চেম্পিয়নছ ট্ৰফীঃ ডেৰ বছৰৰ মূৰত ভাৰতীয় এদিনীয়া দললৈ উভতিল মহম্মদ ছামী

Story by  atv | Posted by  [email protected] • 6 h ago
মহম্মদ ছামী
মহম্মদ ছামী
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

প্ৰায় ডেৰ বছৰৰ মূৰত ভাৰতীয় এদিনীয়া দললৈ উভতি আহিছে তাৰকা বেগী বলাৰ মহম্মদ ছামী। আগন্তুক আইচিচি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে শনিবাৰে বিচিচিআইয়ে ঘোষণা কৰা ১৫ জনীয়া ভাৰতীয় দলটোত ৩৪ বছৰীয়া বেগী বলাৰজনক অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৩ৰ আইচিচি এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতৰ হৈ তেওঁ অন্তিমখন মেচ খেলিছিল। ভৰিৰ আঘাতৰ বাবে ছামীয়ে তেতিয়াৰে পৰা টীম ইণ্ডিয়াৰ জাৰ্ছীত খেলপথাৰত নামিব পৰা নাই।
 
শেহতীয়াকৈ আঘাতমুক্ত হৈ ছামীয়ে ৰঞ্জি ট্ৰফী, ছৈয়দ মুস্তাক আলী টি-২০ ট্ৰফী আৰু বিজয় হাজাৰে এদিনীয়া ট্ৰফীত বংগৰ হৈ ধাৰাবাহিকভাৱে সুন্দৰ বলিঙেৰে টীম ইণ্ডিয়ালৈ প্ৰত্যাৱৰ্তনৰ বাট মুকলি কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে ২৩ জানুৱাৰীৰ পৰা খেলিবলগীয়া ৫খন মেচৰ টি-২০ শৃংখলাৰ বাবেও ছামীক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। দীৰ্ঘদিনীয়া বিৰত পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ছন্দ ঘূৰাই পোৱাত টি-২০ শৃংখলাটোৱে তেওঁক সহায় কৰিব।
 
মুম্বাইস্থিত বিচিচিআইৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত দল ঘোষণাৰ সময়ত মুখ্য নিৰ্বাচক অজিত আগৰকাৰে কয় যে মহম্মদ ছামীৰ ক্ষেত্ৰত গুণগত মানৰ কথা ক’বই নালাগে। ‘বগা বলৰ ক্ৰিকেটত তেওঁৰ ফিটনেছক লৈ কোনো সমস্যা নাই। আমি আনকি তেওঁক অষ্ট্ৰেলিয়ালৈও লৈ যাব চেষ্টা কৰিছিলো।’ আগৰকাৰে লগতে কয়।
ৰোহিত শৰ্মাৰ নেতৃত্বত ঘোষিত চেম্পিয়নছ ট্ৰফীৰ দলটোত মহম্মদ ছামীৰ লগতে জছপ্ৰীত বুমৰাহেও স্থান পাবলৈ সক্ষম হৈছে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ শেষৰ ফালে আঘাতৰ সন্মুখীন হোৱা বুমৰাহক লৈ শেষ মুহূৰ্ত পৰ্যন্ত অনিশ্চয়তা আছিল যদিও বিচিচিআইয়ে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া আইচিচিৰ মেগা ইভেণ্টটোলৈ বুমৰাহ সুস্থ হৈ উঠিব বুলি আশা ৰাখিছে। 
 
২০২৩ৰ এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলা দলটোৰ অধিকাংশ খেলুৱৈক লৈ গঠিত ১৫ জনীয়া দলটোত নতুন মুখ হিচাপে সুযোগ লাভ কৰিছে অৰ্শ্বদ্বীপ সিং, ৱাশ্বিংটন সুন্দৰ আৰু যশস্বী জয়ছোৱালে। টি-২০ আৰু টেষ্টত চমকপ্ৰদ বেটিঙেৰে বিৰল প্ৰতিভাৰ প্ৰমাণ দিয়া বাঁওহতীয়া বেটাৰ যশস্বী প্ৰথমবাৰৰ বাবে ভাৰতীয় এদিনীয়া দললৈ আমন্ত্ৰণ লাভ কৰিছে। সহঃ অধিনায়কৰ দায়িত্ব লাভ কৰে যুৱ অপেনাৰ শুভমন গীলে।
 
ইফালে, দলটোৰ পৰা বাদ পৰে তাৰকা বেগী বলাৰ মহম্মদ ছিৰাজ। ছামীৰ অনুপস্থিতিত তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণত বুমৰাহক সংগ দিছিল যদিও প্ৰত্যাশিত প্ৰদৰ্শন দাঙি ধৰিব পৰা নাছিল।  
 
চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলঃ
 
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহঃ অধিনায়ক), বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, অৰ্শ্বদীপ সিং, যশস্বী জয়ছোৱাল, ঋষভ পণ্ট আৰু ৰবীন্দ্ৰ জাদেজা।