ডুবাই
দেওবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি)য়ে প্ৰকাশ কৰা মনোনয়নৰ তালিকাত ভাৰতৰ যুৱ বেগী বলাৰ অৰ্শদীপ সিঙক বছৰটোৰ পুৰুষৰ টি-২০ ক্ৰিকেটাৰৰ আইচিচি বঁটাৰ বাবে মনোনীত হৈছে। আৰ্শদীপে টি-২০ বিশ্বকাপ ২০২৪ ৰ যুটীয়া সৰ্বাধিক উইকেট দখলকাৰী হিচাপে আঠখন খেলৰ পৰা ১২.৬৪ গড়ে আৰু ৭.১৬ ৰ ইকনমিত ১৭ টা উইকেট লাভ কৰে।
টেষ্ট খেলা দেশসমূহৰ ভিতৰত বাওঁহতীয়া ছিমাৰগৰাকীয়ে গড়ে ১৩.৫০ আৰু ইকনমি ৭.৪৯ত ১৮খন মেচৰ পৰা ৩৬টা উইকেট দখলৰে বছৰৰ সৰ্বাধিক উইকেট দখলকাৰীও হয়। কিন্তু সকলোকে আচৰিত কৰি ২০২৪ চনৰ টি-২০ বিশ্বকাপত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো ভাৰতৰ বেগী বলাৰ জছপ্ৰিত বুমৰাহ এই সন্মানীয় বঁটাৰ বাবে মনোনীত খেলুৱৈৰ ভিতৰত স্থান লাভ কৰা নাই।
বিশ্বকাপৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে বুমৰাহে ৮খন মেচত গড়ে ৮.২৬ আৰু ইকনমি ৪.১৭ত ১৫টা উইকেট দখল কৰিছিল। ইফালে তাৰকা পাকিস্তানৰ বেটছমেন বাবৰ আজমো মনোনীত হৈছে। টেষ্ট খেলা দেশসমূহৰ ভিতৰত টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বাবৰে ২৩টা ইনিংছৰ পৰা গড়ে ৩৩.৫৪ ৰান আৰু ১৩৩.২১ ষ্ট্ৰাইক ৰেটৰ হৈতে ছটা পঞ্চাশৰ সৈতে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল।
অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ট্ৰেভিছ হেড এই বঁটাৰ বাবে তৃতীয়জন মনোনীত। ২০২৪ চনত টি-২০ত অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকীয়ে ১৫টা ইনিংছত গড়ে ৩৮.৫০ ৰান কৰি আৰু ১৭৮.৪৭ ষ্ট্ৰাইক ৰেটৰ হৈতে চাৰিটা অৰ্ধশতকৰ সৈতে ৫৩৯ ৰান অৰ্জন কৰিছিল।
ইফালে, জিম্বাবুৱেৰ অল-ৰাউণ্ডাৰ ছিকন্দাৰ ৰাজাই এই বঁটাৰ বাবে চতুৰ্থ মনোনীত খেলুৱৈ যিয়ে চলিত বৰ্ষৰ আৰম্ভণিতে টি-২০ত দ্বিতীয় সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰি অভিলেখৰ বহীত নিজৰ নাম খোদিত কৰিছিল। ৰাজাই ২৩টা ইনিংছত ২৮.৬৫ গড়ে আৰু ১৪৬.৫৪ ষ্ট্ৰাইক ৰেটৰ হৈতে ৫৭৩ ৰান সংগ্ৰহ কৰি এটা শতক আৰু দুটা পঞ্চাশ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও বছৰটোত ২৩খন খেলত ২৪টা উইকেট লাভ কৰি গড়ে ২২.২৫ ৰান কৰি ৫/১৮ৰ শ্ৰেষ্ঠ সংখ্যা লাভ কৰে। এই বঁটাৰ বাবে আইচিচিৰ ৱেবছাইটত ভোটদান আৰম্ভ হৈছে য’ত অনুৰাগীয়ে নিজৰ প্ৰিয় তাৰকাক ভোট দি জয়ী কৰিব পাৰিব।