ICC টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে বুমৰাহে; অল ৰাউণ্ডাৰ ৰেংকিঙৰ শীৰ্ষত জাডেজা

Story by  atv | Posted by  [email protected] • 5 h ago
বেগী বলাৰ যশপ্ৰীত বুমৰাহ
বেগী বলাৰ যশপ্ৰীত বুমৰাহ
 
নতুন দিল্লী
 
বুধবাৰে ICC য়ে প্ৰকাশ কৰে শেহতীয়া ৰেংকিং। এই ক্ষেত্ৰত ভাৰতৰ আগশাৰীৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ এক নম্বৰ বলাৰ হৈ আছে। একে সময়তে অল ৰাউণ্ডাৰ শাখাত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে ৰবীন্দ্ৰ জাডেজাই। জানুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা পঞ্চম আৰু অন্তিমখন বৰ্ডাৰ-গাভাস্কাৰ টেষ্টৰ পূৰ্বে বুমৰাহে ৯০৭ পইন্ট সংগ্ৰহ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল। ভাৰতীয় বলাৰৰ এইটোৱেই হৈছে আই চি চিৰ সৰ্বোচ্চ ৰেংকিং ৰেটিং। বৰ্তমান তেওঁৰ ৰেটিং হৈছে ৯০৮ যিটো তেওঁৰ সৰ্বোত্তম।
 
টেষ্ট বলাৰৰ ভিতৰত অষ্ট্ৰেলিয়াৰ পেট কামিন্সে ৮৪১ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে আৰু দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাডাই ৮৩৭ ৰেটিং পইণ্টেৰে তৃতীয় স্থানত আছে। চতুৰ্থ স্থানত অষ্ট্ৰেলিয়াৰ জোছ হেজলউড আৰু পঞ্চম স্থানত আছে দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জান্সেন। মুলতানত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ৬ উইকেট দখল কৰি পাকিস্তানৰ নোমান আলীয়ে (৭৬১) শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে। তেওঁ দুটা স্থান জপিয়াই নৱম স্থান লাভ কৰিছে। ইফালে, শীৰ্ষ ১০ গৰাকী টেষ্ট বলাৰৰ ভিতৰত দশম স্থানত আছে ভাৰতৰ ৰবীন্দ্ৰ জাডেজা।
 
টেষ্ট ফৰ্মেটত শীৰ্ষ ১০ অল ৰাউণ্ডাৰৰ তালিকাত বিশেষ পৰিৱৰ্তন হোৱা নাই। ৪০০ ৰেটিং পইণ্টেৰে শীৰ্ষ স্থানত আছে জাডেজা। তেওঁৰ পিছতে আছে দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জান্সেন। তেওঁৰ ৰেটিং পইণ্ট হৈছে ২৯৪। তৃতীয় স্থানত আছে ২৮৪ ৰেটিং পইণ্টেৰে বাংলাদেশৰ মেহদী হাছান। অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স ২৮২ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থান আৰু বাংলাদেশৰ ছাকিব আল হাছানে ২৬৩ ৰেটিং পইণ্টেৰে অলৰাউণ্ডাৰৰ ভিতৰত পঞ্চম স্থানত আছে।
 
টেষ্ট বেটছমেনৰ ভিতৰত ইংলেণ্ডৰ জো ৰুট শীৰ্ষত আছে। তেওঁৰ ৰেটিং পইণ্ট হৈছে ৮৯৫। ইফালে ইংলেণ্ডৰ হেৰী ব্ৰুক ৮৭৬ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে। তৃতীয় স্থানত আছে নিউজীলেণ্ডৰ কেন উইলিয়ামছন। তেওঁৰ ৰেটিং পইণ্ট হৈছে ৮৬৭। ভাৰতৰ যশস্বী জয়ছোৱালে ৮৪৭ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে ৭৭২ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছে।
 
টেষ্ট বেটছমেনৰ ভিতৰত শীৰ্ষ ১০ ৰ ভিতৰত ভাৰতৰ দুগৰাকী খেলুৱৈ আছে। যশস্বীৰ বাহিৰেও আছে ঋষভ পন্ট। পণ্ট এটা স্থান অৱনমিত হৈ দশম স্থানলৈ গৈছে। ফৰ্মৰ বাহিৰত বিৰাট কোহলী ২৬ নম্বৰ স্থানত থকাৰ বিপৰীতে শুভমন গীল ২২ নম্বৰ স্থানত আছে। টেষ্ট বেটছমেনৰ ভিতৰত ৪৩ নম্বৰ স্থানত আছে ৰোহিত শৰ্মা।