বিচিচিআইৰ পূৰ্ণকালীন সচিব হ'ব অসমৰ দেৱজিৎ শইকীয়া; ১২ জানুৱাৰীত আনুষ্ঠানিক ঘোষণা

Story by  atv | Posted by  [email protected] • 10 d ago
বিচিচিআইৰ সচিব পদৰ বাবে মনোনয়ন দাখিলৰ সময়ত অসমৰ দেৱজিৎ শইকীয়া (সোঁফালৰ পৰা তৃতীয়গৰাকী)
বিচিচিআইৰ সচিব পদৰ বাবে মনোনয়ন দাখিলৰ সময়ত অসমৰ দেৱজিৎ শইকীয়া (সোঁফালৰ পৰা তৃতীয়গৰাকী)

মুম্বাই

অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ দেৱজিৎ শইকীয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ পৰৱৰ্তী সচিব হ'ব। বিচিচিআইৰ দৰে বিশ্বৰ সৰ্ববৃহৎ আৰু সবাতোকৈ ঐশ্বৰ্যশালী ক্ৰিকেট ব'ৰ্ডৰ মূৰব্বীৰ আসনত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া। একেদৰে, বিচিচিআইৰ কোষাধ্যক্ষ হ’ব ছত্তীশগড় ৰাজ্যিক ক্ৰিকেট সংঘৰ প্ৰভতেজ সিং ভাটিয়া।
 
বৰ্তমানৰ আই চি চিৰ অধ্যক্ষ জয় শ্বাহ বি চি চি আইৰ পৰা বাহিৰ হোৱাৰ পিছৰে পৰা সচিবৰ কাম-কাজ পালন কৰি অহা দেৱজিৎ শইকীয়াৰ লগতে ছত্তীশগড়ৰ ভাটিয়াই কালি বিচিচিআইৰ আগন্তুক নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে। দুয়োটা পদৰ বাবে তেওঁলোক একমাত্ৰ আবেদনকাৰী আছিল আৰু এইদৰে বিচিচিআইলৈ তেওঁলোক বিনা-প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হয়। ১২ জানুৱাৰীত মুম্বাইত বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া বিশেষ সাধাৰণ সভা (AGM)ত দেৱজিৎ শইকীয়া আৰু প্ৰভতেজ সিং ভাটিয়া আনুষ্ঠানিকভাৱে পদবী লাভ কৰিব।
উল্লেখ্য যে, ২০২১ চনৰ মে’ মাহৰ পৰা অসমৰ মহাধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰা শইকীয়া ২০২২ চনৰ অক্টোবৰৰ পৰা বিচিচিআইৰ যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু জয় শ্বাহৰ অনুপস্থিতিত তেওঁ ডিচেম্বৰ মাহত বিচিচিআইৰ অন্তৱৰ্তীকালীন সচিব হিচাপে নিযুক্তি লাভ কৰে।
 
অসমৰ হৈ কৰ্ণেল চি কে নাইডু ট্ৰফী (অনূৰ্ধ্ব-২৩) আৰু ৰঞ্জী ট্ৰফীত খেলা প্ৰাক্তন উইকেটকীপাৰগৰাকীয়ে ১৯৯০-৯১ চনত চাৰিখন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল। ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ সৈতে তেওঁ পূব মণ্ডলৰ হৈও খেলিছিল। জয় শ্বাহে আইচিচিলৈ অধ্যক্ষ হিচাপে আৰু আশীষ শ্বেলাৰে মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত বিচিচিআইৰ সচিব আৰু কোষাধ্যক্ষৰ পদ দুটা খালী হৈছিল। 
 
নিৰ্বাচনী বিষয়া এ কে জ্যোতিয়ে জাৰি কৰা নিৰ্বাচনী তালিকাৰ খচৰা অনুসৰি শইকীয়াই অসম ক্ৰিকেট সন্থাক প্ৰতিনিধিত্ব কৰিব। শইকীয়াৰ পদ পূৰণৰ বাবে ব’ৰ্ডে নতুন যুটীয়া সচিব নিৰ্বাচন কৰিব লাগিব। ইফালে বিচিচিআইৰ বিশেষ আমন্ত্ৰিত অতিথি হিচাপে বিচিচিআইৰ এছজিএমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে জয় শ্বাহে।