বিআইটিএছ অ’পেন স্প’ৰ্টছ মিটত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছোৱালী বাস্কেটবল দলৰ খিতাপ

Story by  atv | Posted by  [email protected] • 10 d ago
বিআইটিএছ অ’পেন স্প’ৰ্টছ মিটত খিতাপ জয় কৰা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছোৱালী বাস্কেটবল দলটোক সম্বৰ্ধনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ
বিআইটিএছ অ’পেন স্প’ৰ্টছ মিটত খিতাপ জয় কৰা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছোৱালী বাস্কেটবল দলটোক সম্বৰ্ধনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

আৱাজ দ্য ভইচ / দিল্লী
 
জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছোৱালী বাস্কেটবল দলে ‘বিআইটিএছ অ’পেন স্প’ৰ্টছ মিট-২০২৪’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ বিৰলা ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড ছায়েন্স (বিআইটিএছ), পিলানীৰ উদ্যোগত অনুষ্ঠিত এই সন্মানীয় প্ৰতিযোগিতাত মুঠ ১৪টা দলে অংশগ্ৰহণ কৰে।
 
চূড়ান্ত খেলখনত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছোৱালী বাস্কেটবল দলটোৱে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই দিল্লী বিশ্ববিদ্যালয়ৰ গাৰ্গী কলেজৰ দলক পৰাস্ত কৰি চেম্পিয়নৰ গৌৰৱ অৰ্জন কৰে। সমগ্ৰ প্ৰতিযোগিতাখনতে জেএমআইৰ খেলুৱৈসকলে উৎকৃষ্ট ক্ৰীড়া আৰু দলীয় সংহতি প্ৰদৰ্শন কৰি প্ৰতিদ্বন্দ্বীসকলক কঠিন প্ৰত্যাহ্বান জনাবলৈ সক্ষম হয়। 
 
 
জে এম আইৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক মহম্মদ ছাকিলে এই অনন্য কৃতিত্বৰ বাবে দলটোক অভিনন্দন জনায়। তেওঁ খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ শলাগ লয়। তেওঁ দলটোক ভৱিষ্যতৰ সকলো প্ৰচেষ্টাত অধিক সফলতাৰ বাবেও শুভকামনা জনায়।