গুৱাহাটী
বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই দেওবাৰে প্ৰকাশ কৰা অনুসৰি নৱেম্বৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচ অনুষ্ঠিত কৰি গুৱাহাটী উত্তৰ-পূব অঞ্চলৰ প্ৰথমটো টেষ্ট ক্ৰিকেট ভেনূ হৈ পৰিব।
একে বছৰতে আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ সময়তো প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খেল গুৱাহাটী অনুষ্ঠিত হ’ব বুলিও তেওঁ কয়।
শইকীয়াই কয় যে, "এতিয়ালৈকে গুৱাহাটীত কোনো টেষ্ট আৰু বিশ্বকাপৰ খেল অনুষ্ঠিত হোৱা নাই। কিন্তু, শনিবাৰে বিচিচিআইৰ শীৰ্ষ পৰিষদৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি, গুৱাহাটীয়ে এইবাৰ সেই দুয়ো প্ৰকাৰৰ মেচ আয়োজন কৰিব।"
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দুখন টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল অহা ২২ নৱেম্বৰৰ পৰা ইয়াৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বুলি তেওঁ কয়।
ইয়াৰ দ্বাৰা গুৱাহাটীক টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত স্থান দিয়া হ’ব বুলিও তেওঁ কয়।
উত্তৰ-পূবৰ প্ৰথমখন বিশ্বকাপ ক্ৰিকেট মেচ হ’ব পৰা আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ পাঁচৰ পৰা ছয়খন খেলো এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বুলি শইকীয়াই জানিবলৈ দিয়ে।
শইকীয়াই কয় যে, "মহিলা বিশ্বকাপ ২৪ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব। এতিয়াও সময়সূচী চূড়ান্ত কৰা হুৱা নাই। ইয়াৰ বাবে গুৱাহাটীক অন্যতম স্থান হিচাপে নিৰ্বাচিত কৰা হৈছে।"
এচিএৰ এগৰাকী প্ৰাক্তন সম্পাদক শইকীয়াই গুৱাহাটীক পছন্দৰ ক্ৰিকেট স্থান হিচাপে উত্থাপিত হোৱাত আইচিচিৰ অধ্যক্ষ জয় শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়।