বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৮ উইকেটত জয়ী কলকাতা নাইট ৰাইডাৰ্ছ

Story by  atv | Posted by  [email protected] • 3 d ago
বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৮ উইকেটত জয়ী কলকাতা নাইট ৰাইডাৰ্ছ
বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৮ উইকেটত জয়ী কলকাতা নাইট ৰাইডাৰ্ছ
 
গুৱাহাটী
 
বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ষষ্ঠখন আই পি এল মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৮ উইকেটত পৰাজয়বৰণ কৰে ৰাজস্থান ৰয়েলছে।
 
ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ এয়া ক্ৰমাগত দ্বিতীয়টো পৰাজয়৷ অনুৰাগীৰ উৎসাহ-সমৰ্থকৰ আশাত চেঁচাপানী ঢালে ৰাজস্থান ৰয়েলছৰ প্ৰথম তিনিখন মেচৰ অধিনায়ক ৰিয়ান পৰাগে৷
 
এই মেচখনত টছত পৰাস্ত হোৱাৰ পিছত প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজলৈ অহা ৰাজস্থান ৰয়েলছে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৫১ ৰাণ। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে ১৭.৩ অভাৰত দুটা উইকেট হেৰুৱাই ১৫৩ ৰাণ সংগ্ৰহ কৰি আই পি এলৰ চলিত চিজনত প্ৰথমটো জয়ৰ সোৱাদ লয়।
 
ৰাজস্থানে বান্ধি দিয়া ১৫২ ৰাণৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা কুইণ্টন ডি ককৰ বেটিং ধুমুহাত দিশহাৰা হৈ পৰে প্ৰতিপক্ষৰ বলাৰসকল। ডি ককৰ অৰ্ধশতকীয় ইনিংছটোৱে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ক্ৰিকেটাৰগৰাকীয়ে ৫ টা চাৰি আৰু ৩ টা ছয়ৰ সহায়ত ৩৬ টা বলত সম্পূৰ্ণ কৰে অৰ্ধশতক। তদুপৰি মুঠ ৮ টা চাৰি আৰু ৭ টা ছয়ৰ সহায়ত ৬১ টা বলত ৯৭ ৰাণৰ অপৰাজিত ইনিংছ খেলে।
 
কুইণ্টন ডি ককৰ উপৰিও কে কে আৰৰ হৈ ইমপেক্ট প্লেয়াৰ হিচাপে অহা অংকৃশ ৰঘুবংশীয়েও ভাল ইনিংছ খেলি দলটোক জয়ী কৰাত সহায় কৰে। ৰঘুবংশীয়ে দুটা চাৰিৰ সহায়ত ১৭ টা বলত ২২ ৰাণৰ অপৰাজিত ইনিংছ খেলি ডি ককৰ লগতে কলকাতাক জয়ৰ দিশে আগুৱাই লৈ যায়।
 
কে কে আৰৰ হৈ অধিনায়ক অজিংক্য ৰাহানেও ১৮ ৰাণৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ হৈ ৱানিন্দু হাছাৰাংগাই এটা উইকেট দখল কৰে।
 
মেচখনত প্ৰথমে বেটিং কৰা ৰাজস্থানৰ দলটোৱে মাত্ৰ ১৫১ ৰাণহে সংগ্ৰহ কৰিছিল। ৰাজস্থানৰ হৈ ধ্ৰুৱ জুৰেলে সৰ্বাধিক ৩৩ ৰাণ সংগ্ৰহ কৰে। ৫ টা চাৰিৰ সহায়ত ২৮ টা বলত ৩৩ ৰাণৰ ইনিংছ খেলে জুৰেলে। তেওঁৰ বাহিৰেও যশস্বী জয়ছোৱালে ২৪ টা বলত দুটা ছয়ৰে ২৯ ৰাণ সংগ্ৰহ কৰে।
 
আনহাতে, ৰিয়ান পৰাগেও ১৮ টা বলত ৩ টা ছয়ৰ সহায়ত দলৰ হৈ ২৫ ৰাণৰ বৰঙণি আগবঢ়ায়। এই তিনিজনৰ বাহিৰে ৰাজস্থান ৰয়েলছৰ আন কোনো বেটছমেনে ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে।
 
কে কে আৰৰ হৈ বৈভৱ অৰোৰা, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, মইন আলীয়ে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে স্পেন্সৰ জনছনে এটা উইকেট লাভ কৰে।