আইপিএলঃ গুৱাহাটীত ৰাজস্থানৰ বিৰুদ্ধে যুঁজিবলৈ আহিব শ্বাহৰুখ খানৰ কলকাতা নাইট ৰাইডাৰ্ছ

Story by  atv | Posted by  [email protected] • 3 d ago
আইপিএলৰ মেচৰ সময়ত খেলপথাৰত কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী শ্বাহৰুখ খান
আইপিএলৰ মেচৰ সময়ত খেলপথাৰত কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী শ্বাহৰুখ খান
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান মালিকানাধীন কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ বুলিলেই ক্ৰিকেটপ্ৰেমীৰ মনত এক সুকীয়া উত্‍কণ্ঠা বিৰাজ কৰে। তিনিবাৰৰ চেম্পিয়ন দলটোৰ প্ৰতি ক্ৰিকেট অনুৰাগীৰ আছে বিশেষ আৱেগ আৰু অনুভূতি। আইপিএলৰ প্ৰতিখন মেচতে ষ্টেডিয়ামত দেখা যায় কেকেআৰ (KKR)ৰ অনুৰাগীৰ আৱেগ আৰু অনুৰাগ। দলটোৰ প্ৰতিখন মেচ তেওঁলোকে উছৱৰ দৰে উদযাপন কৰে। 
 
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামো ব্যতিক্ৰম হোৱা নাছিল। ২০২৪ৰ ১৯ মে'ত বৰ্ষাপাৰাত আইপিএলৰ লীগ পৰ্যায়ৰ অন্তিমখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে যুঁজ দিবলৈ আহিছিল শ্বাহৰুখৰ কেকেআৰ। ঘৰৰ ল'ৰা ৰিয়ান পৰাগ সেই মেচৰ মধ্যমণি আছিল যদিও ষ্টেডিয়ামত ভিৰ কৰিছিল কেকেআৰৰ অজস্ৰ অনুৰাগী। কিন্তু নেৰানেপেৰা বৰষুণে নিৰাশ কৰিছিল গুৱাহাটীৰ দৰ্শকক। এটাও বল নপৰাকৈ পৰিত্যক্ত হৈছিল ৰাজস্থান-কলকাতাৰ বহুপ্ৰত্যাশিত মেচ। 
 
গুৱাহাটী তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত থকা কেকেআৰৰ অনুৰাগীৰ বাবে আহিছে আন এক সুযোগ। অহা ২৬ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰাত যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে সঞ্জু ছেমছনৰ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলপথাৰত নামিব। ২২ মাৰ্চত কলকাতাৰ ঘৰুৱা গ্ৰাউণ্ডত আৰচিবিৰ বিৰুদ্ধে আইপিএলৰ উদ্বোধনী মেচ খেলাৰ পিছতে দ্বিতীয়খন মেচৰ বাবে গুৱাহাটীলৈ ৰাওনা হ'ব কেকেআৰ। 
 
আইপিএল-২০২৪ৰ ট্ৰফীৰ সৈতে কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী শ্বাহৰুখ খান
 
ইয়াৰ পিছত ৩০ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ'ব আন এখন হাই-প্ৰফাইল মেচ। মহেন্দ্ৰ সিং ধোনীৰ ৫ বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচখন গুৱাহাটীৰ ক্ৰিকেট অনুৰাগীৰ আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। কাৰণ, কেকেআৰৰ সমান্তৰালকৈ দেশৰ সকলো প্ৰান্ততে চিএছকেৰো আছে বৃহত্‍সংখ্যক ফেন-ফল'ৱাৰ। প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহিবলগীয়া ধোনীৰ দলটোক ওচৰৰ পৰা চাবলৈ বৰ্ষাপাৰা ষ্টেডিয়াম হাউছ-ফুল হোৱাটো একপ্ৰকাৰ নিশ্চিত। 
 
উল্লেখ্য যে, বিচিচিআইয়ে দেওবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ চূড়ান্ত সূচী ঘোষণা কৰে। এই অনুসৰি, অহা ২২ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে খেলিব। একেদৰে, ২৫ মে’ত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আইপিএল-২০২৫ৰ ফাইনেল।
ভাৰতৰ ১৩টা ভেন্যুত মুঠ ৭৪খন খেল অনুষ্ঠিত হ’ব বুলি বিচিচিআইয়ে ঘোষণা কৰিছে। যোৱা বছৰৰ ৰানাৰ্ছ-আপ দল ছানৰাইজাৰ্ছ হায়দৰাবাদে ২৩ মাৰ্চত হায়দৰাবাদত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব।
 
দহটা দলৰ ১০খন ঘৰুৱা চহৰৰ উপৰি এইবাৰৰ আইপিএল মেচ অনুষ্ঠিত হ'ব বিশাখাপট্টনম, গুৱাহাটী আৰু ধৰ্মশালাত। দিল্লী কেপিটেলছ, পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছে ঘৰুৱা খেলৰ কিছু অংশ এই কেইখন স্থানত খেলিব। ১৮ মে’ত লীগ পৰ্যায়ৰ অন্ত পৰিব আৰু প্লে অফ মেচসমূহ আয়োজন কৰিব হায়দৰাবাদ আৰু কলকাতাই। কোৱালিফায়াৰ ১ আৰু এলিমিনেটৰ হায়দৰাবাদত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোৱালিফায়াৰ ২ আৰু ফাইনেল খেল কলকাতাত অনুষ্ঠিত হ’ব।