মালিক আছগৰ হাছমী / নতুন দিল্লী
কেৰালাৰ মাল্লাপুৰমৰ ১২ বছৰীয়া প্ৰতিভাৱান ফুটবলাৰ মহম্মদ ৰাজিন পি (Mohammed Razin P) বিশ্বৰ অন্যতম বৃহৎ আৰু ধনী ফুটবল ক্লাব ছৌদি আৰৱৰ আল নাছৰ ফুটবল ক্লাব (Al Nassr Football Club)ৰ হৈ খেলিবৰ বাবে নিৰ্বাচিত হৈছে, যিটো ক্লাবৰ হৈ ছুপাৰষ্টাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে খেলে।
এই কথা ঘোষণা কৰিছে দেশৰ প্ৰখ্যাত ফুটবল ক্লাব মিনাৰ্ভা একাডেমী ফুটবল এণ্ড ক্ৰিকেট ক্লাবৰ স্বত্বাধিকাৰী ৰঞ্জিত বাজাজে। তেওঁ লিখিছে, “মল্লপুৰাম আৰু দেৱতাৰ নিজৰ দেশ কেৰালাৰ সন্তান মহম্মদ ৰাজিন পিক ছৌদি আৰৱৰ আল নাছৰ ফুটবল ক্লাবে তেওঁলোকৰ জুনিয়ৰ দলৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁৰ এই সাফল্যই প্ৰমাণ কৰিছে যে যদি আপুনি আপোনাৰ সপোনক অনুসৰণ কৰে আৰু কঠোৰ পৰিশ্ৰম কৰে, তেন্তে আকাশখনেই আপোনাৰ শেষ সীমা। ৰাজিনে মই অভিনন্দন জ্ঞাপন কৰিছো। আশা কৰিছো তেওঁ আমাক আৰু অধিক গৌৰৱান্বিত কৰিব।”
ৰঞ্জিত বাজাজে কয়, “মহম্মদ ৰাজিন আজি নিজৰ পৰিয়ালৰ বাবে বিশেষকৈ এই দিনটোৰ বাবে ইমান কষ্ট কৰা দেউতাকৰ বাবে যথেষ্ট সুখী আৰু গৌৰৱান্বিত।”
উল্লেখ্য যে, ২০১২ চনত চৌদি আৰৱত জন্মগ্ৰহণ কৰা ৰাজিন এই দলৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ফুটবলাৰ হিচাপে পৰিগণিত হৈছে। আল নাছৰ ক্লাবে মহম্মদ ৰাজিনক যথেষ্ট পৰিমাণৰ ধন দিয়াৰ লগতে তেওঁক থকা-খোৱাৰ ব্যৱস্থা, প্ৰশিক্ষণ, শিক্ষাৰ দৰে সকলো মৌলিক সুবিধা প্ৰদান কৰিব।
ৰাজিন ১৪ বছৰ অনুৰ্ধ কেৰালা দলৰ গ’লৰক্ষক আছিল আৰু মিনাৰ্ভা একাডেমী ফুটবল আৰু ক্ৰিকেট ক্লাবৰ হৈ খেলিছিল। ৰাজিনৰ প্ৰতিভা চিনাক্ত কৰিছিল মিনাৰ্ভা একাডেমী ফুটবল এণ্ড ক্ৰিকেট ক্লাবৰ স্বত্বাধিকাৰী ৰঞ্জিত বাজাজে। ৰাজিনক ছৌদি আৰৱৰ আগশাৰীৰ ক্লাবটোৱে চুক্তিবদ্ধ কৰা সন্দৰ্ভত তেওঁ কয়-"মিনাৰ্ভা ফুটবল ক্লাবে প্ৰতি বছৰে দেশৰ চুক-কোণে প্ৰতিভাৱান খেলুৱৈ বিচাৰি উলিয়াই আৰু তেওঁলোকক গঢ় দিবলৈ এক অভিলাসী অভিযান চলায়। ২০০২২ চনত তেওঁ আৰু তেওঁৰ ক্লাবৰ প্ৰশিক্ষক হুছেইন এই উদ্দেশ্যৰে কেৰালাৰ মাল্লাপুৰমলৈ গৈছিল। তেতিয়া তেওঁলোকে মহম্মদ ৰাজিন নামৰ এই হীৰাটোৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছিল।"
মহম্মদ ৰাজিন পি
প্ৰাক্তন খেলুৱৈ ৰঞ্জিত বাজাজে ২০০৫ চনত প্ৰতিষ্ঠা কৰা মিনাৰ্ভা একাডেমী ফুটবল এণ্ড ক্ৰিকেট ক্লাবটো ছুপাৰ লীগ অৱ ফুটবলৰ অংশ আৰু ইয়াক ‘টেলেণ্ট মেচিন’ বুলিও জনা যায়।
অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ৱেবছাইট অনুসৰি তেতিয়া মল্লপুৰমৰ এই শিশুটোৱে কেৰালা ফুটবল এছ’চিয়েশ্যনত পঞ্জীয়নভুক্ত গোকুলাম কেৰালা ফুটবল ক্লাবৰ গ’লৰক্ষক হিচাপে খেলিছিল। কিন্তু, মিৰ্নাভা ক্লাবৰ স্বত্বাধিকাৰী ৰঞ্জিত বাজাজে ৰাজিনৰ প্ৰতিভাক চিনাক্ত কৰে আৰু তেওঁক প্ৰায় দুবছৰৰ ভিতৰত মিনাৰ্ভাৰ হৈ গুৰুত্বপূৰ্ণ মেচ খেলিবলৈ আৰম্ভ কৰিছিল।
মন কৰিবলগীয়া যে প্ৰায় ছমাহ পূৰ্বে ৰাজিনে ছৌদি আৰৱৰ ফুটবল ক্লাব আল নাছৰৰ ১৪ বছৰ অনুৰ্ধৰ জুনিয়ৰ দল নিৰ্বাচনৰ বাবে ট্ৰাইলত অংশগ্ৰহণ কৰিছিল।
এই সফলতাত মহম্মদ ৰাজিন পি অতিশয় সুখী। তেওঁ কয় যে ৰোনাল্ডোৰ দৰে ‘ফুটবলৰ ভগৱান’ক নিবিড়ভাৱে দেখাটো তেওঁৰ এক দীৰ্ঘদিনীয়া সপোন আছিল। এতিয়া তেওঁ ৰোণাল্ডোক কেৱল ওচৰৰ পৰা চাব পৰাই নহয়, তেওঁৰ পৰা শিকিবলৈ আৰু তেওঁৰ সৈতে খেলিবলৈও সুযোগ পাব।" আল নাছৰৰ বাবে নিৰ্বাচিত হোৱাৰ লগে লগে মহম্মদ ৰাজিন পি ছৌদি আৰবলৈ ৰাওনা হৈছে। ৰাজিন মাল্লাপুৰমত থাকে যদিও তেওঁ ছৌদি আৰৱত জন্ম গ্ৰহণ কৰিছিল। কৰ্মসূত্ৰে তেওঁৰ পিতৃ ছৌদি আৰৱত থাকে।
ফুটবলাৰ ধীৰাজ ধ্ৰুৱে কয় যে আমাৰ দেশৰ খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে উপযুক্ত নহয় বুলি এটা ভুল ধাৰণা আছে। সেইবাবেই তেওঁলোকে বিদেশত পেছাদাৰী ফুটবল খেলিব পৰা নাই। আল নাছৰ ক্লাবৰ বাবে মহম্মদ ৰাজিন পিৰ নিৰ্বাচনে এই ভুল ধাৰণাক ভংগ কৰে। ৰঞ্জিত বাজাজৰ এই কথাতো তেওঁ একমত যে যদি প্ৰতিভাক সময়ত স্বীকৃতি আৰু লালন-পালন কৰা হয়, তেন্তে আমাৰ দেশৰ খেলুৱৈয়ে যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰে।
আল নাছৰ ফুটবল ক্লাব হৈছে ছৌদি আৰৱৰ এটা সফল ফুটবল ক্লাব, যিটো ক্লাব ১৯৫৫ চনত আল জাবা ভাতৃদ্বয়ে প্ৰতিষ্ঠা কৰিছিল। এই ক্লাবে ঘৰুৱা মেচসমূহ আল-আৱাল পাৰ্কত খেলে। ক্লাবৰ জাৰ্চিৰ ৰং হালধীয়া আৰু নীলা।
আল নাছৰে ঘৰুৱা পৰ্যায়ত ৯টা প্ৰ’ লীগ খিতাপ, ছটা কিংছ কাপ, তিনিটা ক্রাউন প্ৰিন্স কাপ, তিনিটা ফেডাৰেচন কাপ, আৰু দুটা ছৌদি ছুপাৰ কাপ জয় কৰিবলৈ সক্ষম হৈছে। ১৯৯৮ চনত আল নাছৰে Asian Cup Winners Cup আৰু এছিয়ান ছুপাৰ কাপ উভয়তে খিতাপ জয় কৰিছিল।