গুৱাহাটীত ক্ৰিকেট উন্মাদনা; ঘৰৰ মাটিত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিলে অসম সন্তান ৰিয়ান পৰাগে

Story by  atv | Posted by  [email protected] • 4 d ago
বেটিঙৰ সময়ত ৰিয়ান পৰাগ, বৰ্ষাপাৰাত বুধবাৰে
বেটিঙৰ সময়ত ৰিয়ান পৰাগ, বৰ্ষাপাৰাত বুধবাৰে
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

২৬ মাৰ্চ, ২০২৫। অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব এই দিনটো। কিয়নো, এই দিনটোতে এজন অসম সন্তানে ঘৰৰ মাটিত আইপিএৰ দৰে বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ক্ৰিকেট লীগত এটা আগশাৰীৰ দলক নেতৃত্ব দিয়াৰ গৌৰৱ অৰ্জন কৰে। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত বুধবাৰে নিশা অনুষ্ঠিত আইপিএলৰ এখন হাই-ভল্টেজ মেচত অসমৰ উদীয়মান তাৰকা ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছক নেতৃত্ব দিয়ে। 
 
ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু প্ৰথম সংস্কৰণৰ আইপিএল চেম্পিয়ন ৰাজস্থান ৰয়েলছৰ এই ৰোমাঞ্চকৰ যুঁজত দেশ-বিদেশৰ বহু ৰথী-মহাৰথীয়ে প্ৰতিদ্বন্দ্বীতাত নামে যদিও মেচৰ মধ্যমণি আছিল যুৱ অধিনায়ক ৰিয়ান পৰাগ।
 
সঞ্জু ছেমছনৰ পৰিৱৰ্তে প্ৰথম তিনিখন মেচত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিয়াৰ সুৱৰ্ণ সুযোগ লাভ কৰা ৰিয়ান পৰাগৰ প্ৰদৰ্শন উপভোগ কৰিবলৈ আজি বিয়লিৰে পৰা বৰ্ষাপাৰা ষ্টেডিয়ামলৈ সোঁত বয় হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীৰ। এক অৰ্থত আইপিএলক লৈ সম্প্ৰতি উগুল-থুগুল হৈ পৰিছে গুৱাহাটী মহানগৰী।
অৱশ্যে, বেটিঙেৰে আজি অনুৰাগীৰ প্ৰত্যাশা পূৰণত সম্পূৰ্ণৰূপে সফল নহ'ল ৰাজস্থান ৰয়েলছৰ তাৰকা অসম সন্তান ৰিয়ান পৰাগ। তেওঁ ১৫টা বলত ৩টা ছিক্সাৰৰ সহায়ত ২৫ ৰান সংগ্ৰহ কৰি বৰুণ চক্ৰৱৰ্তীৰ বলত আউট হয়। বৰ্ষাপাৰাৰ চিনাকী পৰিৱেশত সুন্দৰ আৰম্ভণি লাভ কৰিও ৰিয়ানে দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হয়। প্ৰথমখন মেচতো তেওঁ মাত্ৰ ৪ৰানতে পেভিলিয়নমুখী হৈছিল।  
 
উল্লেখ্য যে, বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান মালিকানাধীন কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ বুলিলেই ক্ৰিকেটপ্ৰেমীৰ মনত এক সুকীয়া উত্‍কণ্ঠা বিৰাজ কৰে। তিনিবাৰৰ চেম্পিয়ন দলটোৰ প্ৰতি ক্ৰিকেট অনুৰাগীৰ আছে বিশেষ আৱেগ আৰু অনুভূতি। আইপিএলৰ প্ৰতিখন মেচতে ষ্টেডিয়ামত দেখা যায় কেকেআৰ (KKR)ৰ অনুৰাগীৰ আৱেগ আৰু অনুৰাগ। দলটোৰ প্ৰতিখন মেচ তেওঁলোকে উছৱৰ দৰে উদযাপন কৰে। 
 
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামো ব্যতিক্ৰম নহয়। ২০২৪ৰ ১৯ মে'ত বৰ্ষাপাৰাত আইপিএলৰ লীগ পৰ্যায়ৰ অন্তিমখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে যুঁজ দিবলৈ আহিছিল শ্বাহৰুখৰ কেকেআৰ। ঘৰৰ ল'ৰা ৰিয়ান পৰাগ সেই মেচৰো মধ্যমণি আছিল যদিও ষ্টেডিয়ামত ভিৰ কৰিছিল কেকেআৰৰ অজস্ৰ অনুৰাগী। কিন্তু নেৰানেপেৰা বৰষুণে নিৰাশ কৰিছিল গুৱাহাটীৰ দৰ্শকক। এটাও বল নপৰাকৈ পৰিত্যক্ত হৈছিল ৰাজস্থান-কলকাতাৰ বহুপ্ৰত্যাশিত মেচ। 
ইয়াৰ পিছত বুধবাৰে গুৱাহাটীত পুনৰ মুখামুখি হয় কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছ। দুয়োটা দলে আজি প্ৰথমটো জয়ৰ সন্ধানত খেলপথাৰত নামে। ২২ মাৰ্চত কলকাতাৰ ঘৰুৱা গ্ৰাউণ্ডত আৰচিবিৰ বিৰুদ্ধে আইপিএলৰ উদ্বোধনী মেচত কলকাতা পৰাজয়ৰ সন্মুখীন হয়। ইয়াৰ বিপৰীতে ৰিয়ানৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত আত্মসমৰ্পণ কৰে। 
 
উল্লেখ্য যে, যোৱাবাৰৰ দৰে এইবাৰো ৰাজস্থানে গুৱাহাটীত দুখন মেচ খেলিব। ৩০ মাৰ্চত দলটোৱে গুৱাহাটীত মহেন্দ্ৰ সিং ধোনীৰ ৫ বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। সেই মেচখন গুৱাহাটীৰ ক্ৰিকেট অনুৰাগীৰ আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। কাৰণ, কেকেআৰৰ সমান্তৰালকৈ দেশৰ সকলো প্ৰান্ততে চিএছকেৰো আছে বৃহত্‍সংখ্যক ফেন-ফল'ৱাৰ। প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহিবলগীয়া ধোনীৰ দলটোক ওচৰৰ পৰা চাবলৈ বৰ্ষাপাৰা ষ্টেডিয়াম হাউছ-ফুল হোৱাটো একপ্ৰকাৰ নিশ্চিত।