মনু ভাকেৰ, ডি গুকেশ, হৰমনপ্ৰীত সিং আৰু প্ৰবীণ কুমাৰলৈ খেলৰত্ন বঁটা

Story by  atv | Posted by  Munni Begum • 2 d ago
মনু ভাকেৰ, ডি গুকেশ, হৰমনপ্ৰীত সিং আৰু প্ৰবীণ কুমাৰ
মনু ভাকেৰ, ডি গুকেশ, হৰমনপ্ৰীত সিং আৰু প্ৰবীণ কুমাৰ
 
নতুন দিল্লী 
 
১৭ জানুৱাৰীত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে সন্মানিত হ’বলগীয়া চাৰিগৰাকী খেলুৱৈৰ ভিতৰত  অন্যতম দুগৰাকী হৈছে ডাবল অলিম্পিকৰ পদক বিজয়ী মনু ভাকেৰ আৰু বিশ্ব দবা চেম্পিয়ন ডি গুকেশ। ২ জানুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে ক্ৰীড়া মন্ত্ৰালয়ে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্নৰ বাবে মনোনীতসকলৰ তালিকা প্ৰকাশ কৰি এই কথা ঘোষণা কৰিছে।
 
ভাৰতৰ পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু পেৰালিম্পিয়ান প্ৰবীণ কুমাৰেও অহা ১৭ জানুৱাৰীত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত বিশেষভাৱে আয়োজিত এক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ পৰা খেল ৰত্ন বঁটা লাভ কৰিব। 
 
মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, সমিতিৰ পৰামৰ্শৰ ভিত্তিত আৰু উপযুক্ত নিৰীক্ষণৰ অন্তত চৰকাৰে তলত উল্লেখ কৰা খেলুৱৈ, প্ৰশিক্ষক, বিশ্ববিদ্যালয় আৰু ব্যক্তিত্বক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।
 
ক্ৰীড়া মন্ত্ৰালয়ে ১৭ জানুৱাৰীত খেলৰত্ন, অৰ্জুন আৰু দ্ৰোনাচাৰ্য বঁটা প্ৰদান কৰা খেলুৱৈৰ তালিকা ঘোষণা কৰিছে। ৪ গৰাকীক খেলৰত্ন বঁটা প্ৰদান কৰাৰ বিপৰীতে ৩২ গৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা আৰু তিনিজন প্ৰশিক্ষকৰ বাবে দ্ৰোনাচাৰ্য বঁটা প্ৰদান কৰিব। 
 
সন্মানীয় খেলৰত্ন বঁটাৰ বাবে মনোনীত তালিকাৰ পৰা মনু ভাকেৰ বাদ পৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। শ্বুটাৰগৰাকীৰ পিতৃ তথা প্ৰশিক্ষক জছপাল ৰাণাই এই তদাৰকীক লৈ হতাশা প্ৰকাশ কৰি অলিম্পিক বৰ্ষত লাভ কৰা কৃতিত্বৰ পিছত তেওঁক মনোনীত নকৰাৰ বাবে ক্ৰীড়া কৰ্তৃপক্ষক সমালোচনা কৰিছিল। আনকি মনুৰ পিতৃ ৰাম কিষাণ ভাকেৰে মন্তব্য কৰিছে যে, তেওঁ নিজৰ কন্যাক শ্বুটাৰৰ সলনি ক্ৰিকেটাৰ কৰি তুলিব লাগিছিল।  
 
অৱশ্যে মনু ভাকেৰে এক বিবৃতিযোগে এই বিতৰ্কক সম্বোধন কৰি স্পষ্ট কৰি দিয়ে যে, তেওঁ বঁটাৰ প্ৰতি চিন্তিত নহয় আৰু দেশৰ বাবে অধিক বঁটা লাভ কৰাত মনোনিৱেশ কৰি আছে। তেওঁ মনোনয়ন প্ৰক্ৰিয়াত সম্ভাৱ্য তদাৰকীৰ কথা স্বীকাৰ কৰিছে। 
 
মনুয়ে ইনষ্টাগ্ৰামত এটা পোষ্টত এইদৰে কয়, "মৰ্যাদাপূৰ্ণ খেলৰত্ন বঁটাৰ বাবে মোৰ মনোনয়নৰ সৈতে চলি থকা বিষয়টোৰ সন্দৰ্ভত মই ক'ব বিচাৰিছো যে, এজন খেলুৱৈ হিচাপে মোৰ ভূমিকা হৈছে মোৰ দেশৰ হৈ খেলা আৰু প্ৰদৰ্শন কৰা। মই বিশ্বাস কৰোঁ যে, মনোনয়নৰ বাবে দাখিল কৰাৰ সময়ত সম্ভৱতঃ মোৰ ফালৰ পৰা কিবা ভূল হৈছে, যিটো শুধৰণি কৰা হৈছে।" 
 
উল্লেখ্য যে, মনু ভাকেৰে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টল আৰু ১০ মিটাৰ পিষ্টল মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি স্বাধীনতাৰ পিছত গেমছৰ একক সংস্কৰণত একাধিক পদক লাভ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। আনহাতে ডি গুকেশে ডিচেম্বৰ মাহত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি দবাত কনিষ্ঠতম বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হয়। হৰমনপ্ৰীত সিঙে চলিত বৰ্ষৰ আৰম্ভণিতে পুৰুষৰ হকীত ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিক ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। পেৰিছ অলিম্পিকৰ হাই জাম্প টি ৬৪ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে প্ৰবীণ কুমাৰে।
 
বঁটা বিজয়ীৰ সম্পূৰ্ণ তালিকা - ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ২০২৪
 
মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা: 
 
শ্ৰী গুকেশ ডি - দবা
শ্ৰী হৰমনপ্ৰীত সিং - হকী
শ্ৰী প্ৰবীণ কুমাৰ - পেৰা-এথলেটিকছ
শ্ৰীমতী মনু ভাকেৰ - শ্বুটিং
 
অৰ্জুন বঁটা
 
শ্ৰীমতী জ্যোতি য়াৰৰাজী - এথলেটিকছ
শ্ৰীমতী অনু ৰাণী - এথলেটিকছ
শ্ৰীমতী নিতু - বক্সিং
শ্ৰীমতী সাৱিতী - বক্সিং
শ্ৰীমতী বন্তিকা আগৰৱালা - দবা
শ্ৰীমতী ছালিমা টেটে - হকী
শ্ৰী অভিষেক - হকী
শ্ৰী সঞ্জয় - হকী
শ্ৰী জৰ্মানপ্ৰীত সিং - হকী
শ্ৰী সুখজীত সিং - হকী
শ্ৰী ৰাকেশ কুমাৰ - পেৰা-আৰ্চাৰী
শ্ৰীমতী প্ৰীতি পাল - পেৰা-এথলেটিকছ
শ্ৰীমতী জীৱনজী দীপ্তি - পেৰা-এথলেটিকছ
শ্ৰী অজিত সিং - পেৰা-এথলেটিকছ
শ্ৰী শচীন সৰ্জেৰাও খিলাৰী - পেৰা-এথলেটিকছ
শ্ৰী ধৰম্বীৰ - পেৰা-এথলেটিকছ
শ্ৰী প্ৰণৱ সূৰমা - পেৰা-এথলেটিকছ
শ্ৰী এইচ হোকাটো ছেমা - পেৰা-এথলেটিকছ
শ্ৰীমতী ছিমৰান - পেৰা-এথলেটিকছ
শ্ৰী নৱদীপ - পেৰা-এথলেটিকছ
শ্ৰী নিতেশ কুমাৰ - পেৰা-বেডমিণ্টন
শ্ৰীমতী থুলাচিমাথি মুৰুগেছান - পেৰা-বেডমিণ্টন
শ্ৰীমতী নিথ্যা শ্রে সুমাথি শিৱন - পেৰা-বেডমিণ্টন
শ্ৰীমতী মনীষা ৰমাদাস - পেৰা-বেডমিণ্টন
শ্ৰী কপিল পৰমাৰ - পাৰা-জুডো
শ্ৰীমতী মোনা আগৰৱালা - পেৰা-শ্বুটিং
শ্ৰীমতী ৰুবিনা ফ্ৰান্সিছ - পেৰা-শ্বুটিং
শ্ৰী স্বপ্নিল সুৰেশ কুছালে - শ্বুটিং
শ্ৰী সৰাবজোত সিং - শ্বুটিং
শ্ৰী অভয় সিং - স্কোয়াছ
শ্ৰী সাজন প্ৰকাশ - সাঁতোৰ
শ্ৰী অমন - মল্লযুঁজ

অৰ্জুন বঁটা (জীৱনজোৰা)
 
শ্ৰী সুচা সিং - এথলেটিকছ
শ্ৰী মুৰ্লিকান্ত ৰাজাৰাম পেটকাৰ - পেৰা-ছুইমিং

অসাধাৰণ প্ৰশিক্ষকৰ বাবে দ্ৰোনাচাৰ্য বঁটা
 
শ্ৰী সুভাষ ৰাণা - পেৰা-শ্বুটিং
শ্ৰীমতী দীপালি দেশপাণ্ডে - শ্বুটিং
শ্ৰী সন্দীপ সাংৱান - হকী

জীৱনজোৰা শ্ৰেণী
 
শ্ৰী এছ মুৰালিধৰণ - বেডমিণ্টন
শ্ৰী আৰ্মাণ্ডো এগনেলো কোলাকো - ফুটবল