বিশ্বকাপত এখনো মেচ নেখেলা ছেমছন, চাহাল, জয়ছোৱালে বিচিচিআইৰ পৰা কিমান কোটিকৈ পালে

Story by  atv | Posted by  [email protected] • 2 Months ago
বিশ্বকাপৰ ট্ৰফীৰ সৈতে ৰোহিত শৰ্মা বাহিনী
বিশ্বকাপৰ ট্ৰফীৰ সৈতে ৰোহিত শৰ্মা বাহিনী
 
নতুন দিল্লী 

আইচিচি টি-২০ বিশ্বকাপত চেম্পিয়নৰ সন্মান অৰ্জন কৰা টীম ইণ্ডিয়াক বিচিচিআইয়ে শেহতীয়াকৈ পুৰস্কাৰ হিচাপে আগবঢ়াইছে ১২৫ কোটি টকাৰ বৃহত্‍ ধনৰাশি। বিশ্বৰ সবাতোকৈ ঐশ্বৰ্যশালী ক্ৰিকেট ব'ৰ্ড বিচিচিআই-এ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আয়োজিত ৰাজকীয় সম্বৰ্ধনা অনুষ্ঠানত ভাৰতীয় দলক ধনৰ টোপোলা আগবঢ়ায়। 
 
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি, টি-২০ বিশ্বকাপত দেশক প্ৰতিনিধিত্ব কৰা ১৫ জন খেলুৱৈয়ে ৫কোটি টকাকৈ লাভ কৰাৰ লগতে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু তেওঁৰ কোচিং সহযোগী ক্ৰমে বিক্ৰম ৰাথোড় (বেটিং প্ৰশিক্ষক), টি দিলীপ (ফিল্ডিং প্ৰশিক্ষক), পৰাশ মাম্ব্ৰে (বলিং প্ৰশিক্ষক)ই ২.৫ কোটিকৈ লাভ কৰিবলৈ সক্ষম হৈছে। 

মন কৰিবলগীয়া যে, বিশ্বজয় কৰা ভাৰতীয় দলটো গঠন কৰা নিৰ্বাচক মণ্ডলীৰ ৫ জন সদস্যকো বিচিচিআইয়ে মোটা অংকৰ ধনৰ টোপোলাৰে পুৰস্কৃত কৰিছে। অধ্যক্ষ অজিত আগাৰকাৰ নেতৃত্বাধীন নিৰ্বাচক মণ্ডলীৰ প্ৰতিগৰাকী সদস্যক ১কোটিকৈ টকা আগবঢ়োৱা হৈছে। 

ইফালে, বাকী বেকৰুমৰ কৰ্মচাৰীসকলকো পুৰস্কৃত কৰা হৈছে। তিনিজন ফিজিঅ’থেৰাপিষ্ট, তিনিজন থ্ৰ’ডাউন স্পেচিয়েলিষ্ট, দুজন মিজাৰ্ছ আৰু ষ্ট্ৰেংথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষকে ২ কোটি টকাকৈ লাভ কৰিছে।
 
বিশ্বকাপত ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াৰ ৰিজাৰ্ভ খেলুৱৈ হিচাপে থকা ৰিংকু সিং আৰু শুভমন গীল, আভেশ খান আৰু খলিল আহমেদও ১ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে। মেগা ইভেণ্টখনত এখনো মেচ নেখেলা অ’পেনাৰ যশস্বী জয়ছোৱাল, উইকেটকীপাৰ সঞ্জু ছেমছন আৰু লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালে ৫ কোটি টকাকৈ পাব।