ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াই ২০১৩ত মহেন্দ্ৰ সিং ধোনীৰ নেতত্বত অন্তিমবাৰৰ বাবে আইচিচি চেম্পিয়নছ ট্ৰফী জয় কৰিছিল। তেতিয়াৰ পৰা ১৪০ কোটি জনতাৰ দেশ ভাৰতে আইচিচি এদিনীয়া ট্ৰফীৰ অপেক্ষাত আছিল। কিন্তু ডুবাইত দেওবাৰৰ নিশা কোটি কোটি ভাৰতীয়ৰ অপেক্ষা আৰু উৎকণ্ঠাৰ অন্ত পেলাই ভাৰতে তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে।#WATCH | Maharashtra: A large number of team India fans celebrate in Pune after India wins #iccchampionstrophy2025 pic.twitter.com/T27B2SnGbB
— ANI (@ANI) March 9, 2025
One Team
— BCCI (@BCCI) March 9, 2025
One Dream
One Emotion!
🇮🇳🇮🇳🇮🇳#TeamIndia pic.twitter.com/MbqZi9VGoG
ডুবাইত দেওবাৰে নিশা অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত ৰোহিত শৰ্মা বাহিনীয়ে শক্তিশালী নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি ইতিহাস ৰচে। ২৫২ ৰানৰ লক্ষ্যৰ পিছ লৈ দলটোৱে ৬টা বল বাকী থকা অৱস্থাত বহু আকাংক্ষিত জয়ৰ সোৱাদ লাভ কৰে। অধিনায়ক ৰোহিতে ৭৬, শ্ৰেয়াছ আয়াৰে ৪৮, শুভমন গীলে ৩১, অক্ষৰ পেটেলে ২৯, লোকেশ ৰাহুলে ৩৪ (অপঃ), হাৰ্দিক পাণ্ডিয়াই ১৮ ৰান সংগ্ৰহ কৰি ভাৰতৰ জয় সুনিশ্চিত কৰে। অৱশ্যে আজি ভাৰতৰ বহু জয়ৰ নায়ক ছুপাৰষ্টাৰ বিৰাট কোহলি মাত্ৰ ১ ৰানত আউট হয়।
ইয়াৰ পূৰ্বে নিউজীলেণ্ডে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২৫১ ৰানৰ সন্মানজনক স্ক'ৰ থিয় কৰায়। দলটোৰ হৈ ডাৰেল মিচেলে ৬৩ আৰু মাইকেল ব্ৰেচৱেলে অপৰাজিতভাৱে ৫৩ ৰানৰ দায়িত্বপূৰ্ণ ইনিংছ খেলে। ভাৰতৰ হৈ স্পিন তাৰকা বৰুণ চক্ৰৱৰ্তীয়ে ৪৫ আৰু কুলদ্বীপ যাদৱে ৪০ ৰানৰ বিনিময়ত ২টাকৈ উইকেট দখল কৰে। মহম্মদ ছামী আৰু ৰবীন্দ্ৰ জাদেজাই ১টাকৈ উইকেট পায়।2024 💙💙 2025
— BCCI (@BCCI) March 9, 2025
CHAMPIONS! #TeamIndia pic.twitter.com/HPaXTY4Nnk