ছানিয়া মিৰ্জাৰ সৈতে বিবাহৰ সম্পৰ্কে মুখ খুলিলে ক্ৰিকেটাৰ মহম্মদ ছামী

Story by  atv | Posted by  Munni Begum • 1 Months ago
 ক্ৰিকেটাৰ মহম্মদ ছামী আৰু টেনিছ তাৰকা ছানিয়া মিৰ্জা
ক্ৰিকেটাৰ মহম্মদ ছামী আৰু টেনিছ তাৰকা ছানিয়া মিৰ্জা
 
নতুন দিল্লী  
 
ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামীয়ে অৱশেষত তেওঁৰ আৰু টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ সৈতে জড়িত উৰা বাতৰিৰ সম্পৰ্কে মুখ খুলিলে। বিভিন্ন সামাজিক মাধ্যমত ছামী আৰু ছানিয়া মিৰ্জা বিয়া হ’বলৈ ওলাইছে বুলি কিছু বিকৃত কৰা ছবি ভাইৰেল হৈ পৰিছে।
 
শেহতীয়াকৈ ইউটিউবত শুভংকৰ মিশ্ৰৰ সৈতে হোৱা বাৰ্তালাপত ছামীক এই উৰাবাতৰিৰ বিষয়ে সোধা হৈছিল আৰু উত্তৰত ক্ৰিকেটাৰ গৰাকীয়ে এনে বাতৰি অনলাইনত প্ৰচাৰ কৰাৰ বাবে দায়ীসকলক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। বেগী বলাৰ গৰাকীয়ে লোকসকলক সামাজিক মাধ্যমত বেছি মিছা কথা প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছে আৰু আনকি তেওঁ কয় যে যদিও এনে মিমে মনোৰঞ্জন প্ৰদান কৰিব পাৰে, সেইবোৰ ক্ষতিকাৰকও হ'ব পাৰে। মই সকলোকে সামাজিক মাধ্যমৰ সৈতে দায়বদ্ধ হ'বলৈ আৰু এনে ভিত্তিহীন বাতৰি প্ৰচাৰৰ পৰা নকৰিবলৈ অনুৰোধ জনাইছো।  
 
ছামীয়ে কয়, "এইয়া এক অদ্ভুত কৰ্ম কাণ্ডৰ বাহিৰে বেলেগ একো নহয়, যদি আপোনাক বাধ্য কৰা হয়, তেন্তে আপুনি কি কৰিব? মই ফোনটো খোলৰ লগে লগে কেৱল মাত্ৰ নিজৰে ফটো দেখা পাওঁ। কিন্তু মই এটাই কথা ক'ব বিচাৰো যে - কোনে লোককে এনেদৰে মিছা কথাত অপবাদ দিব নালাগে। মই সন্মত যে মিমবোৰ সকলোৰে আনন্দৰ বাবে, কিন্তু এইবোৰ কোনো লোকৰে জীৱনৰ সৈতে সম্পৰ্কিত কৰিব নালাগে। গতিকে আপোনা লোকে সাৱধানে মিম বনোৱা উচিত। এই মিম বনোৱা লোকসকলে অপ্ৰমাণিত পৃষ্ঠাৰ পৰা মিমবোৰ শ্বেয়াৰ কৰে।"     
 
ছামীয়ে কয়, "কিন্তু মই এটা কথা ক'ব বিচাৰো - যদি আপোনাৰ এই সকলোবোৰ কথা প্ৰভেৰিফাইড পেজৰ পৰা কোৱাৰ সাহস আছে, তেন্তে মই উত্তৰ দিম। আনৰ বিষয়ে অপপ্ৰচাৰ চলোৱা সহজ কাম। সফলতা লাভ কৰিবলৈ চেষ্টা কৰক, মানুহক সহায় কৰক আৰু নিজকে উন্নীত কৰক তেতিয়া মই বিশ্বাস কৰিম যে আপুনি এজন ভাল মানুহ।"