নতুন দিল্লী
টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত ইংলেণ্ডক ২ উইকেটত পৰাস্ত কৰিছে ভাৰতে। শনিবাৰে চেন্নাইত অনুষ্ঠিত হোৱা খেলখনত টিম ইণ্ডিয়াই এক ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে। মেচখনত তিলক বাৰ্মাই বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰে। ভাৰতৰ আৰম্ভণি দুৰ্বল আছিল। কিন্তু তিলকে দায়িত্বশীল বেটিঙেৰে দলক নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা কৰে। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেলে শক্তিশালী বলিং প্ৰদৰ্শন কৰে। এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে।
প্ৰথমে বেটিং কৰি ইংলেণ্ডে ভাৰতক জয়ী হ’বলৈ ১৬৬ ৰানৰ লক্ষ্য বান্ধি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে তিলকৰ বিস্ফোৰক বেটিঙেৰে ১৯.২ অভাৰত বিজয় লক্ষ্যত উপনীত হয়। কলকাতাত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ মেচতো ভাৰতে জয়লাভ কৰিছিল। এতিয়া দলটোৱে দ্বিতীয়খন মেচতো জয়ী হৈ পাঁচখনীয়া খেলৰ শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে।
এটা সময়ত ভাৰতীয় দলৰ উইকেট এটা এটাকৈ পতন ঘটিছিল। কিন্তু তিলকে দায়িত্বশীল বেটিঙেৰে দলক বিজয়ৰ দিশে লৈ যায়। তেওঁ ৫৫টা বলৰ সন্মুখীন হৈ অপৰাজিত ৭২ ৰান সংগ্ৰহ কৰে। তিলকে ৪ চাৰি আৰু ৫টা ছয় কোবাই। ৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৰবি বিষ্ণোই।
নিজৰ ইনিংছ আৰম্ভ কৰি দ্বিতীয় অভাৰত প্ৰথমটো উইকেট হেৰুৱাই ভাৰতে। ৬টা বলত ১২ ৰান সংগ্ৰহ কৰি আউট হয় অভিষেক শৰ্মা। তেওঁ ৩টা চাৰি কোবাই। ইয়াৰ পিছত সঞ্জু চেমচনৰ উইকেট পতন ঘটে। ৭ টা বলত ৫ ৰান সংগ্ৰহ কৰি আউট হয় চেমছন। অধিনায়ক সূৰ্য্যকুমাৰ যাদৱেও বিশেষ প্ৰদৰ্শন কৰিব নোৱাৰিলে। ১২ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় অধিনায়কজন। ইয়াৰ পিছতে হাৰ্দিক পাণ্ডিয়াৰ উইকেটৰো কম সময়ৰ ভিতৰতে পতন ঘটে। ৭ ৰান সংগ্ৰহ কৰি আউট হয় পাণ্ডিয়া।
ইংলেণ্ডৰ আৰম্ভণি দুৰ্বল আছিল। কিন্তু জোছ বাটলাৰে দলটোক প্ৰত্যাৱৰ্তন কৰোৱাই। ইংলেণ্ডে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰিছিল। বাটলাৰে ৩০টা বলৰ সন্মুখীন হৈ ৪৫ ৰান সংগ্ৰহ কৰে। তেওঁ ৩টা ছয় আৰু ২টা চাৰিটা কোবাই। ব্ৰেডেন কাৰ্ছে ৩১ ৰানৰ ইনিংছ খেলে। জেমী স্মিথে ২২ ৰান অৰিহণা যোগায়। তেওঁলোকৰ বাহিৰে দলটোৰ আন কোনো বেটছমেনে বিশেষ ৰান সংগ্ৰহ কৰিব পৰা নাছিল।
ইংলেণ্ডৰ ইনিংছত টিম ইণ্ডিয়াই মুঠ ৭ জন বলাৰ ব্যৱহাৰ কৰিছিল। বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট দখল কৰে। অৰ্শদীপ সিং, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ আৰু অভিষেক শৰ্মাই ১টাকৈ উইকেট লাভ কৰে।