আৱাজ দ্য ভইচ অসম ব্যুৰ'
সাঁতোৰৰ জগতত ইটোৰ পিছত সিটো বিৰল অভিলেখেৰে অসমক বিশ্বৰ দৰবাৰত উজলাই তোলা প্ৰখ্যাত সাতোঁৰবিদ এলভিছ আলী হাজৰিকাই আন এক সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষত সন্মানীয় অসম সৌৰভ বঁটাৰে বিভূষিত হোৱা এলভিছে অতুলনীয় শক্তি, সাহস আৰু দৃঢ়তাৰ পৰিচয় দি একেৰাহে ১৫ ঘণ্টা ব্ৰহ্মপুত্ৰত সাতুৰি অভিলেখ স্থাপন কৰে। ৩১ জানুৱাৰীৰ নিশা ৯ বজাৰ পৰা তেওঁ ১ ফেব্ৰুৱাৰীৰ দুপৰীয়া ১২ বজালৈ ব্ৰহ্মপুত্ৰৰ বুকুত সাতুৰি এলভিছ আলী হাজৰিকাই নিজৰ দক্ষতা, শাৰিৰীক সক্ষমতা আৰু মনৰ দৃঢ়তা প্ৰদৰ্শন কৰে।
"ব্ৰহ্মপুত্ৰত একেৰাহে ইমান সময় সাতুৰিব পৰাটো মই অসম্ভৱ বুলি ভাবিছিলো, কিন্তু মই এয়া কৰি দেখুৱালো। ৩১ জানুৱাৰীৰ নিশা ৯ বজাৰ পৰা ১ ফেব্ৰুৱাৰীৰ দুপৰীয়া ১২ বজালৈ ব্ৰহ্মপুত্ৰ নদীত একেৰাহে ১৫ ঘণ্টা সাঁতুৰো আৰু এই কথা অসম বুক অৱ ৰেকৰ্ড-এ পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকে ইয়াক স্বীকৃতি দিয়ে। যোৱা কেইমাহমানৰ পৰা ব্রহ্মপুত্রত মই নিয়মীয়াকৈ প্রশিক্ষণ কৰি আহিছো আৰু আজিলৈকে এয়াই মোৰ আটাইতকৈ দীঘলীয়া সাঁতোৰ৷ আমাৰ অসমৰ মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ জন্মদিনত মোৰ এই সফলতা উচৰ্গা কৰিলোঁ।"-এলভিছ আলী হাজৰিকাই এইদৰে কয়।
একেৰাহে ১৫ ঘণ্টা সাতুৰি ব্ৰহ্মপুত্ৰৰ পাৰত এলভিছ আলী হাজৰিকা
উল্লেখ্য যে, আজিৰ পৰা প্ৰায় ৬ মাহ পূৰ্বে অসমৰ সুযোগ্য সন্তান এলভিছ আলী হাজৰিকাই পোলেণ্ডৰ গডানস্ক পমেৰেনিয়াৰ পাৰৰ পৰা পোলেণ্ড উপসাগৰৰ পুক গডানস্ক বাল্টিক সাগৰলৈ (Poland Gulf of Puck Gdansk Baltic Sea, off the shores of Gdańsk Pomerania, Poland) সফলতাৰে সাঁতুৰি যোৱা প্ৰথমজন অসমীয়া হিচাপে ইতিহাস ৰচিছিল। ইতিমধ্যে বিশ্বৰ কেইবাটাও প্ৰত্যাহ্বানজনক চেনেল সফলতাৰে সাঁতুৰি ভাৰতীয় সাঁতোৰ জগতত একপ্ৰকাৰ খলকনি তুলা ৪২ বছৰীয়া এলভিছে অদম্য সাহস, দৃঢ়তা আৰু ইচ্ছাশক্তিৰ বলত ক্ৰীড়া কেৰিয়াৰৰ আন এক দুৰ্বাৰ সপোন বাস্তবায়িত কৰিবলৈ সক্ষম হয়।
ইয়াৰ পূৰ্বে, ২০২৪ বৰ্ষৰ মাৰ্চ মাহত তেওঁ দক্ষিণ আফ্ৰিকাৰ কেপটাউনৰ ৰবেন দ্বীপ এককভাৱে সাঁতুৰি পাৰ হৈছিল। প্ৰথমজন অসমীয়া হিচাপে এনে কৃতিত্ব অৰ্জনৰ পথতো তেওঁ কঠিন আৰু দুঃসাহসিক যাত্ৰা অতিক্ৰম কৰিবলগীয়া হৈছিল। জেলিফিছ, ছানফিছ, ডলফিন আদিৰ আক্ৰমণৰ সমান্তৰালকৈ তেওঁ হাড় কপোৱা ঠাণ্ডা আৰু নিমখীয়া পানীৰ সৈতে যুঁজ দি ৰবেন দ্বীপ জয় কৰিছিল।
গুৱাহাটীৰ এলভিছ আলী হাজৰিকাই ২০২৩ৰ জুলাইত ইংলিছ চেনেল সফলতাৰে অতিক্ৰম কৰি ইতিহাস ৰচিছিল। ইংলেণ্ডৰ ছেম্পফায়াৰৰ পৰা ফ্ৰান্সৰ কেলিছ আৰু তাৰ পৰা পুনৰ ইংলেণ্ডলৈ মুঠ ৭৮ কিলোমিটাৰ দৈৰ্ঘ্য সফলতাৰে সাঁতুৰি পাৰ হৈ অসমৰ তাৰকা সাতোঁৰবিদগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ লগতে দেশলৈ বিৰল গৌৰৱ কঢ়িয়াই আনিছিল। এই ঐতিহাসিক সাফল্য অৰ্জন কৰা তেওঁ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাঁতোৰবিদ।
ব্ৰহ্মপুত্ৰত একেৰাহে ১৫ ঘণ্টা সাতুৰি অভিলেখ ৰচিলে এলভিছ আলী হাজৰিকাই
বহু ত্যাগ, কষ্ট, পৰিশ্ৰম আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি কৰা অনুশীলনৰ অন্তত তেওঁ ইলিংছ চেনেল সাঁতুৰি পাৰ হোৱাৰ দীৰ্ঘদিনীয়া সপোন সাৰ্থক কৰিছিল বুলি প্ৰকাশ কৰিছিল। ইয়াৰ পিছত অসমৰ জলকোঁৱৰ এলভিছে ২০২৩ৰ ডিচেম্বৰত এলিফেণ্টা আইলেণ্ড জেটিৰ পৰা মুম্বাইৰ গে'টৱে অৱ ইণ্ডিয়ালৈ সাঁতোৰ অভিযান সফলতাৰে সম্পূৰ্ণ কৰি আন এক অনন্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। প্ৰায় ২২ কিলোমিটাৰ দীঘলীয়া এই প্ৰত্যাহ্বানজনক সাগৰীয় যাত্ৰা পথ সাঁতুৰি পাৰ হোৱা তেওঁ হৈছে প্ৰথমজন অসমীয়া।
উল্লেখ্য যে, তেওঁ ২০২২ত নৰ্থ চেনেল সফলতাৰে সাঁতুৰি পাৰ হৈছিল। এলভিছ আলী হাজৰিকাই উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে গ্ৰেট ব্ৰিটেইনৰ নৰ্থ চেনেল সাঁতুৰি পাৰ হৈছিল। এই কৃতিত্ব অৰ্জন কৰা তেওঁ ভাৰতৰ সবাতোকৈ বৰ্ষীয়ান সাঁতোৰবিদ। উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ বিপজ্জনক চেনেলটো সাঁতুৰি পাৰ হোৱা এছিয়াৰ প্ৰথমজন ৰিলে সাঁতোৰবিদ হিচাপেও পৰিগণিত হৈছিল এইগৰাকী প্ৰবীণ দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ।
দুঃসাহসিক সাঁতোৰবিদগৰাকীয়ে ভয়ংকৰ ঠাণ্ডা পানী আৰু হুলযুক্ত জেলিফিছৰ প্ৰত্যাহ্বান নেওচি ১৪ ঘণ্টা ৩৮ মিনিট সময় সাঁতুৰি নৰ্থ চেনেল পাৰ হোৱাৰ বিৰল কৃতিত্ব অৰ্জন কৰে। তেওঁ সাঁতুৰি থকা সময়ছোৱাত জলপৃষ্ঠৰ উষ্ণতা আছিল ১২ৰ পৰা ১৪ ডিগ্ৰী চেণ্টিগ্ৰেড। এলভিছে ২০১৯ চনত তিমি-চাৰ্ক-চীল-ডলফিনেৰে ভৰি থকা কেটালিনা চেনেলো (আমেৰিকা যুক্তৰাষ্ট্ৰ) সাতুঁৰি পাৰ হ'বলৈ সক্ষম হৈছিল। তাৰ পিছত তেওঁ মহামাৰী-পীড়িত ২০২০ আৰু ২০২১ চনত একেৰাহে দুবাৰ মুম্বাই উপকূলত আৰৱ সাগৰ সাঁতুৰিছিল।
ব্ৰহ্মপুত্ৰত একেৰাহে ১৫ ঘণ্টা সাতুৰি অভিলেখ সৃষ্টি এলভিছ আলী হাজৰিকাৰ
মা কামাখ্যা আৰু মা বগলামুখীৰ পৰম ভক্ত এলভিছ আলী হাজৰিকাই এইদৰে ন ন অভিলেখ সৃষ্টিৰে অসম তথা সমগ্ৰ ভাৰতৰ যুৱ প্ৰজন্মৰ প্ৰেৰণাৰ প্ৰতীক হৈ উঠিছে। মাত্ৰ সাত বছৰ বয়সতে প্ৰতিযোগিতামূলক সাঁতোৰ আৰম্ভ কৰা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদজনে কেৰিয়াৰত প্ৰায় ২৩ টা ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছিল আৰু আন্তৰ্জাতিক ক্ষেত্ৰত ২০ টাকে ধৰি প্ৰায় ৬৮ টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
মনকৰিবলগীয়া যে, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ইমানখিনি ঈৰ্ষণীয় সাফল্য অৰ্জনৰ পিছতো তেওঁ সন্মানীয় অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱা নাই। তথাপি, মনোবল নেহেৰুৱাই এলভিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুঃসাহসিক বঁটা টেনজিং নৰ্গে বঁটাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই বঁটাৰ বাবে এজন ক্ৰীড়াবিদে একেৰাহে তিনি বছৰ উন্নত প্ৰদৰ্শন দাঙি ধৰাটো বাঞ্ছনীয়। সেয়ে, এলভিছ আলী হাজৰিকাই বিগত সময়ছোৱাত ইটোৰ পিছত সিটো দুঃসাহসিক সাঁতোৰ অভিযানত অংশ লৈ আছে আৰু আশা কৰা অনুসৰি তেওঁ সফলতাও অৰ্জন কৰিছে।