চেম্পিয়নছ ট্ৰফীৰ পৰা অষ্ট্ৰেলিয়া বাহিৰ হোৱাৰ পিছতে এদিনীয়াক বিদায় জনালে ষ্টিভেন স্মিথে

Story by  atv | Posted by  [email protected] • 6 d ago
ষ্টিভেন স্মিথৰ ফাইল ফটো
ষ্টিভেন স্মিথৰ ফাইল ফটো
 
ডুবাই

আইচিচি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশৰ পৰা বঞ্চিত হোৱাৰ পিছতে এদিনীয়া ক্ৰিকেটক বিদায় জনালে অষ্ট্ৰেলিয়ান তাৰকা ষ্টিভেন স্মিথে। দুবাৰৰ বিশ্বকাপ বিজয়ী মহান বেটছমেনগৰাকীয়ে মঙলবাৰে নিশা ভাৰতৰ বিৰুদ্ধে ডেৰ দশকজোৰা এদিনীয়া কেৰিয়াৰৰ অন্তিমখন মেচ খেলে। 
 
ভাৰতৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত ৪ উইকেটত পৰাস্ত হোৱাৰ পিছত স্মিথে আজি এদিনীয়াৰ পৰা অৱসৰ ঘোষণা কৰে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতৰ বিৰুদ্ধে তেওঁ ৯৬ বলত ৭৩ ৰানৰ দায়িত্বপূৰ্ণ ইনিংছ খেলি অষ্ট্ৰেলিয়াক সন্মানজনক স্ক'ৰৰ দিশে আগুৱাই নিছিল। 
 
টেষ্ট ক্ৰিকেটত মনোনিৱেশ কৰিবলৈ মিডল অৰ্ডাৰ বেটছমেনগৰাকীয়ে এদিনীয়াক বিদায় জনোৱাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ২০১৫ আৰু ২০২৩ত অষ্ট্ৰেলিয়াৰ হৈ আইচিচি এদিনীয়া বিশ্বকাপ জয় কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ বিষয় আছিল বুলি উল্লেখ কৰি ষ্টিভেন স্মিথে কয় যে এদিনীয়া দলত তেওঁ কেইবাটাও মধুৰ ক্ষণৰ সাক্ষী হৈছে যদিও বিশ্বকাপ জয়ৰ ক্ষণ কেতিয়াও পাহৰিব নোৱাৰে।
উল্লেখ্য যে, ষ্টিভ স্মিথৰ এদিনীয়া কেৰিয়াৰৰ কৃতিত্বসমূহৰ ভিতৰত আছে ২০১৫ আৰু ২০২১ত অষ্ট্ৰেলিয়াৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ২০১৫ চনত আইচিচিৰ শ্ৰেষ্ঠ এদিনীয়া দলত স্থান লাভ কৰা। স্মিথে কয় যে টেষ্ট ক্ৰিকেট তেওঁৰ বাবে ‘অগ্ৰাধিকাৰ’ হৈয়ে আছে আৰু জুন মাহত লৰ্ডছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে তেওঁ মনোনিৱেশ কৰিব। 
 
স্মিথে ২০১০ চনত মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া অভিষেক ঘটাইছিল। এগৰাকী লেগ-স্পিনিং অলৰাউণ্ডাৰৰ ৰূপত দলত প্ৰৱেশ কৰা স্মিথে পৰৱৰ্তী সময়ত বিশ্ব ক্ৰিকেটাৰ এগৰাকী মহান বেটছমেন হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। তেওঁ ১৭০খন এদিনীয়াত গড় ৪৩.২৮ কৈ মুঠ ৫,৮০০ ৰান সংগ্ৰহ কৰিছে। ১২টা শতক আৰু ৩৫ অৰ্ধশতকো তেওঁৰ নামৰ নামত খোদিত হৈ আছে।