শিৱসাগৰৰ ৰেহান আহমেদ কেনেকৈ ভাৰতীয় ফুটবলৰ ভৱিষ্যতৰ তাৰকা হিচাপে চিহ্নিত হ'ল

Story by  Mukut Sarma | Posted by  Munni Begum • 3 Months ago
পিলিক চৌধুৰী আন্তঃস্কুল ফুটবল প্ৰতিযোগিতাৰ ইমাৰ্জিং খেলুৱৈৰ ট্ৰফীৰ সৈতে ৰেহান আহমেদ আৰু খেলপথাৰত ৰেহান আহমেদ
পিলিক চৌধুৰী আন্তঃস্কুল ফুটবল প্ৰতিযোগিতাৰ ইমাৰ্জিং খেলুৱৈৰ ট্ৰফীৰ সৈতে ৰেহান আহমেদ আৰু খেলপথাৰত ৰেহান আহমেদ
 
মুকুট শৰ্মা / গুৱাহাটী
 
ফুটবল প্ৰশিক্ষক অনিল আচাৰ্য্যৰ ওচৰলৈ এদিন দেউতাকৰ সৈতে আহিছিল এটা কণমানি শিশু। বয়স আছিল মাত্ৰ ৪ বছৰ। পিতৃ ছিৰাজুদ্দিন আহমেদে শিশুটোৰ মাজত থকা বিৰল প্ৰতিভাৰ উমান লাভ কৰি শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত ফুটবলৰ প্ৰশিক্ষণ একাডেমী চলাই থকা আচাৰ্য্যৰ ওচৰলৈ লৈ আহিছিল। সেয়া আছিল ২০১৪ চনৰ কথা।
 
প্ৰশিক্ষক আচাৰ্য্যই তেতিয়া ছিৰাজুদ্দিন আহমেদক পৰামৰ্শ দিছিল যে একাডেমীত ফুটবল শিকাব পৰাকৈ তেওঁৰ ল'ৰাটোৰ পৰ্যাপ্ত বয়স হোৱা নাই, সি আৰু ১ বছৰমান ডাঙৰ হ'ব লাগিব। অভিজ্ঞ প্ৰশিক্ষকজনৰ পৰামৰ্শ অনুসৰি ছিৰাজুদ্দিন আহমেদে প্ৰতিভাৱান শিশুটোক এবছৰ পিছত পুনৰ প্ৰশিক্ষণ একাডেমীলৈ লৈ আহিল। এইদৰে ৫ বছৰ বয়সত দেউতাকৰ হাতত ধৰি ফুটবল শিকিবলৈ অহা এই শিশুটো এতিয়া ভাৰতীয় ফুটবলৰ ভৱিষ্যত। নাম তেওঁৰ ৰেহান আহমেদ।
 
সুব্ৰত কাপ খেলিবলৈ যোৱাৰ সময়ত ৰেহান আহমেদ
 
শিৱসাগৰৰ আমগুৰি মেটেকা গাঁওৰ ৰেহান আহমেদক ভৱিষ্যতৰ উজ্জ্বল তাৰকা হিচাপে চিহ্নিত কৰিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে। ভাৰতীয় ফুটবলৰ সৰ্বোচ্চ সংস্থাটোৱে অসমৰ প্ৰতিভাৱান ষ্ট্ৰাইকাৰজনক ভুৱনেশ্বৰস্থিত AIFF-FIFA Talent Academyলৈ নিৰ্বাচিত কৰিছে। দেশৰ ২০জন বিৰল প্ৰতিভাৱান ফুটবলাৰৰ তালিকাত অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে ১৪ বছৰীয়া ৰেহানক বাছনি কৰা হৈছে। ২০২৭ৰ ১৭ বছৰ অনুৰ্ধ ফিফা বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি  এই ২০ জন ফুটবলাৰক ভাৰতীয় দলৰ বাবে সাজু কৰা হ'ব। 
 
"শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত যেতিয়া মই ৰেহানক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া মই তেওঁৰ মাজত কিছুমান বিশেষ প্ৰতিভা দেখিবলৈ পাইছিলো। লগতে, তেওঁ খুৱ প্ৰাণৱন্ত আৰু উদ্যমী আছিল। ৫ বছৰ বসয়ত এদিন দেউতাকৰ হাতত ধৰি মোৰ একাডেমীলৈ অহাৰ দিনটোৰ পৰা ৰেহানে আৰু কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। সৰুৰে পৰা মই ৰেহানক সোঁভৰিৰ সমান্তৰালকৈ বাঁওভৰিৰে খেলিব পৰাকৈ দক্ষ কৰি তোলাত গুৰুত্ব দিছো। সেয়ে, তেওঁ এতিয়া দুভৰিৰে সমানে যাদু দেখুৱাবলৈ সক্ষম হৈছে। ৰেহানে যে এদিন ভাৰতীয় ফুটবল দলৰ হৈ খেলিব, সেয়া মই নিশ্চিত।"-ৰেহানৰ শৈশৱৰ প্ৰশিক্ষক অনিল আচাৰ্য্যই 'আৱাজ দ্য ভইচ'ক এইদৰে কয়। 
 
উল্লেখ্য যে, অনিল আচাৰ্য্যৰ ওচৰত ফুটবলৰ আদিপাঠ গ্ৰহণ কৰা ৰেহান আহমেদে ২০২৩ৰ পিলিক চৌধুৰী আন্তঃস্কুল ফুটবল প্ৰতিযোগিতাত দৰ্শনীয় খেলেৰ ফুটবল মহলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মৰিগাঁওৰ বিৰুদ্ধে ছেমি ফাইনেলত তেওঁৰ বাঁওহতীয়া বাইচাইকেল কিকে অসমৰ লগতে সমগ্ৰ দেশৰ ফুটবলপ্ৰেমীৰ মাজত চাঞ্চল্যকৰ সৃষ্টি কৰিছিল।
 
শৈশৱত প্ৰশিক্ষক আচাৰ্য্যৰ সৈতে ৰেহান আহমেদ
 
"পিলিক চৌধুৰী আন্তঃস্কুল ফুটবল প্ৰতিযোগিতাত চমক দেখুওৱাৰ পিছত ৰেহানে সুব্ৰত কাপ ৰাষ্ট্ৰীয় স্কুল প্ৰতিযোগিতাত খেলিবলৈ সুযোগ লাভ কৰে। বাংগালুৰত অনুষ্ঠিত প্ৰতিযোগিতাখনতো ৰেহান ভাল খেলি প্ৰশিক্ষকসকলৰ মন জয় কৰিছিল। ইয়াৰ পিছত তেওঁ ভাৰতীয় ফুটবল ফেডাৰেচনৰ দৃষ্টিত পৰিছিল। ফেডাৰেছনে ৰেহানক ২০২৩ৰ নৱেম্বৰত প্ৰথমবাৰৰ বাবে এটা শিবিৰলৈ আমন্ত্ৰণ জনায়। ১৫০জন খেলুৱৈৰ এই শিবিৰৰ পৰা তেওঁ ৫০জনীয়া এটা শিবিৰলৈ নিৰ্বাচিত হয়। এই শিবিৰটো হৈছিল ২০২৪ৰ জুনত। ৫০জনীয়া এই শিবিৰৰ পৰা ৰেহানে অৱশেষত ভাৰতীয় ১৭ বছৰ অনুৰ্ধ দলৰ সম্ভাব্য খেলুৱৈ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ এই তালিকাৰ শীৰ্ষত আছে।"-সুদক্ষ ফুটবলাৰজনৰ পিতৃ ছিৰাজুদ্দিন আহমেদে 'আৱাজ দ্য ভইচ'ক এই কথা জানিবলৈ দিয়ে।
 
১৪ বছৰীয়া যুৱ খেলুৱৈ ৰেহানৰ এই সাফল্যৰ আঁৰত তেওঁৰ প্ৰশিক্ষক অনিল আচাৰ্য্য আৰু মাতৃ আৰিফা আহমেদৰ যথেষ্ট অৰিহণা আছে বুলি ছিৰাজুদ্দিন আহমেদে উল্লেখ কৰে। 
 
তেওঁ কয়, "আচাৰ্য্য ছাৰৰ তত্ত্বাৱধানত ফুটবলৰ দক্ষতা শিকি থকাৰ সময়তে মহামাৰী ক'ভিডে ৰেহানৰ অনুশীনত ব্যাঘাত জন্মায়। ই তেওঁৰ কেৰিয়াৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি আমি শংকিত হৈছিলো। কিন্তু, আচাৰ্য্য ছাৰে ৰেহানৰ অনুশীলন ব্যাহত নহ'বলৈ নিজৰ ঘৰৰ সন্মুখত ঠাই মোকলাই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল। ইয়াৰ ফলত ৰেহানৰ অনুশীলনত বেছি ব্যাঘাত জন্মা নাছিল আৰু ক'ভিডৰ পিছতে সি স্কুল প্ৰতিযোগিতাসমূহত উজলি উঠিবলৈ সক্ষম হয়। তাৰ সফলতাত প্ৰশিক্ষক অনিল আচাৰ্য্যৰ অৰিহণা আমি কেতিয়াও পাহৰিব নোৱাৰো। প্ৰশিক্ষক আশ্ৰাফুল হকেও ৰেহানক যথেষ্ট সহায় কৰিছে।"
 
প্ৰশিক্ষক অনিল আচাৰ্য্য
 
উল্লেখ্য যে ভাৰতীয় ফুটবল ফেডাৰেচন আৰু ফিফাৰ টেলেণ্ট একাডেমীলৈ উত্তৰ-পূব আৰু জম্মু-কাশ্মীৰৰ পৰা সৰ্বমুঠ ২০ গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে। ইয়াৰ ভিতৰত ৰেহান আহমেদ হৈছে অসমৰ একমাত্ৰ খেলুৱৈ। ২৭ জুলাই শুকুৰবাৰে তেওঁ ভুৱনেশ্বৰস্থিত ফিফাৰ টেলেণ্ট একাডেমীত উপস্থিত হৈছে বুলি ৰেহানৰ পিতৃয়ে জানিবলৈ দিছে। 
 
একাডেমীলৈ মণিপুৰৰ ১২ গৰাকী, মিজোৰামৰ ৬ গৰাকী আৰু জম্মু-কাশ্মীৰ আৰু অসমৰ এগৰাকীকৈ ফুটবলাৰ নিৰ্বাচিত হৈছে। দেশৰ অন্যতম শ্ৰেষ্ঠ ফুটবল একাডেমীটোত প্ৰায় ৩ বছৰ দক্ষতা অৰ্জনৰ পিছত শিৱসাগৰৰ ৰেহান আহমেদ এদিন ভাৰতীয় ফুটবলৰ উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি উঠিব বুলি আমি আশাবাদী।