ফাৰহান ইছৰাইলী/কোটা
চলিত বৰ্ষৰ ৩৯ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ২০০ মিটাৰ দৌৰত সকলো প্ৰতিকূল পৰিস্থিতিক পৰাস্ত কৰি ৰূপৰ পদক লাভ কৰে আয়েছা খানুমে। এই সফলতাৰে কেৱল পৰিয়ালৰ বাবেই নহয় সমগ্ৰ ৰাজস্থানলৈও গৌৰৱ কঢ়িয়াই আনিছে ৰাজস্থানৰ কোটাৰ কন্যা আয়েছা খানুমে।
পিতৃৰ মৃত্যুৰ দুখৰ মাজতো আয়েছাই এই ঐতিহাসিক সফলতা লাভ কৰে। ২৭ নৱেম্বৰত এক দুৰ্ঘটনাৰ পতিত হৈ তেওঁৰ পিতৃ আব্দুল ৰহিমৰ মৃত্যু হয়। এই দুৰ্ঘটনাটো কাইথুন থানা এলেকাত অৱস্থিত তেওঁৰ টায়াৰ মেৰামতিৰ দোকানত সংঘটিত হয়, য’ত ট্ৰাকৰ টায়াৰ ফাটি যোৱাৰ ফলত গুৰুতৰভাৱে আহত হয় আৰু তেওঁৰ চিকিৎসালয়ত মৃত্যু হয়।
পিতৃৰ মৃত্যুত ভাঙি পৰা আয়েছাক সাহস দিছিল মাতৃ আৰু প্ৰশিক্ষক বিশালে। পিতৃৰ সপোন বাস্তৱায়িত কৰিবলৈ আয়েছাই নিজকে প্ৰস্তুত কৰি ৫ ডিচেম্বৰত উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ে। ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতা আয়েছাই ২৪.৭৩ ছেকেণ্ডৰ সময়ত সম্পূৰ্ণ কৰি ৰূপৰ পদক লাভ কৰে।
জয়ী হোৱাৰ পিছত আয়েছা
এই জয় দেউতাকক উৎসৰ্গা কৰি আয়েছাই কয়, "এই পদকটো মোৰ দেউতাৰ নামত। তেওঁ আমাক সদায় শিকাইছিল যে কেতিয়াও হাৰ মানিব নালাগে। এয়া তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু সপোনৰ ফল।"
আয়েছাৰ পিতৃ আব্দুল ৰহিমৰ এটা সপোন আছিল যে তেওঁৰ সন্তান এসময়ত ডাঙৰ খেলুৱৈ হ’ব লাগে। টায়াৰ মেৰামতি কৰা দোকানৰ পৰা সংগ্ৰহ কৰা ধনেৰে তেওঁ আয়েছা আৰু আয়েছাৰ ভাই-ভনীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল। আয়েছাৰ ভগ্নী ছাজিয়া আৰু ভাতৃ জুনেইদ আলীয়েও ৰাজ্য আৰু জিলা পৰ্যায়ত এথলেটিকছত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে।
পিতৃৰ মৃত্যুৰ পিছত সমাজৰ মানুহে পৰিয়ালটোক আৰ্থিক আৰু আৱেগিক সহায় কৰিছিল। পাহল ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় সম্পাদক ফাৰুক ৰাণাই কয় যে এই বিজয় আয়েছাৰ কঠোৰ পৰিশ্ৰম আৰু পিতৃৰ প্ৰেৰণাৰ ফল। প্ৰশিক্ষক বিশালে আয়েশাক মানসিকভাৱে প্ৰস্তুত কৰিছিল, যাতে আয়েছাই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভ কৰিব পাৰে।
আয়েছাৰ সফলতাই প্ৰমাণ কৰিলে যে দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমে যিকোনো বাধা অতিক্ৰম কৰিব পাৰে। কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ সপোন পূৰণ কৰাৰ সাহস কৰা যুৱক-যুৱতীসকলৰ বাবে আয়েছাৰ কাহিনীয়ে অনুপ্ৰেৰণা যোগাব।