WPL ২০২৫ ৰ ১.৯ কোটি টকীয়া বেটছমেন ছিমৰান শ্বেইখে পিন্ধিব বিচাৰে ভাৰতীয় দলৰ জাৰ্চি

Story by  atv | Posted by  [email protected] • 3 h ago
ক্ৰিকেটাৰ ছিমৰান শ্বেইখ
ক্ৰিকেটাৰ ছিমৰান শ্বেইখ
 
মুম্বাই
 
বৰ্তমান ভাৰতবৰ্ষত ক্ৰিকেট কেৱল খেলতেই সীমাবদ্ধ হৈ থকা নাই, ক্ৰিকেট বহুতৰ বাবে আবেগ। আনকি বহুতেই ক্ৰিকেটক ধৰ্ম বুলিও গণ্য কৰে। বৰ্তমান ভাৰতীয় মহিলা ক্ৰিকেট দল কোনোগুনেই পুৰুষ দলতকৈ কম নহয়। আন হাজাৰজনৰ দৰেই ভাৰতীয় মহিলা দলৰ হৈ খেলাৰ সপোন দেখা তেনে এগৰাকী ক্ৰিকেটাৰ হৈছে  ছিমৰন শ্বেইখ। ছিমৰনে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এগৰাকী সদস্য হ'ব বিচাৰে আৰু সেই সফলতা অৰ্জন কৰিবলৈ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু।
 
উইমেন প্ৰিমীয়াৰ লীগ চমুকৈ ডব্লিউ পি এল ২০২৫ৰ নিলামৰ সময়ত গুজৰাট জায়েণ্টছে ছিমৰানক ১.৯ কোটি টকাৰ বিপুল পৰিমাণৰ ধন ব্যয় কৰি চুক্তিবদ্ধ কৰে। আগন্তুক মহিলা প্ৰিমিয়াৰ লীগৰ ছিজনৰ বাবে সৰ্বাধিক ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ লগে লগে ছিমৰান শ্বেইখে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
 
উইমেন প্ৰিমীয়াৰ লীগ ২০২৫ ৰ নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ পিছত ছিমৰানক ধাৰাৱীত পৰিয়াল আৰু স্থানীয় লোকসকলে উষ্ম আদৰণি জনায়।
 
হাতত বেট লৈ খেলপথাৰত প্ৰৱেশ কৰা মুহূৰ্তত ছিমৰান শ্বেইখ
 
সাংবাদ মাধ্যমৰ আগত ছিমৰনে কয় যে আগন্তুক উইমেন প্ৰিমীয়াৰ লীগ ছিজনত আটাইতকৈ দামী খেলুৱৈ হোৱাৰ বাবে তেওঁ নিজকে অতি সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছে। লগতে ভাল প্ৰদৰ্শন কৰি নিজৰ দলক আগুৱাই লৈ যোৱাত সহায় কৰিব বুলিও কয়।
 
ছিমৰনে কয়, "মই নিজকে অতি সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছো। মই সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছিলো আৰু নিজৰ ওপৰত বিশ্বাস কৰিছিলো। মই ভাৰতীয় দলৰ হৈ খেলিব বিচাৰো আৰু ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰি যাম। মোৰ পৰিয়ালে মোক বহুত সহায় কৰিছে।"
 
ছিমৰানৰ পিতৃ জাহিদ আলী শ্বেইখে সকলোৰে সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় যে ক্ৰিকেটাৰ ছিমৰনে পৰিয়ালৰ লগতে স্থানীয় অঞ্চললৈও গৌৰৱ কঢ়িয়াই আনিছে।
 
জাহিদ আলী শ্বেইখে সাংবাদ মাধ্যমৰ আগত কয় যে, "মোৰ ছোৱালী ছিমৰানক সমৰ্থন কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছো, মই অতি সুখী অনুভৱ কৰিছো। ছিমৰানে সকলোকে গৌৰৱান্বিত কৰিছে।"
 
বেটিং কৰি থকা মুহূৰ্তত ছিমৰান শ্বেইখ
 
ছিমৰান শ্বেইখৰ মাতৃ আখতাৰী বানু শ্বেইখে কয় যে তেওঁ নিজৰ কন্যাক লৈ অতি গৌৰৱ অনুভৱ কৰে। সাংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, "মই নিজকে অতি সুখী অনুভৱ কৰিছো। সকলোৱে ছিমৰানক মৰম আৰু আদৰণি জনাইছে।"
 
উইমেন প্ৰিমীয়াৰ লীগ ২০২৫ ত নিলামৰ সময়ত ছিমৰানক চুক্তিবদ্ধ কৰাৰ বাবে দিল্লী কেপিটেলছ আৰু গুজৰাট জায়েন্টছৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলিছিল। ৫ লাখ টকাৰ ভিত্তি মূল্যৰ পৰা আৰম্ভ কৰি অৱশেষত গুজৰাট জায়েণ্টছে বিশাল ১.৯ কোটি টকাত ছিমৰানক চুক্তিবদ্ধ কৰিছিল।
 
মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছিমৰানে নিজৰ সপোনৰ কথা ব্যক্ত কৰে। লগতে ছিমৰানে বিৰাট কোহলীক অনুসৰণ কৰে বুলিও উল্লেখ কৰে। ছিমৰানে কয়, "মোৰ সপোন বিৰাট কহলীক এবাৰ লগ পোৱা। মোক মাত্ৰ ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চি লাগে আৰু সেইবাবেই মই ইমান কষ্ট কৰি আছোঁ।"
 
যাত্ৰাৰ কথালৈ উভতি চাই ছিমৰানে পৰিয়ালক ধন্যবাদ জনাই আৰু গুজৰাট জায়েন্টছৰ তেওঁৰ প্ৰতি থকা আস্থা ঘূৰাই দিয়াৰ দৃঢ়তা প্ৰকাশ কৰে। ছিমৰানে কয়, "মই জি জি (গুজৰাট জায়েন্টছ) পৰিয়ালক ধন্যবাদ জনাইছো। ইমান বৃহৎ পৰিমাণৰ ধন লাভ কৰাৰ পিছত তেওঁলোকৰ হৈ ভাল প্ৰদৰ্শন কৰাটো মোৰ দায়িত্ব আৰু কৰ্তব্য। মই মোৰ পিতৃ-মাতৃক ধন্যবাদ জনাইছো, কাৰণ আমাৰ সমাজখনত ছোৱালীয়ে খেলাৰ দৰে কথাবোৰৰ বাবে বিশেষ সমৰ্থন নাই, কিন্তু তেওঁলোকে সদায় মোৰ সাহস হৈ কাষত থিয় দিছে।"
 
কন্যাই ডব্লিউ পি এলৰ মেগা চুক্তিত নিজৰ স্থান নিশ্চিত কৰাৰ পিছত ছিমৰান শ্বেইখৰ মাতৃয়ে কয় যে, “ছিমৰানে ঋণাত্মক সমালোচনা কৰাসকলক কেতিয়াও গুৰুত্ব দিয়া নাছিল।”
 
২০২৪ ৰ WPL ৰ মেচৰ মুহূৰ্তত
 
ছিমৰানৰ মাতৃয়ে সংবাদ মাধ্যমক কয় যে, নিলামৰ সময়ত ছিমৰানৰ নাম মাতিলে পৰিয়ালৰ সদস্যসকলে “উত্তেজিত হৈ জপিয়াই পৰিছিল”। ক্ৰিকেট বাছি লোৱাৰ বাবে ছিমৰানক যথেষ্ট সমালোচনা কৰা হৈছিল। সেই কথাবোৰ আওকাণ কৰি ছিমৰানে এই খেলবিধৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাবান হৈ থকাৰ কথাও উল্লেখ কৰে মাতৃয়ে।
 
ছিমৰানৰ মাতৃয়ে কয়;  "আগতে সকলোৱে কৈছিল, 'আপুনি তাইক এই খেল বন্ধ কৰিবলৈ ক'ব লাগে।' মই তাইক বুজাবলৈ চেষ্টা কৰিলোঁ, তাইক ক’লোঁ, ‘এইটো নকৰিবা, মানুহে আমাৰ কথা বেয়াকৈ কয়, আৰু নিজৰ বাবে নহয়, অন্ততঃ মোৰ কথা ভাবি চোৱা।’ কিন্তু তাই সকলোকে আওকাণ কৰি নিজৰ ক্ৰিকেটত মনোনিৱেশ কৰি আছিল।"
 
ছিমৰানৰ মাতৃয়ে লগতে কয়, “এতিয়া যেতিয়া তাই সফলতা লাভ কৰিছে, সকলোৱে তাইৰ বিষয়ে ভালদৰে কয়, যাৰ বাবে আমিও গৌৰৱ অনুভৱ কৰো।”
 
ছিমৰানৰ পিতৃ জাহিদ আলীয়ে কয় যে তেওঁলোকৰ জীৱনশৈলী উন্নত কৰাৰ লগতে সন্তানৰ বাবে উন্নত পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁ এটা ফ্লেট কিনাৰ কথা চিন্তা কৰিছে।
 
ছিমৰানৰ এই সফলতা সন্দৰ্ভত জাহিদে কয়, "গোটেই পৰিয়ালটো বৰ সুখী হৈছিলোঁ। সকলোৰে চকুত আনন্দৰ চকুলো ওলাই আহিছিল। ঘৰৰ ছোৱালীজনীয়ে যেতিয়া বৃহৎ উচ্চতা অৰ্জন কৰে তেতিয়া ইমান আচৰিত কথা, আৰু ই হৈ পৰে এক আনন্দৰ উৎসৱৰ দৰে। আমি সকলোৱে একেলগে ছিমৰানৰ সফলতাক উদযাপন কৰিছিলোঁ।"