BCCI-ৰ কাৰ্যবাহী সচিবৰ দায়িত্ব গ্ৰহণ অসম সন্তান দেৱজিৎ লন শইকীয়াৰ

Story by  atv | Posted by  Munni Begum • 18 d ago
দেৱজিৎ লন শইকীয়া
দেৱজিৎ লন শইকীয়া
 
গুৱাহাটী
 
বি চি চি আইৰ সচিবৰ পদত অধিষ্ঠিত হ'ল প্ৰথমজন অসমীয়া। বি চি চি আইৰ কাৰ্যবাহী সচিবৰূপে দায়িত্ব গ্ৰহণ কৰিলে অসম সন্তান দেৱজিৎ লন শইকীয়াই। জয় শ্বাহৰ স্থানত বি চি চি আইৰ সচিবৰ দায়িত্ব গ্ৰহণ কৰিছে দেৱজিৎ লন শইকীয়াই। বৰ্তমান তেওঁ আন্তর্জাতিক ক্রিকেট নিয়ন্ত্রণ ব'র্ড (আই চি চি)ৰ সভাত ভাৰতক প্রতিনিধিত্ব কৰিব। আই চি চিৰ মজিয়াত প্ৰৱেশ কৰা শইকীয়াই অসমৰ প্ৰথমগৰাকী ক্রিকেট সংগঠক।   
 
যোৱা ১ ডিচেম্বৰত শ্বাহে বি চি চি আইৰ সচিব পদৰ পৰা পদত্যাগ কৰি আই চি চিৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰাত উক্ত পদটো খালী হৈছিল। বিচিচি আইৰ যুটীয়া সচিব পদত থকাৰ বাবেই দেৱজিৎ শইকীয়াক এই দায়িত্ব অর্পণ কৰা হয়। এতিয়াৰে পৰা শইকীয়াই ভাৰতীয় ব'ৰ্ডৰ লগতে বিশ্ব ক্রিকেটৰ নিয়ন্ত্রক ব'ৰ্ডৰো দায়িত্ব চম্ভালিব লাগিব। বি চি চি আইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে দেৱজিৎ লন শইকীয়াক নিযুক্তি প্ৰদান কৰিছে। অহা বছৰৰ ছেপ্টেম্বৰ মাহলৈকে তেওঁ এই দায়িত্বত কাৰ্যনিৰ্বাহ কৰিব।  
 
২১ বছৰ বয়সতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল দেৱজিৎ লন শইকীয়াই। পৰৱৰ্তী সময়ত তেওঁ আইনী শিক্ষা গ্ৰহণ কৰি ৰাজ্যৰ এগৰাকী সুপ্ৰতিষ্ঠিত অধিবক্তাৰূপে নিজকে গঢ়ি তুলিছিল। অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ অসম ক্ৰিকেটৰ উত্তৰণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছিল দেৱজিৎ লন শইকীয়াই। পৰৱৰ্তী সময়ত বি চি চি আইৰ যুটীয়া সচিব পদত অধিষ্ঠিত হৈছিল দেৱজিৎ শইকীয়া।  
 
যোৱা ৩ ডিচেম্বৰৰ পৰাই দেৱজিৎ লন শইকীয়াই ডুবাইত থকা আই চি চিৰ মুখ্য কাৰ্যালয়তে আছে। নতুন দায়িত্ব গ্রহণ কৰাৰ পিচতে ভাৰতীয় ব'ৰ্ডৰ সতীৰ্থসকলৰ বাবে জয় শ্বাহে ডুবাইত এক নৈশ ভোজৰ ব্যৱস্থা কৰিছিল। এই নৈশ ভোজৰ সময়তে বি চি চি আইৰ অন্য বিষয়ববীয়াসকলে আই চি চিৰ প্রতিনিধি হিচাপে সর্বসম্মতভাৱে দেৱজিৎ শইকীয়াক মনোনীত কৰে।  
 
অচিৰেই ভাৰতীয় ব'র্ডে নির্বাচন কৰিব লাগিব জয় শ্বাহৰ উত্তৰসূৰী। পৰৱৰ্তী সচিব যিয়েই নহওঁক, তেওঁ ক্ষমতাত থাকিব মাত্র ৯ মাহ। অহা বৰ্ষৰ ছেপ্টেম্বৰত বৰ্তমানৰ সমিতিৰ কার্যকাল উকলিব। নতুন সমিতি গঠনৰ বাবে হ'ব নির্বাচন। সম্প্রতি খালী হৈ থকা সচিব পদৰ দৌৰত আছে দেৱজিৎ শইকীয়া। 
 
আই চি চিৰ ব'ৰ্ড সদস্য মনোনীত হোৱাৰ পিচত বিচি চি আইৰ সচিব পদ পোৱাৰ সম্ভাৱনাও বৃদ্ধি হ'ল। অহা ১৪ জানুৱাৰীৰ ভিতৰতে সচিব পদ পূৰণ কৰিব লাগিব ব'ৰ্ডে। এই পদৰ বাবে শইকীয়াৰ প্ৰতিদ্বন্দ্বী কেইবাগৰাকী। প্রার্থী নিৰ্বাচনৰ ক্ষেত্ৰত ৰাজনৈতিক প্রভাৱ পৰাটো নিশ্চিত।