পাঁচবাৰৰ আই পি এল চেম্পিয়ন চেন্নাই ছুপাৰ কিংছত বিহাৰৰ যুৱ বেগী বলাৰ মহম্মদ ইজহাৰ

Story by  atv | Posted by  [email protected] • 2 d ago
বিহাৰৰ যুৱ বেগী বলাৰ মহম্মদ ইজহাৰ আৰু চেন্নাই ছুপাৰ কিংছৰ তাৰকা এমএছ ধোনী
বিহাৰৰ যুৱ বেগী বলাৰ মহম্মদ ইজহাৰ আৰু চেন্নাই ছুপাৰ কিংছৰ তাৰকা এমএছ ধোনী
 
নৌছাদ আখতাৰ / পাটনা

ভাৰতৰ সৰ্ববৃহৎ আৰু সন্মানীয় ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল)-এ প্ৰতি বছৰে নতুন ক্ৰিকেট প্ৰতিভাক বিশ্ব পৰ্যায়ত স্বীকৃতি দি আহিছে। এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে এক চৰ্চাৰ নাম হৈছে বিহাৰৰ চুপৌল জিলাৰ যুৱ বলাৰ মহম্মদ ইজহাৰ। তেওঁক পাঁচবাৰৰ আই পি এল চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ নেট বলাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। এয়া তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট আৰু এতিয়া তেওঁ আই পি এলৰ উচ্চ চাপৰ পৰিৱেশত নিজৰ সম্ভাৱনা প্ৰমাণ কৰিবলৈ সাজু হৈছে।
 
মহম্মদ ইজহাৰৰ ক্ৰিকেট যাত্ৰা আৰম্ভ হৈছিল ২০১৯ চনৰ পৰা, যেতিয়া তেওঁ বীৰপুৰ কোচিং চেণ্টাৰৰ সৈতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। সেই সময়ত তেওঁ নিজেই নাজানিছিল যে তেওঁৰ যাত্ৰা কোন দিশলৈ যাব। কিন্তু নিষ্ঠা, আবেগ আৰু প্ৰত্যাহ্বানৰ সৈতে যুঁজিব পৰা ক্ষমতাই তেওঁক আগুৱাই লৈ যায়।
 
জয়চন্দ আৰু বীৰবলৰ দৰে বীৰপুৰ কোচিং ক্ৰিকেট ক্লাবৰ জ্যেষ্ঠ খেলুৱৈসকলে ইজহাৰৰ কঠোৰ পৰিশ্ৰমক চিনি পাই সঠিক দিশত পথ প্ৰদৰ্শন কৰিছিল। মহম্মদ ইজহাৰে তাত প্ৰথম কেইবছৰমানৰ ভিতৰতে নিজৰ বলিং দক্ষতা প্ৰমাণ কৰিলে। তেওঁৰ প্ৰদৰ্শন দিনক দিনে উন্নত হৈ থাকে আৰু কিছু দিন পিছতে তেওঁ বিহাৰ ক্ৰিকেটত এক পৰিচয় লাভ কৰিবলৈ সক্ষম হয়।
ৰাজ্যিক পৰ্যায়ত আকৰ্ষণীয় প্ৰদৰ্শনৰ অন্তত তেওঁৰ প্ৰতিভাক এতিয়া ভাৰতীয় ক্ৰিকেটৰ সফল দল চেন্নাই ছুপাৰ কিংছে স্বীকৃতি দিছে। বিশেষকৈ আই পি এলত পাঁচবাৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰা দল এটাত নেট বলাৰ হিচাপে যোগদান কৰাৰ সুযোগ পোৱাটো যিকোনো যুৱ ক্ৰিকেটাৰৰ বাবে এক বৃহৎ সন্মান।
 
মহম্মদ ইজহাৰৰ পৰিয়ালৰ বাবে এই মুহূৰ্তটো অতি বিশেষ। তেওঁৰ মাতৃ শ্ববনম খাতুনে কয়, ‘আমি কেতিয়াও ভবা নাছিলো যে তেওঁ ইমান দূৰলৈ যাব। তেওঁ বহুত সংগ্ৰাম কৰিছে, আজি তেওঁ আমাক গৌৰৱ অনুভৱ কৰাইছে। আমি অতি সুখী আৰু আমাৰ আশীৰ্বাদ তেওঁৰ লগত আছে।"
 
তেওঁৰ ভাতৃ সাদ আলমেও ইজহাৰৰ নিৰ্বাচনক লৈ সুখ প্ৰকাশ কৰে, "এয়া আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। ইজহাৰে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই সফলতা অৰ্জন কৰিছে আৰু মই নিশ্চিত যে তেওঁ অতি সোনকালে ভাৰতীয় দলত স্থান লাভ কৰিব।"
 
ইজহাৰৰ ককাক মহম্মদ জাহাংগীৰেও ইজহাৰৰ সংগ্ৰাম সন্দৰ্ভত কয়, "তেওঁ সদায় ক্ৰিকেট খেলিব বিচাৰিছিল, কিন্তু আমি তেওঁক পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছিলো। কিন্তু ইজহাৰৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমে তেওঁক এই পৰ্যায়লৈ লৈ গ'ল। আমি গৌৰৱান্বিত যে তেওঁ বিহাৰলৈ সুনাম কঢ়িয়াই আনিছে।"
 
বিশেষকৈ চেন্নাই ছুপাৰ কিংছৰ দৰে প্ৰতিষ্ঠিত দলত মহম্মদ ইজহাৰৰ নিৰ্বাচন ক্ৰিকেটৰ প্ৰতি তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফল। এতিয়া আই পি এলৰ উচ্চ চাপৰ পৰিৱেশত ইজহাৰে নিজৰ দক্ষতা আৰু অধিক উন্নত কৰাৰ সুযোগ পাব। এতিয়া তেওঁ বিশ্বৰ কেইজনমান শ্ৰেষ্ঠ খেলুৱৈৰ সৈতে প্ৰশিক্ষণ ল’ব, যিয়ে তেওঁৰ কেৰিয়াৰক এক নতুন দিশ দিব।
 
সংবাদ মাধ্যমৰ সন্মুখত ইজহাৰৰ মাতৃ
 
চি এছ কেত নেট বলাৰ হিচাপে স্থান দখল কৰা ইজহাৰে নিজৰ প্ৰদৰ্শনৰ জৰিয়তে দলত অধিক গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ লক্ষ্য লৈছে। খেলুৱৈজনৰ এই সাফল্য কেৱল তেওঁৰ বাবেই নহয়, ৰাজ্যৰ ক্ৰিকেটক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিয়াৰ বাবে দীৰ্ঘদিন ধৰি আশা কৰি অহা বিহাৰৰ ক্ৰিকেটপ্ৰেমীসকলৰ বাবেও গৌৰৱৰ বিষয়।
 
আই পি এলত মহম্মদ ইজহাৰৰ বাছনি বিহাৰৰ ক্ৰিকেটৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ পূৰ্বে বিহাৰৰ মায়ংক যাদৱে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ খেলি আই পি এল ২০২৪ত বিশেষ চৰ্চা লাভ কৰিছিল। এই দুই যুৱ ক্ৰিকেটাৰৰ প্ৰচেষ্টাই প্ৰমাণ কৰিলে যে বিহাৰ এতিয়া উদীয়মান ক্ৰিকেটাৰৰ কেন্দ্ৰস্থানত পৰিণত হৈছে। ইয়াৰ যুৱ খেলুৱৈসকলে এতিয়া কেৱল ৰাজ্যিক পৰ্যায়তে নহয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ নাম উজলাই তুলিবলৈ সাজু হৈছে।
 
ইজহাৰৰ বাবে আই পি এলৰ যাত্ৰা মাথোঁ আৰম্ভণিহে। তেওঁৰ চূড়ান্ত সপোন হৈছে ভাৰতীয় ক্ৰিকেট দলত স্থান দখল কৰা। তেওঁ কয়, "মই এতিয়াও সফলতাৰ পৰা বহু দূৰত আছো। মোৰ লক্ষ্য ভাৰতীয় ক্ৰিকেট দলত স্থান দখল কৰা আৰু দলত মোৰ এক চিনাকি গঢ়ি তোলা। এই মনোভাৱেৰে মই কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে আগবাঢ়িছে, আৰু আশাকৰোঁ, অতি সোনকালে মোৰ সপোন পূৰণ হ'ব।"
 
আই পি এলত ইজহাৰৰ নিৰ্বাচনে দেখুৱাইছে যে ভাৰতত কোনো ক্ৰিকেট প্ৰতিভা লুকাই থাকিব নোৱাৰে, মাত্ৰ সঠিক সুযোগ আৰু পথ প্ৰদৰ্শনৰ প্ৰয়োজন।