৪ টা দুঃসাহসিক অভিযান সম্পূৰ্ণ কৰি অৱসৰ ল'ব জলকোঁৱৰ এলভিছ আলী হাজৰিকাই

Story by  Ariful Islam | Posted by  [email protected] • 2 Months ago
জলকোঁৱৰ এলভিছ আলী হাজৰিকা
জলকোঁৱৰ এলভিছ আলী হাজৰিকা
 
আৰিফুল ইছলাম/গুৱাহাটী
 
সাঁতোৰৰ জগতত ইটোৰ পিছত সিটো বিৰল অভিলেখেৰে অসমক বিশ্বৰ দৰবাৰত উজলাই তুলিছে প্ৰখ্যাত সাতোঁৰবিদ এলভিছ আলী হাজৰিকাই। ২০২৪ৰ ফেব্ৰুৱাৰীত সন্মানীয় অসম সৌৰভ বঁটাৰে বিভূষিত এলভিছে ইতিমধ্যে বিশ্বৰ কেইবাটাও প্ৰত্যাহ্বানজনক চেনেল সফলতাৰে সাঁতুৰি ভাৰতীয় সাঁতোৰ জগতত একপ্ৰকাৰ খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ৪১ বছৰীয়া এলভিছে অদম্য সাহস, দৃঢ়তা আৰু ইচ্ছাশক্তিৰ বলত ক্ৰীড়া কেৰিয়াৰৰ আন কেইটামান দুৰ্বাৰ সপোন বাস্তবায়িত কৰাৰ কথা ঘোষণা কৰে।
 
আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেল আয়োজন কৰি সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই আগন্তুক ৪ টা প্ৰত্যাহ্বানমূলক সাঁতোৰ সম্পন্ন কৰাৰ কথা ঘোষণা কৰে।

এই চাৰিটা অভিযানৰ প্ৰথমটো চলিত বৰ্ষৰ ডিচেম্বৰ মাহত মুম্বাইৰ ছি লিংকৰ পৰা মুম্বাই গেটলৈ প্ৰায় ৪৫ কিলোমিটাৰ সাঁতুৰিব। দ্বিতীয়টো ২০২৫ চনৰ এপ্ৰিল মাহত ৰবেন দ্বীপৰ পৰা ব্ল’বাৰ্গলৈকে সাঁতুৰিব, আকৌ ব্ল’বাৰ্গৰ পৰা ৰবেন দ্বীপলৈ উভতিব। তৃতীয়টো হৈছে জুলাই মাহত,  ইংলিছ চেনেল সাঁতুৰী পাৰ হোৱাৰ পুনৰ চেষ্টা কৰিব। চতুৰ্থটো ২০২৫ চনৰ আগষ্ট মাহত, মোলোকাই চেনেলত প্ৰায় ৪২ কিলোমিটাৰ দূৰত্বৰ সাঁতোৰ সম্পূৰ্ণ কৰিব। এই সাঁতোৰটো আমেৰিকাৰ মোলোকাই দ্বীপৰ পৰা আমেৰিকাৰ অ’আহু দ্বীপলৈকে হ'ব।
 
সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই এই চাৰিটা অভিযান সমাপ্ত কৰি অৱসৰ ঘোষণা কৰিব পাৰে বুলিও উল্লেখ কৰে। সংবাদ মেলত এলভিছে কয়; "সৰুৰে পৰাই সাতুৰি ভাল পাওঁ। ৪০ বছৰ ধৰি সাতুৰীয়ে আছোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত মই চাগে ভাৰতৰ একমাত্ৰ সাঁতোৰবিদ, যিয়ে ১০০ টাৰো অধিক স্বৰ্ণ পদক বিজয়ী হ'বলৈ সক্ষম হৈছোঁ। এতিয়া চেনেল সাঁতুৰী আছোঁ যিহেতু, প্ৰতিটো সাঁতোৰত প্ৰায় ১০-১৫ লাখ টকাৰ প্ৰয়োজন হয়। চৰকাৰে পূৰ্বতে কিছু কিছু সহায় কৰিছিল যদিও এতিয়া ইমান সহায় নাপাওঁ। স্পন্সৰশ্বিপ বিচাৰিবলগীয়া হয়। আজিকালি স্পন্সৰশ্বিপ বিচৰাটোও এটা কঠিন কাম আৰু মই পইচা বিচাৰি যাব লাজ পাওঁ। গতিকে এইটোৱে হয়তো মোৰ শেষ অভিযান হ'ব।"
 
সাঁতোৰি থকা মুহূৰ্তত এলভিছ আলী হাজৰিকা
 
উল্লেখ্য যে, পোলেণ্ডৰ গডানস্ক পমেৰেনিয়াৰ পাৰৰ পৰা পোলেণ্ড উপসাগৰৰ পুক গডানস্ক বাল্টিক সাগৰলৈ (Poland Gulf of Puck Gdansk Baltic Sea, off the shores of Gdańsk Pomerania, Poland) সফলতাৰে সাঁতুৰি যোৱা প্ৰথমজন অসমীয়া হিচাপে ইতিহাস ৰচিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত তেওঁ দক্ষিণ আফ্ৰিকাৰ কেপটাউনৰ ৰবেন দ্বীপ এককভাৱে সাঁতুৰি পাৰ হৈছিল। প্ৰথমজন অসমীয়া হিচাপে এনে কৃতিত্ব অৰ্জনৰ পথতো তেওঁ কঠিন আৰু দুঃসাহসিক যাত্ৰা অতিক্ৰম কৰিবলগীয়া হৈছিল। জেলিফিছ, ছানফিছ, ডলফিন আদিৰ আক্ৰমণৰ সমান্তৰালকৈ তেওঁ হাড় কপোৱা ঠাণ্ডা আৰু নিমখীয়া পানীৰ সৈতে যুঁজ দি ৰবেন দ্বীপ জয় কৰিছিল।
 
ইয়াৰ পূৰ্বে, গুৱাহাটীৰ এলভিছ আলী হাজৰিকাই ২০২৩ৰ জুলাইত ইংলিছ চেনেল সফলতাৰে অতিক্ৰম কৰি ইতিহাস ৰচিছিল। ইংলেণ্ডৰ ছেম্পফায়াৰৰ পৰা ফ্ৰান্সৰ কেলিছ আৰু তাৰ পৰা পুনৰ ইংলেণ্ডলৈ মুঠ ৭৮ কিলোমিটাৰ দৈৰ্ঘ্য সফলতাৰে সাঁতুৰি পাৰ হৈ অসমৰ তাৰকা সাতোঁৰবিদগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ লগতে দেশলৈ বিৰল গৌৰৱ কঢ়িয়াই আনিছিল। এই ঐতিহাসিক সাফল্য অৰ্জন কৰা তেওঁ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাঁতোৰবিদ।
 
সতীৰ্থৰ সৈতে এলভিছ আলী হাজৰিকা
 
ইয়াৰ পিছত অসমৰ জলকোঁৱৰ এলভিছে ২০২৩ৰ ডিচেম্বৰত এলিফেণ্টা আইলেণ্ড জেটিৰ পৰা মুম্বাইৰ গে'টৱে অৱ ইণ্ডিয়ালৈ সাঁতোৰ অভিযান সফলতাৰে সম্পূৰ্ণ কৰি আন এক অনন্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। প্ৰায় ২২ কিলোমিটাৰ দীঘলীয়া এই প্ৰত্যাহ্বানজনক সাগৰীয় যাত্ৰা পথ সাঁতুৰি পাৰ হোৱা তেওঁ হৈছে প্ৰথমজন অসমীয়া।
 
ইয়াৰ পূৰ্বে তেওঁ ২০২২ত নৰ্থ চেনেল সফলতাৰে সাঁতুৰি পাৰ হৈছিল। এলভিছ আলী হাজৰিকাই উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে গ্ৰেট ব্ৰিটেইনৰ নৰ্থ চেনেল সাঁতুৰি পাৰ হৈছিল।
 
এই কৃতিত্ব অৰ্জন কৰা তেওঁ ভাৰতৰ সবাতোকৈ বয়সস্থ সাঁতোৰবিদ। উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ বিপজ্জনক চেনেলটো সাঁতুৰি পাৰ হোৱা এছিয়াৰ প্ৰথমজন ৰিলে সাঁতোৰবিদ হিচাপেও পৰিগণিত হৈছিল এইগৰাকী প্ৰবীণ দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ।