নতুন দিল্লী
চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (ICCয়ে) ট্ৰফী ভ্ৰমণত শেহতীয়াকৈ পৰিৱৰ্তন সাধন কৰে। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCIয়ে) মুজাফ্ফৰাবাদ, স্কাৰডু আৰু হুঞ্জা কেলিত ট্ৰফী ভ্ৰমণ কৰাক লৈ আপত্তি প্ৰকাশ কৰাৰ পিছতে ICCয়ে ট্ৰফী ভ্ৰমণৰ সংশোধিত সময়সূচী ঘোষণা কৰে।
সূত্ৰৰ পৰা জানিব পৰা গৈছে যে আইচিচিৰ নতুন মুৰব্বী হ’বলগীয়া BCCIৰ সম্পাদক জয় শ্বাহে ট্ৰফী ভ্ৰমণৰ পাকিস্তান অধিকৃত কাশ্মীৰৰ এই নিৰ্দিষ্ট স্থানসমূহৰ ওপৰত আপত্তি কৰিছিল।
শনিবাৰে ICCৰ পুৰুষ চেম্পিয়নছ ট্ৰফীৰ বাবে ‘গ্ল’বেল ট্ৰফী ট্যুৰ’ ঘোষণা কৰে। ইছলামবাদত এই ভ্ৰমণ আৰম্ভ হ’ব বুলি ICCয়ে উল্লেখ কৰিছে।
ইছলামবাদত ভ্ৰমণৰ আৰম্ভণিৰ দিনা ট্ৰফীটো প্ৰদৰ্শন কৰা হ’বলগীয়া জনপ্ৰিয় স্থানসমূহ হ’ল দমন-ই-কোহ, ফৈছাল মছজিদ, আৰু পাকিস্তান স্মৃতিসৌধ য’ত ইয়াৰ সৈতে পাকিস্তানৰ ক্ৰিকেট আইকন শ্বোয়াইব আখতাৰ থাকিব।
ট্ৰফী ভ্ৰমণৰ অনুসূচী:
১৬ নৱেম্বৰ – ইছলামবাদ, পাকিস্তান
১৭ নৱেম্বৰ - পাকিস্তানৰ তাক্সিলা আৰু খানপুৰ
১৮ নৱেম্বৰ – পাকিস্তানৰ এবটাবাদ
১৯ নৱেম্বৰ- মুৰী, পাকিস্তান
২০ নৱেম্বৰ- নাথিয়া গালি, পাকিস্তান
২২ - ২৫ নৱেম্বৰ – পাকিস্তানৰ কৰাচী
২৬ – ২৮ নৱেম্বৰ – আফগানিস্তান
১০ – ১৩ ডিচেম্বৰ – বাংলাদেশ
১৫ – ২২ ডিচেম্বৰ – দক্ষিণ আফ্ৰিকা
২৫ ডিচেম্বৰ – ৫ জানুৱাৰী – অষ্ট্ৰেলিয়া
৬ – ১১ জানুৱাৰী – নিউজিলেণ্ড
১২ – ১৪ জানুৱাৰী – ইংলেণ্ড
১৫ – ২৬ জানুৱাৰী – ভাৰত
২৭ জানুৱাৰী – অনুষ্ঠান আৰম্ভ – পাকিস্তান
পাকিস্তান ক্ৰিকেট ব’ৰ্ড (PCB) আৰু BCCIৰ মাজত হোৱা উত্তেজনাপূৰ্ণ অচলাৱস্থাই প্ৰতিযোগিতাখনৰ স্থান আৰু কাৰ্য্যক্ষমতাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰাৰ বাবে ভাবুকিৰ সন্মুখীন হৈছে ICC চেম্পিয়নছ ট্ৰফী ২০২৫। এই সন্মানীয় খেলখনৰ আয়োজনৰ অধিকাৰ লাভ কৰা পাকিস্তানে নিজৰ দেশৰ ভিতৰতে মেচসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে থিয় দিছে, আনহাতে দীৰ্ঘদিনীয়া নিৰাপত্তা আৰু ৰাজনৈতিক উদ্বেগৰ বাবে ভাৰতে পাকিস্তানলৈ যাত্ৰা নকৰে বুলি BCCIয়ে অটল হৈ আছে।
দেওবাৰে PCBয়ে নিশ্চিত কৰিছিল যে ICCৰ পৰা ইমেইল লাভ কৰি ভাৰতে আনুষ্ঠানিকভাৱে পাকিস্তানত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি জনাইছে। ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ক্ৰিকেট সম্পৰ্ক অৱনতি হৈ পৰা ভাৰত আৰু পাকিস্তানে কেৱল ICC প্ৰতিযোগিতাতহে মুখামুখি হয় আৰু এদশকৰো অধিক সময় ধৰি দ্বিপাক্ষিক শৃংখলাৰ পৰা আঁতৰি আহিছে।
PCBয়ে স্পষ্ট কৰি দিছে যে ২০২৩ চনৰ এছিয়া কাপত ব্যৱহাৰ কৰা মডেলৰ দৰে “হাইব্ৰিড” মডেল গ্ৰহণ কৰিবলৈ পাকিস্তানে অনিচ্ছুক। সেই সময়ত পাকিস্তান আৰু নিৰপেক্ষ স্থানৰ মাজত খেলৰ স্থান বিভক্ত হৈছিল। ইফালে, BCCIয়ে নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি দলটোৱে পাকিস্তানলৈ যাত্ৰা নকৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতৰ স্থিতি পুনৰবাৰ উল্লেখ কৰিছে।