চেম্পিয়নছ ট্ৰফীত ভাৰতে এটা ভেন্যুত খেলাৰ বাবে বিশেষ সুবিধা লাভ কৰিছে নেকি; কি ক'লে মহম্মদ ছামীয়ে

Story by  atv | Posted by  [email protected] • 5 d ago
বলিঙৰ সময়ত টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ মহম্মদ ছামী
বলিঙৰ সময়ত টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ মহম্মদ ছামী
 
ডুবাই

চলিত আইচিচি চেম্পিয়নছ ট্ৰফীত ভাৰতে মাত্ৰ এটা ভেন্যুত খেলাৰ বাবে বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি একাংশ ক্ৰিকেট বিশ্লেষকে মতপোষণ কৰিছে। একাংশ বৰ্তমানৰ আৰু প্ৰাক্তন ক্ৰিকেটাৰে ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক হৰুৱাই মেগা ইভেণ্টখনৰ ফাইনেলত প্ৰৱেশৰ পাছত বিতৰ্কক সূত্ৰপাত ঘটাই কৈছে যে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ইখনৰ পিছত সিখন মেচ খেলাৰ সুবিধা লাভ কৰাত ভাৰত বিশেষভাৱে উপকৃত হৈছে। 
 
একেটা ভেন্যুত খেলি তেওঁলোকে আগতীয়াকৈ পিটচৰ আচৰণ জানিব পাৰিছে আৰু সেই অনুসৰি মূল একাদশ গঠন কৰি প্ৰতিটো দলক ধৰাশায়ী কৰিছে। অৱশ্যে, অধিনায়ক ৰোহিত শৰ্মা আৰু গৌতম গম্ভীৰে ক্ৰিকেট বিশ্লেষকৰ এই অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি কৈছে। ইয়াৰ বিপৰীতে কিন্তু টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ মহম্মদ ছামীয়ে মতপোষণ কৰিছে যে ডুবাইৰ পৰিস্থিতিয়ে তেওঁলোকক নিশ্চিতভাৱে সহায় কৰিছে।  
 
‘ই আমাক নিশ্চিতভাৱে সহায় কৰিছে কাৰণ আমি খেলপথাৰৰ অৱস্থা আৰু আচৰণ জানো। আপুনি সকলো মেচ একেটা স্থানতে খেলি থকাটো এটা প্লাছ পইণ্ট। মূল কথাটো হ’ল পৰিস্থিতিৰ জোখ লোৱা আৰু খেলপথাৰৰ আচৰণ জনাটো, কাৰণ আপুনি এটা স্থানত খেলি আছে আৰু আপুনি ইয়াক ভালদৰে জানিব পাৰে।’-মঙলবাৰে ডুবাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ছেমিফাইনেলত জয়লাভ কৰাৰ পিছত ছামীয়ে এইদৰে কয়।
চলি থকা প্ৰতিযোগিতাখনত এতিয়ালৈকে চাৰিখন খেলৰ পৰা ৮টা উইকেট দখল কৰি ভাৰতৰ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হৈ আছে মহম্মদ ছামী। সমালোচকসকলে যুক্তি দিছে যে ভাৰতে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ স্পিন সহায়ক পিটচৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে আন অংশগ্ৰহণকাৰী দলসমূহৰ দৰে ভ্ৰমণ কৰিব লগা হোৱা নাই।
 
উল্লেখ্য যে, হাইব্ৰিড মডেল অনুসৰি ভাৰতীয় দলে ডুবাইত লীগ মেচ, ছেমিফাইনেল আৰু আগন্তুক ফাইনেলকে ধৰি সকলো মেচ খেলাৰ সুযোগ পাইছে। ভাৰতৰ সৈতে জড়িত নোহোৱা মেচসমূহ পাকিস্তানৰ তিনিটা ভেন্যুত অনুষ্ঠিত হৈছে। 
 
ইফালে, ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে নিজৰ দলে “অযথা সুবিধা” লাভ কৰা বুলি উত্থাপিত দাবীৰ প্ৰতি সঁহাৰি জনাই ইয়াক ভিত্তিহীন আখ্যা দিছে।  “মই জানো, টীম ইণ্ডিয়াই অযথা সুবিধা লাভ কৰা বুলি বহুত বিতৰ্ক হৈছে। কিন্তু অযথা সুবিধা কি? প্ৰথম কথা, এইটো আমাৰ বাবে যিমানেই নিৰপেক্ষ স্থান, আন যিকোনো দলৰ বাবেও সিমানেই নিৰপেক্ষ স্থান। আমি এই ষ্টেডিয়ামত শেহতীয়াকৈ কোনো মেচ খেলা মোৰ মনত নাই।"-মঙলবাৰে সাংবাদিকৰ আগত এইদৰে কয় গম্ভীৰে।
 
"আমি ইয়াত এদিনো অনুশীলন কৰা নাই। আমি আইচিচি একাডেমীত অনুশীলন কৰিছো। তাত আৰু ইয়াৰ পৰিস্থিতি ১৮০ ডিগ্ৰী বেলেগ। কিছুমান মানুহে কেৱল বিতৰ্ক কৰিব জানে। গতিকে, মই অনুভৱ কৰোঁ যে আমি ইয়াত কোনো অযথা সুবিধা পোৱা নাই," তেওঁ লগতে কয়।