব লাগিব। 
 
হিমা আছিল ঈশ্বৰপ্ৰদত্ত। যোৱাবাৰ জাকার্তাত অনুষ্ঠিত গেমছত ভাৰতৰ ৫৭৭ জনীয়া দলত স্থান লাভ কৰিছিল। অসমৰ ৬ গৰাকীয়ে। হিমা দাস (এথলেটিকছ), শিৱ থাপা (বক্সিং), ৰ'দালি বৰুৱা (টাইকোৱানডো), প্রমীলা ভৰালী (আৰ্চাৰী), অস্মিতা চলিহা (বেডমিণ্টন) আৰু কবিতা দেৱী (ফেন্সিং)। এই ৬ গৰাকীৰ ভিতৰত একমাত্র সফল আছিল হিমা দাস। এইবাৰ দেশৰ ৬৫৫ জনীয়া দলত সুযোগ পাইছে অসমৰ ৭ গৰাকীয়ে। শিৱ থাপা, অস্মিতা চলিহাই নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। অন্য ৫ গৰাকী হ'ল লাভলীনা বৰগোহাঁই (বক্সিং), অম্লান বৰগোহাঁই (এথলেটিকছ), জাহ্নবী শৰ্মা (সাঁতোৰ), উমা চেত্রী (ক্রিকেট), প্রিয়া দেৱী (চেপাক টাক্রো)। দেশৰ বৃহৎ দলৰ বিপৰীতে অসমৰ স্থান তেনেই তাকৰ। অংকৰ দিশেৰে ৫ বছৰত বৃদ্ধি হ'ল মাত্ৰ এজন খেলুৱৈ। এক শতাংশৰ সামান্য অধিক। 
 
যোৱাবাৰ হিমাৰ অভূতপূর্ব সাফল্যই অসমৰ ক্ৰীড়াজগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল। যোৱা পাঁচটা বৰ্ষত অসমে লাভ কৰিছে এছিয়ান গেমছৰ ব্যক্তিগত পদক, অলিম্পিক পদক, কমনৱেলথ গেমছৰ পদকৰ লগতে দেশৰ দ্ৰুততম মানৱ। কিন্তু যি হাৰত পৰিস্থিতি সলনি হোৱাৰ সুযোগ আছিল, সেয়া বাস্তৱত হৈ নুঠিল। বিভিন্ন দিশত ৰাজ্যখন নদন-বদন হ'লেও ক্রীড়াক্ষেত্ৰত দীনতা স্পষ্ট। হিমা, লাভলীনা, নয়নমণিয়ে যি জাগৰণ সৃষ্টি কৰিছিল সেয়া হঠাৎ থমকি ৰ'ল। এইবাৰ হিমা নাই কিন্তু লাভলীনা আছে। বক্সিঙত নিজৰ বিভাগত লাভলীনা পদকৰ স্পষ্ট ফেভাৰিট। অলিম্পিকৰ পদক লাভ কৰা খেলুৱৈগৰাকীৰ পৰা অসমে স্বর্ণপদক দাবী কৰাটো কোনো অন্যায় নহয়। 
 
৫৭ বছৰৰ মূৰত এছিয়ান গেমছত দ্বিতীয়টো স্বর্ণপদক লাভ কৰিবলৈ অসমবাসীয়ে বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। পদক নিশ্চয়তাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অভিষেক এছিয়ান গেমছত লাভলীনাই দেশক নেতৃত্ব দিয়াৰ সৌভাগ্যও লাভ কৰিছে। অসমৰ বাবে এয়া গৌৰৱৰ কথা। কাইলৈ মাৰ্চপাষ্টত হাতত ত্ৰিৰংগা লৈ লাভলীনাই নেতৃত্ব দিব ভাৰতক। কেৱল লাভলীনাই নহয়, অসমৰ সপ্তৰৰ্থীয়ে সাতটাকৈ পদক জয় কৰাই সকলোৰে কাম্য। বাস্তৱ যিমানেই কঠিন নহওক কিয়, এয়া অসমৰ আৱেগ। বক্সিঙত অন্যতম ফেভাৰ্টিৰ তালিকাত আছে শিৱ থাপা। এছিয়ান গেমছত তৃতীয়বাৰ খেলিব লগা শিৱই এইপর্যন্ত নিজৰ প্ৰতিভাৰ পৰিচয় দিয়াত ব্যৰ্থ। এইবাৰ শিৱৰ সন্মুখত অন্তিম সুযোগ। দেশৰ দ্ৰুততম মানৱ অম্লান বৰগোহাঁইৰ সন্মুখত প্রত্যাহ্বান কঠিন, কিন্তু অসম্ভৱ নহয়। 
 
২০০ মিটাৰ দৌৰত অম্লান নিসন্দেহে এইবাৰৰ ‘ডার্ক হর্ছ’। বেডমিণ্টনত একেৰাহে দ্বিতীয়বাৰ খেলিব অস্মিতাই। এছিয়াৰ শীৰ্ষ তাৰকাসকলৰ বিৰুদ্ধে যুঁজি শেষপর্যন্ত তিষ্ঠি থকাটো কষ্টকৰ। নিজৰ দিনত অস্মিতাও কিন্তু ভয়ংকৰ। মহিলা ক্রিকেট দলৰ সদস্য উমা চেত্রী হ'ব সপ্তৰৰ্থীৰ মাজৰ আটাইতকৈ ভাগ্যৱান খেলুৱৈ। ভাৰতীয় দলে পদক পোৱাটো নিশ্চিত। মূল একাদশত খেলাৰ সুযোগ নাপালেও উমাই লাভ কৰিব পদকৰ সোৱাদ। সাঁতোৰত শিৱাংগীৰ বাবে হ'ব অভিজ্ঞতা সঞ্চয়ৰ গেমছ।
 
দেশৰ ৬৫৫ গৰাকী খেলুৱৈৰ ভিতৰত ৮৯ গৰাকীৰে হাৰিয়ানা এইবাৰো শীৰ্ষত। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত ৩৮ গৰাকীৰে মণিপুৰ ষষ্ঠ স্থানত। আন ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশৰ ৩, মিজোৰামৰ ৩, নাগালেণ্ডৰ ২ আৰু মেঘালয়ৰ এজন। ছিকিম আৰু ত্ৰিপুৰাৰ শূন্য। এছিয়ান গেমছ ইতিহাসত মুঠ ১৮টা সংস্কৰণৰ ভিতৰত ভাৰতে এবাৰো এশ পদক অতিক্রম কৰা নাই। যোৱাবাৰ জাকার্তাত অৰ্জন কৰা ৭০টা পদকেই সৰ্বাধিক। এইবাৰ এশ পদক অতিক্ৰমৰ লক্ষ্য ভাৰতৰ। যোৱা ১৮টা সংস্কৰণত ভাৰতে লাভ কৰা পদকৰ সংখ্যা ৬৭২টা। ইয়াৰ ভিতৰত ১৫৫টা স্বর্ণ, ২০১টা ৰূপ আৰু ৩১৬টা ব্ৰঞ্জ। তাৰ বিপৰীতে চীনৰ পদকৰ সংখ্যা ৩,১৮৭টা। স্বর্ণপদকৰ সংখ্যাই ১,৪৭৩টা। উল্লেখ্য যে ১৯৫১ চনত এছিয়ান গেমছ সূচনা হোৱাৰ পৰা ১৯৭০ চনলৈ চীনে অংশগ্রহণেই কৰা নাছিল। চীনে অংশগ্রহণ কৰিছিল ১৯৭৪ তেহৰান এছিয়ান গেমছত। ১৯৮২ চনৰ পৰা ২০১৮ চনলৈ চীনেই পদকেৰে শীৰ্ষস্থান দখল কৰি আহিছে। এইবাৰ নিজ দেশত চীনৰ খেলুৱৈয়ে অভিলেখ সৃষ্টি কৰাটো নিশ্চিত।


শেহতীয়া খবৰ