জিমনাষ্ট দীপা কৰ্মকাৰৰ অৱসৰ ঘোষণা; 'এটা সহজ সিদ্ধান্ত নহয়, প্ৰতিটো মুহূৰ্তৰ বাবে কৃতজ্ঞ'

Story by  atv | Posted by   Imtiaz Ahmed • 10 d ago
দীপা কৰ্মকাৰ
দীপা কৰ্মকাৰ
আগৰতলা

অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা জিমনাষ্ট দীপা কৰ্মকাৰে সোমবাৰে অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ছ’চিয়েল মিডিয়াত এক আন্তৰিক বিবৃতিত দিপাই এই সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰি ভৱিষ্যতে এগৰাকী প্ৰশিক্ষক বা গুৰুৰ ভূমিকা গ্ৰহণ কৰাৰ ইংগিত দিয়ে। পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰাৰ কেইমাহমানৰ পিছত দীপাৰ এই সিদ্ধান্ত।

"বহুত চিন্তা কৰাৰ অন্তত মই জিমনাষ্টিকছৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো। এই সিদ্ধান্ত মোৰ বাবে সহজ নাছিল, কিন্তু এতিয়া উপযুক্ত সময় যেন লাগে। জিমনাষ্টিকছ মোৰ জীৱনৰ এক বিশাল অংশ হৈ আহিছে, আৰু প্ৰতিটো মুহূৰ্তৰ -- ভাল, বেয়া, আৰু ইয়াৰ মাজৰ সকলোবোৰৰ -- বাবে মই কৃতজ্ঞ।" - ৩১ বছৰীয়া দীপা কৰ্মকাৰে এক বিবৃতিত এইদৰে কয়।

"মোৰ মনত আছে পাঁচ বছৰীয়া দীপাক, যাক কোৱা হৈছিল যে তাইৰ সমতল ভৰিৰ বাবে কেতিয়াও জিমনাষ্ট হ'ব নোৱাৰে। আজি মোৰ কৃতিত্ববোৰ চাই অপৰিসীম গৌৰৱ অনুভৱ কৰিছো। বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰা, পদক জয় কৰা, আৰু অতি বিশেষকৈ ৰিঅ’ অলিম্পিকত প্ৰডুনোভা ভল্টত প্ৰতিদ্বন্দিতা কৰাটো মোৰ কেৰিয়াৰৰ আটাইতকৈ স্মৰণীয় মুহূৰ্ত। সেই কণমানি দীপাজনীক দেখি আজি মই বৰ সুখী অনুভৱ কৰোঁ কাৰণ তাইৰ সপোন দেখাৰ সাহস আছিল।

"তাছকেন্দত অনুষ্ঠিত এছিয়ান জিমনাষ্টিকছ চেম্পিয়নশ্বিপত মোৰ শেষৰটো জয় আছিল এক টাৰ্নিং পইণ্ট কাৰণ তেতিয়ালৈকে মই ভাবিছিলো যে মই মোৰ শৰীৰটোক আৰু অধিক আগুৱাই নিব পাৰিম, কিন্তু কেতিয়াবা আমাৰ শৰীৰে আমাক কয় যে হৃদয়খনে একমত নহ’লেও জিৰণি লোৱাৰ সময় আহি পৰিছে।" তেওঁ যোগ দিয়ে।

দীপা কৰ্মকাৰে কেৱল গেমছত প্ৰতিদ্বন্দ্বিতা কৰি সুখী হোৱা নাছিল। প্ৰথম অলিম্পিকতেই ডাঙৰ পুৰস্কাৰৰ বাবে গৈছিল। ৰিঅ'ত ডিপাই জিমনাষ্টিকছৰ অন্যতম বিপজ্জনক ভল্ট অতি প্ৰত্যাহ্বানজনক প্ৰডুনোভা ভল্ট প্ৰদৰ্শন কৰে আৰু ভল্ট ফাইনেলত সামগ্ৰিক স্ক'ৰ ১৫.০৬৬ৰে চতুৰ্থ স্থান দখল কৰে। এই প্ৰদৰ্শন ব্ৰঞ্জৰ পদকতকৈ মাত্ৰ ০.১৫ পইণ্ট কম আছিল।

২০১৬ চনত খেলৰত্ন আৰু ২০১৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰে দিপা কৰ্মকাৰে। ভাৰতীয় জিমনাষ্টগৰাকীয়ে ৰিঅ’ অলিম্পিকৰ যুগান্তকাৰী শ্ব’ৰ পিছত এক প্ৰজন্মৰ যুৱক-যুৱতীক এই ক্ৰীড়া গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে।
অলিম্পিকত অভিষেক ঘটোৱাৰ পূৰ্বে দীপাই ইতিমধ্যে অন্যান্য সন্মানীয় প্ৰতিযোগিতাত নাম উজলাইছিল। ২০১৪ চনত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ ভল্ট ফাইনেলত ব্ৰঞ্জৰ পদক লাভ কৰি এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ২০১৫ চনত হিৰোচিমাত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে ২০১৫ চনৰ বিশ্ব আৰ্টিষ্টিক জিমনাষ্টিক চেম্পিয়নশ্বিপত পঞ্চম স্থান দখল কৰিছিল, যিটো ভাৰতীয় জিমনাষ্টৰ বাবে আন এক প্ৰথম।

শেহতীয়া বছৰবোৰত দীপাই আঘাত আৰু ডপিং নিলম্বনকে ধৰি উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আঁঠুৰ দুটা অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু নিষিদ্ধ পদাৰ্থৰ পজিটিভ পোৱাৰ বাবে ৰাষ্ট্ৰীয় এণ্টি ড’পিং এজেন্সীয়ে ২১ মাহৰ বাবে নিলম্বন কৰিছিল। এই বিপৰ্যয়ৰ মাজতো দীপাই এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰে। ২০২৪ চনৰ মে’ মাহত তেওঁ এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় জিমনাষ্ট হিচাপে পৰিগণিত হয় আৰু তাছকেন্দত মহিলা ভল্ট ইভেণ্টত ১৩.৫৬৬ স্ক’ৰেৰে শীৰ্ষ স্থান দখল কৰে।

"মই মোৰ প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দি ছাৰ আৰু সোমা মেমক ধন্যবাদ জনাইছো, যিসকলে মোক বিগত ২৫ বছৰ ধৰি পথ প্ৰদৰ্শন কৰি মোৰ সৰ্বোচ্চ শক্তি হ'বলৈ সহায় কৰিছে। ত্ৰিপুৰা চৰকাৰ, জিমনাষ্টিক ফেডাৰেচন, স্প’ৰ্টছ অথৰিটি অৱ ইণ্ডিয়া, গ’স্প’ৰ্টছ ফাউণ্ডেশ্যন, আৰু মেৰাকি স্প’ৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্টৰ পৰাও মই লাভ কৰা সহায়ৰ বাবে অত্যন্ত কৃতজ্ঞ। আৰু শেষত, মোৰ পৰিয়াল, যিসকলে মোৰ ভাল-বেয়া সময়ত সদায় মোৰ কাষত থিয় দিছে ওচৰত কৃতজ্ঞ।

"মই অৱসৰ লৈছো যদিও জিমনাষ্টিকছৰ সৈতে মোৰ সংযোগ কেতিয়াও ভাঙি নাযায়। মই এই খেলটোক কিবা এটা ঘূৰাই দিম বুলি আশা কৰিছো — হয়তো মোৰ দৰে ছোৱালীক মেণ্টৰিং, কোচিং বা সমৰ্থন কৰি," তেওঁ লগতে কয়।