অৱসৰ গ্ৰহণ কৰিব ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে

Story by  atv | Posted by  [email protected] • 3 d ago
ক্ৰিষ্টিয়ানো ৰোনাল্ডো
ক্ৰিষ্টিয়ানো ৰোনাল্ডো
 
নতুন দিল্লী
 
শ্ল’ভেনিয়াৰ বিৰুদ্ধে টাইব্ৰেকাৰত জয়লাভ কৰি পৰ্তুগালে ইউৰো ২০২৪ৰ অন্তিম আঠত প্ৰৱেশ কৰে। খেলখনৰ অন্তত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে অৱসৰৰ পৰিকল্পনা সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে।
 
মেচখনত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ হতাশাজনক প্ৰদৰ্শনৰ বাবে পুনৰ সমালোচনাৰ চিকাৰ হয়। শেষত টাইব্ৰেকাৰত পৰ্তুগালৰ অনুৰাগীৰ মুখত হাঁহি বিৰিঙালে গ’লকীপাৰ ডিয়েগো কোষ্টাই।
 
মেচখনৰ অতিৰিক্ত সময়ৰ ১০৫ মিনিটত পৰ্তুগালে পেনাল্টি লাভ কৰে। কিন্তু সেইটো ৰোনাল্ডোৱে মিছ কৰিলে। পেনাল্টি মিছ কৰাৰ পিছত কন্দাও দেখা গ’ল ৰোনাল্ডোক। ইয়াৰোপৰি মেচত একাধিকবাৰ ফ্ৰী-কিক পায়ো কামত লগাব নোৱাৰিলে ৰোনাল্ডোৱে।
 
পেনাল্টি মিছ কৰাৰ পিছত কেৱল ৰোনাল্ডো নহয়, তেওঁৰ মাতৃয়েও কন্দা দেখা গ’ল। আৰু সেই ছবি ভাইৰেল হৈ পৰে ইণ্টাৰনেটত। সন্তানৰ খেলক লৈ ৰোনাল্ডোৰ মাতৃ কিমান আৱেগিক সেয়া সকলোৱে জানে।
 
মেচৰ শেষত ৰোনাল্ডোৱে জনাই যে এইখনেই তেওঁৰ শেষৰখন ইউৰো কাপ। ৰোনাল্ডোৱে কয়, “এইখনেই মোৰ শেষৰখন ইউৰো। তাক লৈ কোনো সন্দেহ নাই। কিন্তু সেইবুলি মই আৱেগিক হৈ পৰা নাই। যিদৰে সমৰ্থক আৰু পৰিয়াল কাষত আছে সেইটো দেখি মই আপ্লুত হৈছো।”
 
ইয়াৰ পৰৱৰ্তী ইউৰো কাপত ৰোনাল্ডোৰ বয়স হ’ব ৪৩ বছৰ। ফলত সেই সময়ত খেলাতো আৰু ৰোনাল্ডোৰ পক্ষে সম্ভৱ নহ’ব। কিন্তু ফুটবলক কেতিয়া বিদায় জনাব সেই সম্পৰ্কে একো কোৱা নাই ৰোনাল্ডোৱে। বিশ্বকাপ খেলিব নে নেখেলিব সেয়া সময়তহে লক্ষণীয় হ’ব।