টি-২০ বিশ্বকাপ চেম্পিয়ন দলৰ বাবে বিচিচিআইৰ ₹১২৫ কোটিৰ পুৰস্কাৰ ঘোষণা

Story by  atv | Posted by   Imtiaz Ahmed • 7 Months ago
টি-২০ বিশ্বকাপ চেম্পিয়ন ভাৰতীয় দল
টি-২০ বিশ্বকাপ চেম্পিয়ন ভাৰতীয় দল
মুম্বাই

২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)য়ে ভাৰতৰ দলটোৰ  বাবে বৃহৎ নগদ পুৰস্কাৰৰ ঘোষণা কৰে। উল্লেখযোগ্য যে ২৯ জুন শনিবাৰে ব্ৰীজটাউনৰ কেনচিংটন অ’ভেলত অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে দ্বিতীয়বাৰ টি-২০ বিশ্বকাপ জয় কৰে। প্ৰথমে বেটিং কৰি মেন ইন ব্লুজে বিৰাট কোহলী (৫৯ ৰানত ৭৬) আৰু অক্ষৰ পেটেল (৩১ ৰানত ৪৭)ৰ উজ্জ্বল ইনিংছৰ সৌজন্যত নিৰ্ধাৰিত ২০ অভাৰত ১৭৬/৭ ৰান সংগ্ৰহ কৰে।

ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাই নিজৰ নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৬৯/৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ উইকেট দখলকাৰী ভিতৰত আছিল হাৰ্দিক পাণ্ডিয়া (৩/২০), আৰ্ছদীপ সিং (২/২০) আৰু জছপ্ৰীত বুমৰাহ (২/১৮)। ফলত ভাৰতে ৭ ৰানত জয়লাভ কৰি আইচিচিৰ ট্ৰফীৰ বাবে ১১ বছৰীয়া অপেক্ষাৰ অন্ত পেলায়।

মেন ইন ব্লুজৰ ঐতিহাসিক জয়ৰ পিছত বিচিচিআইৰ সম্পাদক জয় শ্বাহে খেলুৱৈ, প্ৰশিক্ষক আৰু সমগ্ৰ সহায়ক কৰ্মচাৰীকে ধৰি সমগ্ৰ দলটোৰ বাবে ₹১২৫ কোটিৰ পুৰস্কাৰ ঘোষণা কৰে। জয় শ্বাহে নিজৰ এক্স একাউণ্টত এই কথা ঘোষণা কৰাৰ লগতে সমগ্ৰ দলটোক তেওঁলোকৰ অসাধাৰণ কৃতিত্বৰ বাবে অভিনন্দন জনায়।
"২০২৪ চনৰ আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ জয়ৰ বাবে টিম ইণ্ডিয়াৰ বাবে ₹১২৫ কোটিৰ পুৰস্কাৰ ঘোষণা কৰি মই আনন্দিত হৈছো। গোটেই প্ৰতিযোগিতাখনত দলটোৱে ব্যতিক্ৰমী প্ৰতিভা, দৃঢ়তা, আৰু ক্ৰীড়াবিদ্যা প্ৰদৰ্শন কৰিলে। এই অসাধাৰণ কৃতিত্বৰ বাবে সকলো খেলুৱৈ, প্ৰশিক্ষক, আৰু সহায়ক কৰ্মচাৰীক অভিনন্দন!” জয় শ্বাহে নিজৰ এক্স একাউণ্টত লিখিছে।

ইতিমধ্যে আইচিচি (আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে) ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ বাবে $১১.২৫ মিলিয়নৰ অভিলেখ সৃষ্টিকাৰী পুৰস্কাৰ ঘোষণা কৰিছিল। প্ৰতিযোগিতাত বিজয়ী হোৱাৰ বাবে ভাৰতে $২৪.৫ মিলিয়ন ডলাৰ (₹২০.৪২ কোটি)ৰ লগতে অতিৰিক্ত বোনাছ লাভ কৰিব যিটো হৈছে প্ৰতিযোগিতাখনৰ ইতিহাসত এতিয়ালৈকে প্ৰদান কৰা সৰ্বাধিক ধনৰ পৰিমাণ। আনহাতে, দক্ষিণ আফ্ৰিকাই প্ৰতিযোগিতাখনৰ ৰানাৰ্ছ আপ হিচাপে লাভ কৰিব $১২.৮ মিলিয়ন (₹১০.৬৭ কোটি)।