নতুন দিল্লী
সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতে তৃতীয় টি-২০ত জয়লাভ কৰে। দলটোৱে ৪ খনীয়া মেচৰ শৃংখলাৰ তৃতীয়খন টি-২০ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এক চমৎকাৰ বিজয় সাব্যস্ত কৰে কৰে আৰু ১১ ৰাণত জয়লাভ কৰে। খেলখন বুধবাৰে চেঞ্চুৰিয়নৰ চুপাৰস্পৰ্ট পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।
টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰি ভাৰতীয় দলে প্ৰটিয়াছক ২২০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। তিলক বাৰ্মাই এটা বিস্ফোৰক শতক অৰ্জন কৰে। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৭ টা উইকেট হেৰুৱাই মাত্ৰ ২০৮ ৰাণত সীমাবদ্ধ থাকে। এই জয়ৰ লগে লগে ভাৰতীয় দলটোৱে শৃংখলাটোত ২-১ ৰ অগ্ৰগতি লাভ কৰিছে। চূড়ান্ত খেলখন শুকুৰবাৰে (১৫ নৱেম্বৰ) জোহান্সবাৰ্গত অনুষ্ঠিত হ’ব।
আফ্ৰিকাৰ হৈ মাৰ্কো জেনছেনে ১৭ টা বলত ৫৪ ৰাণৰ সৰ্বাধিক ইনিংছ খেলে। জেনছেনে মাত্ৰ ১৬ টা বলত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা দ্বিতীয়গৰাকী দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰত পৰিণত হয়। কুইন্টন ডি ককে ২০২৩ চনৰ মাৰ্চ মাহত চেঞ্চুৰিয়নত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মাত্ৰ ১৫ টা বলত দক্ষিণ আফ্ৰিকাৰ হৈ দ্ৰুততম অৰ্ধশতক অৰ্জনৰ অভিলেখ গঢ়ি থৈছে। চলিত খেলখনত হেনৰিক ক্লাছেনে ২২ টা বলত ৪১ ৰাণ সংগ্ৰহ কৰে।
ভাৰতীয় দলে শক্তিশালী বলিং প্ৰদৰ্শন কৰে। অৰ্শদীপ সিঙে ৩ টা আৰু বৰুণ চক্ৰৱৰ্তীয়ে ২ টা উইকেট দখল কৰে। ইফালে, হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে প্ৰত্যেকেই ১টাকৈ সফলতা অৰ্জন কৰে। বৰুণে ৪ অভাৰত ৫৪ ৰাণ আৰু পাণ্ডিয়াই ৫০ ৰাণ খৰছ কৰে।
ভাৰতীয় দলটোৰ আৰম্ভণি অতি দুৰ্বল আছিল। খেলখনৰ দ্বিতীয় বলত দলটোৱে তেওঁলোকৰ প্ৰথম উইকেট হেৰুৱাইছিল। সঞ্জু চেমছনে কোনো ৰাণ সংগ্ৰহ নকৰাকৈ পেভিলিয়নমুখী হয়। তাৰ পিছত, অভিষেক শৰ্মা আৰু তিলক বাৰ্মাই দলটোক উদ্ধাৰ কৰিবলৈ ৫২ টা বলত ১০৭ ৰাণৰ শক্তিশালী অংশীদাৰীত্ব গঢ়ি তোলে।
অভিষেকে ২৪ টা বলত অৰ্ধশতক অৰ্জন কৰে। তাৰ পিছত তেওঁ ৫০ ৰাণত উপনীত হোৱাৰ পিছত পৰৱৰ্তী বলটোত কেশৱ মহাৰাজৰ হাতত উইকেট বিসৰ্জন দিয়ে। ইয়াৰ পিছতে তিলকে আক্ৰমণাত্মকভাৱে খেলে আৰু তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰত প্ৰথমটো শতক অৰ্জন কৰে। তেওঁ মাত্ৰ ৫১ টা বলত এই শতক অৰ্জন কৰে। তিলক টি-২০ত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাবে অভিলেখ গঢ়িছে।
২২ বছৰীয়া তিলকে ৫৬ টা বলত ১০৭ ৰাণৰ অপৰাজিত ইনিংছ খেলে। তেওঁৰ ইনিংছত, তেওঁ ৭ টা ছয় আৰু 8 টা চাৰি কোবাই। প্ৰথমখন মেচ খেলা নৱাগত ৰমনদীপ সিঙে ৬ টা বলত ১৫ ৰাণ সংগ্ৰহ কৰে আৰু ৰাণ আউট হয়। ফলস্বৰূপে, ভাৰতীয় দলটোৱে ৬ টা উইকেটত ২১৯ ৰাণ সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ কেশৱ মহাৰাজ আৰু এণ্ডিল চিমেলেনে ২টাকৈ উইকেট দখল কৰে।